ডিজিটেল ডেস্কঃ কোৱা হয় ভাৰতীয় ন্যায় ব্যৱস্থাত পলমকৈ হ’লেও ন্যায় পায় ভুক্তভোগীয়ে। এই বাক্যশাৰী পুনৰ এবাৰ সঁচা প্ৰমাণিত হ’ল৷ সুদীৰ্ঘ ৩০ বছৰৰ পিছত আদালতে শুনানী দিলে চুৰিৰ অপৰাধৰ।

বৰেলিৰ আদালতে ঘোষণা কৰে এই শাস্তিৰ৷ ১৯৮৮ চনত পাঞ্জাৱ অভিমুখে যাত্ৰা কৰা এখন ৰেলত সংঘটিত হয় এক চুৰি কাৰ্য৷ চন্দ্ৰ পাল,কানহাইয়া লাল আৰু সৰবেশ নামৰ এই তিনি চোৰে মিলি ওয়াজিদ হুছেইন নামৰ যাত্ৰীজনৰ পকেটৰ পৰা চোৰ কৰিছিল ৩৭০ টকা৷ তেতিয়াই এই ৩ জনৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ।

ইয়াৰে এগৰাকী অভিযুক্ত চন্দ্ৰ পালৰ মৃত্যু ঘটিছে ২০০৪ চনত৷ বৰেলি আদালতে অপৰাধী কেইজনক দোষী সাব্যস্ত কৰি ৫ বছৰৰ কাৰাদণ্ড দিয়াৰ লগতে ১০ হাজাৰ টকা জৰিমনা বিহিছে৷

আদালতৰ এই ৰায়দানত আনন্দিত হৈ পৰিছে ওয়াজিদ হুছেইন৷ তেওঁৰ বয়স বৰ্তমান ৫৯৷ চাকৰিৰ বাবে সাক্ষাতকাৰ দিবলৈ যাওঁতেই সংঘটিত হৈছিল এই ঘটনা৷