গোলাঘাটঃ  শাসনাধিস্থ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা দেশৰ জনস্বাৰ্থ তথা কৃষক বিৰোধী তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি দেশৰ কৃষক সকলে যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰা ৰাজধানী চহৰ দিল্লীৰ সীমান্তত অবিৰত ভাৱে আন্দোলন কৰি আছে। এই অবিৰত আন্দোলনে আজি ৬ মাহ সম্পূৰ্ণ কৰিছে। 

এইদিনটোতে কৃষক তথা আন গণতান্ত্ৰিক দল-সংগঠন সমূহে ক'লা দিৱস হিচাপে পালন কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীলৈ সমৰ্থন জনাই আজি সমগ্ৰ অসমৰ লগতে গোলাঘাটতো নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে ক'ভিড বিধি মানি চলি আন্দোলনৰ সমৰ্থনত বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 

এক প্ৰেছ বিবৃতিৰ জড়িয়তে এআইএছএফৰ জিলা সভাপতি ধনীৰাম পাত্ৰ আৰু সম্পাদক যদু বৰাই কৃষক সকলৰ দাবী মানি লৈ জনস্বাৰ্থ তথা কৃষক বিৰোধী আইন তিনিখন বাতিলৰ দাবী জনায়।