ডিজিটেল ডেস্কঃ হলিউডৰ প্ৰযোজকৰ বিৰুদ্ধে বিশ্বৰ আগশাৰীৰ অভিনেত্ৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগে কপাইছে বিশ্বৰ বোলছবি জগতক৷ যৌন নিৰ্যাতনৰ বলি অভিনেত্ৰীয়ে প্ৰায় তিনিটা দশকৰ অন্তত হলিউডৰ প্ৰযোজক হাৰ্ভে উইনষ্টইনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে খলকনি লাগে৷

এঞ্জেলিনা জলিৰ পৰা আৰম্ভ কৰি গেনিথ পেল্টো, ইভা গ্ৰীণৰ দৰে অভিনেত্ৰীৰ নাম সাঙেৰ খাইছিল৷ তাককৈ ডাঙৰ কথাটো হ’ল এই খবৰে ভাৰততো খলকনি লগাইছে৷ কিয়নো এই ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে বিশ্ব সুন্দৰী বলিউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ নাম৷ এটি সাক্ষাৎকাৰত ঐশ্বৰ্যৰ ব্যক্তিগত পৰিচালক চিমন চ্যাফেল্ডে ঐশ্বৰ্যৰ সৈতে হাৰ্ভে উইনষ্টইনে অকলশৰীয়াকৈ লগ ধৰিব বিছৰা বুলি কয়৷

হাৰ্ভে উইনষ্টইনৰ সৈতে ঐশ্বৰ্যক চিনাকি কৰি দিছিল চিমনে৷ হাৰ্ভে উইনষ্টইনৰ সৈতে ঐশ্বৰ্যক চিনাকি কৰি দিয়াৰ পিছতে ঐশ্বৰ্যক দেখা কৰাৰ বাবে ব্যাকুল হৈ পৰিছিল বুলি কয় চিমেনে৷ এবাৰ লগ পাবৰ বাবে কি কৰিব লাগিব বুলি কৈছিল হাৰ্ভে উইনষ্টইনে৷ মই মোৰ সৈতে জড়িত লোকসকলৰ ক্ষতি কৰিব নিবিচাৰো বুলি কৈ হাৰ্ভে উইনষ্টইনৰ সৈতে সম্পৰ্ক ত্যাগ কৰিছিলো বুলি বিস্ফোৰণ ঘটায় চিমেনে৷

এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্য সৃষ্টি হয়৷ যদিও এতিয়ালৈ ঐশ্বৰ্যই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ আনহাতে বলিউডৰ কোনো লোকে এতিয়ালৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ হলিউডৰ অত্যন্ত প্ৰভাৱশালী প্ৰযোজক হাৰ্ভে উইনষ্টইন কেবা খনো বিখ্যাত ছবি প্ৰযোজনা কৰিছে৷ কিল বিল চিৰিজ, মেলিনা, গেং-অৱ নিউয়ৰ্কৰ দৰে বহু ছবি প্ৰযোজনা কৰিছে৷ সম্প্ৰতি ৬৫ বছৰীয়া প্ৰযোজকৰ বিৰুদ্ধে এগৰাকী অভিনেত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে যদিও এই অভিযোগ অস্বীকাৰ কৰে৷