ধিংঃ পৰম্পৰা অনুসৰি আঘোণ মাহ সোণগুটি চপোৱাৰ সময়৷ মুৰৰ ঘাম মাটিত পেলাই ৰাজ্য খনৰ কৃষকসকলে পথাৰত কঠীয়া ৰুই সপোন দেখে সোণগুটি চপোৱাৰ৷ অসমীয়া জাতিৰ বাবে আঘোণৰ গুৰুত্ব অপৰিসীম৷ আঘোণৰ পথাৰত গেঁৰ ধৰা ধান পকে। এই সময়ছোৱাত উজনি-নামনিত বিভিন্ন উৎসৱ পালন কৰি আনন্দ উলাহ কৰা দেখা যায় গ্ৰাম্য অঞ্চলৰ লোকসকলে৷ নামনি অসমৰ কোনো ধৰ্মীয় ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ নথকা ‘মহোহো’ উৎসৱ আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি পালন কৰা হয়৷

ঘৰ খনৰ পৰা মহ আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয়। গৃহস্থক নদন-বদন হ'বলৈ আশীৰ্বাদ দিয়ে। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান কাটিবলৈ আৰম্ভ কৰে। বছৰটোৰ বাৰটা মাহৰ ভিতৰত অন্যতম আঘোণৰ মাদকতা অনেক৷ কৃষকৰ সপোন, প্রকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আৰু হেমন্তৰ হিমে ধুই নিকা নিকা কৰা মাহটোৱেই হ'ল আঘোণ মাহ।

এই আঘোণ মাহতেই মানুহৰ মনবোৰ পুলকিত হয়৷ লখিমী আহি সোণালী পথাৰৰ বুকুৱে বুকুৱে সিচি থৈ যায় সোণগুটি। আঘোণক লৈ কবিয়ে লিখে কবিত৷ কৃষকৰ আশা আৰু হেঁপাহৰ আঘোণত ধানেৰে উপচি পৰে আঘোণৰ পথাৰ৷ পথাৰৰ বুকুৱে বুকুৱে, কুঁৱলীৰ বসন পিন্ধা আঘোণৰ পথাৰ খনক বতাহে গান শুনাই শুৱাই থই ৰাতি, ধান পাতে কলাফুলত বটাফুল বাচে সিহঁতৰ হাঁহিৰ খিলখিল শব্দত ডেকা চৰাইবোৰৰ গাতে নিচা লাগে।

সঁচাকৈয়ে আঘোণৰ পথাৰত দাৱনীৰ বহু কাম আছে। আঘোণৰ পথাৰত এতিয়া কাম আৰু কাম৷ হয়, অসমীয়া গ্রাম্য জীৱনৰ এই আঘোণ মাহটো বহু ব্যস্ততম মাহ। পিছে এতিয়া কিন্তু সময় পৰিবৰ্তন হল। সেই অতীতৰ আঘোণ আৰু এতিয়াৰ আঘোণৰ মাজত আছে বহু পাৰ্থক্য। কৰ্মব্যস্ত থকা পাহুৱাল ডেকাৰ ডাক এতিয়া আঘোণৰ পথাৰত অতি কম সংখ্যক হে দেখিবলৈ পোৱা যায়। তাহানি গ্রামাঞ্চলৰ ডেকাই চুবৰীয়ে চুবৰীয়ে ঘুৰি একগোট হৈ ইঘৰ-সিঘৰৰ পথাৰত ধান কাটিছিল।

কিন্তু আজি অতীত হ'ল আঘোণৰ সেই দৃশ্য। গৰু গাড়ী আছিল অবিচ্ছেদ্য অংশ স্বৰূপ। গাঁৱত গৰু গাড়ী নথকা কৃষকক একাংশই ধোদৰ পচলা বুলি কুৱা কুই কৰিছিল। কিন্তু বৰ্তমান সময়ত গৰু গাড়ীতো বহু দূৰৰ কথা বহু পথাৰত গৰুৱে ঘাঁহ খাই থকা দৃশ্যই দেখিবলৈকে নোপোৱা হৈছে। এক কথাত কবলৈ গলে-অসমীয়া জাতিৰ আজি কৰ্মৰ প্রতি অনিহা বুলি কলেওঁ ভুল নহব। পথাৰলৈ যাবলৈ লজ্জা বোধ কৰা হ'ল আজিৰ পাহুৱাল ডেকা। এসময়ত যি অসমীয়া জাতিয়ে স্বাৱলম্বি বিষয়ত অধিক গুৰুত্ব দিছিল সেয়া আজি অতীত হ’ল৷ সঁচাকৈয়ে গ্রাম্য চহা জীৱনলৈ অভাৱনীয় পৰিবৰ্তন আহিল। আঘোণৰ মাদকতা যে কি? অসমীয়া পাহুৱাল ডেকাসকলে এতিয়া বুজিব নোৱাৰা হ'ল।

বহু ডেকাই এতিয়া ঘৰত কামৰ তাড়নাত বহিঃৰাজ্যৰ তামিলনাডু, কেৰেলা, দিল্লী, মুম্বাই আদিঠাইলৈ যায়৷ তাহানিৰ এই আঘোণ মাহটোত গাঁৱত চুঙা পিঠা খোৱাৰ যি পৰম্পৰা আছিল কিন্তু বৰ্তমান খেতি খোলা বাদ দিয়াৰ পিছত সেয়াও বহুতৰে নাইকিয়া হ'ল। ইমানৰ পিছতো আজিৰ ডেকাই মানসিকতা সলনি নকৰে তেন্তে আগন্তুক দিনসমূহত অসমীয়া জাতিটোক একাংশই পৰনিৰ্ভৰশীল জাতি বুলি কবলৈ বেছি সময়ৰ প্রয়োজন নালাগিব ? যি সময়ত আঘোণৰ মাদকতা প্রায় পাহৰণিৰ দিশে, সেই সময়তে নগাঁও জিলাৰ ধিঙত ব্যতিক্ৰমী ৰূপত বড়ো নৃত্য-গীতেৰে মুখৰিত হ'ল আঘোণৰ সোণোৱালী পথাৰ।

ধিঙৰ চহৰীয়াত আঘোণৰ পহিলা সপ্তাহতেই গাঁৱৰ সকলো পুৰুষ-মহিলা, ডেকা-গাভৰু আৰু বোৱাৰী-জীয়ৰী এক জাতীয় পৰম্পৰাগত আনন্দৰে ব্যস্ত হৈ পৰিছে আঘোণৰ সোণগুটি চপোৱাত। এতিয়া এনেকুৱা দৃশ্য দেখিবলৈ পোৱা গৈছে বড়ো লোকসকলৰ মাজত। বড়োসকলৰ অতিতৰ সেই "সেন্দাৰী পাল" নিয়মেৰে আঘোণৰ সোণগুটি চপোৱাত সহায় কৰিছে গাঁওখনৰ ইজনে-সিজনক। বড়ো লোকসকলৰ কৃষি বৃত্তিক গীত-নৃত্যৰে এতিয়া মুখৰিত হৈছে আঘোণৰ সোণোৱালী পথাৰখন। এয়াই যেন চহা গাঁৱলীয়া জীৱনৰ নিভাজ প্রতিচ্ছবি প্রস্ফুটিত হৈ পৰিছে বড়ো গাঁৱত। সঁচাই, এইসকল গঞাই ইয়াতেই যেন বিছাৰি পায় জীৱনৰ ৰং।