জয়পুৰঃ আজমেৰৰ দৰগাহ বিস্ফোৰণৰ সৈতে জৰিত দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ বিহিছে আদালতে৷ বুধবাৰে জয়পুৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এই ৰায়দান কৰে। ২০০৭ চনৰ  ১১ অক্টোবৰট আজমেৰৰ মইনুদ্দিন চিস্তিৰ দৰগাহত এই বোমা বিস্ফোৰণ সংঘটিত হৈছিল৷

উক্ত বিস্ফোৰণত ৩ জনৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছিল৷ ঘটনা সন্দৰ্ভত  ১৪৯ জন লোকে সাক্ষ্য দিছিল৷  বিগত ৮ মাৰ্চত ৩ জন লোকক আদালতে দোষী সাব্যস্ত কৰে আদালতে৷ এই তিনিজনৰ এজনৰ গোচৰ চলি থকা সময়তেই মৃত্যু হয় যদিও আন দুজন অপৰাধী দেৱেন্দ্ৰ গুপ্তা আৰু ভৱেশ পেটেলক কাৰাদণ্ডৰ নিৰ্দেশ দিছে। ইয়াতে নিৰপৰাধী বুলি স্বামী অসীমানন্দক মুকলি কৰি দিয়া হয়।