নতুন দিল্লীঃ দিল্লী চৰকাৰৰ পিছত এইবাৰ আৰু ৫খনকৈ ৰাজ্যই ৩মে’ৰ পিছতো লকডাউন অব্যাহত ৰাখিবলৈ কেন্দ্ৰ চৰকাৰক দাবী জনাইছে। শনিবাৰে দিল্লী চৰকাৰে ১৬ মে’লৈকে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীত লকডাউন বৃদ্ধি কৰা উচিত বুলি মন্তব্য কৰাৰ এদিন পিছতে দেওবাৰে আৰু ৫খন ৰাজ্যই একে মন্তব্য কৰা দেখা গৈছে।

লকডাউন পুনৰ বৃদ্ধি কৰিবলৈ কেন্দ্ৰক আহ্বান জনোৱা এই ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, পঞ্জাৱ আৰু ওড়িশা। ইতিমধ্যে তেলেংগানা চৰকাৰে ৭ মে’লৈকে লকডাউন বৃদ্ধি কৰিছে। অৱশ্যে গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ চৰকাৰে কেন্দ্ৰই যি নিৰ্দেশ দিয়ে সেয়াই পালন কৰিব বুলি জনাইছে।

আনহাতে, অসম, কেৰালা আৰু বিহাৰে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে আলোচনা কৰাৰ পিছত ৩ মে’ৰ পিছত কি পদক্ষেপ লোৱা হ’ব সেই সম্পৰ্কে সিদ্ধান্ত ল’বলৈ মনস্থ কৰিছে। কেৰালা চৰকাৰে পৰ্যায়ক্ৰমে ৰাজ্যখনত লকডাউন শিথিল কৰিবলৈকো প্ৰস্তুতি চলোৱা বুলি বাতৰিত প্ৰকাশ পাইছে।


►কোটি কোটি লোকৰ প্ৰাণ কাঢ়ি নিয়া এইবিধ ভাইৰাছক কিদৰে জয় কৰিছিল মানুহে? সবিশেষ জানিবলৈ তলৰ ফটোখনত ক্লিক কৰক...


ইফালে, লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰি মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে লকডাউন বৃদ্ধি নকৰিলে ৰাজ্যখনত সংক্ৰমণ আৰু বৃদ্ধি পাব। 'সোমবাৰে কেন্দ্ৰ চৰকাৰৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে বৈঠকৰ পিছত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। প্ৰয়োজন হ’লে আমি ৩ মে’ৰ পিছত পুনৰ ১৫ দিন লকডাউন বৃদ্ধি কৰিম।’-এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, শনিবাৰে ভাৰত চৰকাৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা কে ভি সুব্ৰমণিয়ামে বিবিচিৰ সৈতে হোৱা এক বাৰ্তালাপত লকডাউন ৩ মে’ৰ পিছত লগে লগে উঠাই দিয়াৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে উঠাই দিয়াৰ পোষকতা কৰিছিল। এনে পৰিপ্ৰেক্ষিতত ৩ মে’ৰ পিছত দেশত লকডাউন উঠাই দিয়া হ’ব নে ১৪ এপ্ৰিলৰ দৰেকৈ পুনৰ বৃদ্ধি কৰা হ’ব সেই সম্পৰ্কে এতিয়াই অনুমান কৰাতো সকলোৰে পক্ষে কঠিন হৈ পৰিছে।