গুৱাহাটীঃ যোৰহাটৰপৰা অৰুণাচললৈ ৰাওনা হোৱা বায়ুসেনাৰ বিমানখন বৰ্তমানলৈকে নিখোজ হৈ আছে৷ মঙলবাৰে পুৱাৰে পৰা অভিযান অব্যাহত আছে৷ দুখন অত্যাধুনিক MI 17 বিমান আৰু এখন এডভান্স লেণ্ডিং হেলিকপ্টাৰেৰে এই অভিযান চলাইছে। সেনা আৰু ITBPৰ জোৱান নিয়োগ কৰা হৈছে উদ্ধাৰ অভিযানত। 

এই পৰ্যন্ত নিখোজ AN32 বিমানখনৰ কোনো শুংসূত্ৰ পোৱা নাই উদ্ধাৰকাৰী দলে। চিয়াং জিলাৰ পায়ুম অঞ্চলত বিমানখন ভূপতিত হোৱা বুলি অনুমান কৰা হৈছে৷

এই পৰ্যন্ত বিমানখন ধ্বংসাৱশেষ অথবা বিমানখনত থকা পাইলট আৰু যাত্ৰীৰ সন্ধান পোৱা নাই। বিমানখনত থকা পাইলটসহ ১৩ গৰাকী যাত্ৰী নিহত হোৱাৰ আশংকা কৰা হৈছে। প্ৰতিকূল বতৰৰ বাবে লেহেমীয়া হৈছে উদ্ধাৰ অভিযান।

বিমানখনত আছিল ফ্লাইট লেফটেনেণ্ট এম গাৰ্গ, মহান্তি, তনৱাৰ, থাপা, চাৰ্জেণ্ট অনুপ, কৰ্প'ৰেল, ছাৰিন, স্কোৱাড্ৰন লীডাৰ বিনোদ, ৱাৰেণ্ট অফিচাৰ কে কে মিশ্ৰ, লীডিং এয়াৰক্ৰাফ্ট মেন পংকজ, এছ কে সিং, নন কম্বেটেণ্ট(এনৰ'ল্ড) ৰাজেশ কুমাৰ আৰু পুতলি, উইং কমাণ্ডাৰ চাৰ্লছ। 

যোৰহাটৰপৰা মেচুকা বিমানখনে ৰৰৈয়া বিমানবন্দৰৰপৰা উৰা মাৰিছিল। সোমবাৰে দুপৰীয়া ১২ বাজি ২৫ মিনিটত বিমানখনে যাত্ৰা কৰিছিল যদিও ১ বজাত বিমানখনৰে অন্তিমবাৰ যোগাযোগ হৈছিল।আনহাতে, সোমবাৰে অভিযানত ব্যৱহাৰ কৰা হৈছিল ছুখয় ৩০ কম্বেট এয়াৰক্ৰাফ্ট।