ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঠাট্টা কৰি বিপদত পৰিল দেশৰ জনপ্ৰিয় ইউটিউব চেনেল AIB. কৌতুকৰ চেনেলটোৱে টুইটাৰত প্ৰধানমন্ত্ৰীৰ দৰে অবিকল চেহেৰাৰ ব্যক্তি এজনৰ ফটো পোষ্ট কৰি ঠাট্টা কৰিছিল৷

ইয়াৰ পিছতে বিতৰ্কত সোমাই পৰে উক্ত পোষ্টটো৷ টুইটাৰত বিষয়তো আলোচনা হোৱাৰ পিছত AIB য়ে মচি পেলাই উক্ত পষ্টটো৷ কিন্তু ইমানতে বিপদ শেষ নহ’ল কৌতুক চেনেলটোৰ। কিয়নো মুম্বাই আৰক্ষীয়ে বিষয়টো চাইবাৰ কোষৰ দ্বাৰা অনুসন্ধান কৰাব বুলি প্ৰকাশ কৰিছে৷  

আনহাতে AIB ৰ কমেডিয়ান তন্ময় ভাটে টুইটাৰত কয় যে এনেধৰণৰ ঘটনাই তেওঁলোকৰ চেনেলৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নেপেলায়৷ ইয়াৰ পূৰ্বেও উক্ত চেনেলটোৱ অশ্লীল অনুষ্ঠান প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷