ডিজিটেল ডেস্কঃ ধৰ্মান্তৰিত হ’ল অভিনেত্ৰী অক্ষৰা হাছান। শেহতীয়া এক সাক্ষাৎকাৰত এই কথা সদৰী কৰিছে প্ৰখ্যাত তাৰকা দম্পতী কমল হাছান-ছাৰিকাৰ কন্যা অক্ষৰাই। কিন্তু কিয়? আৰু কি ধৰ্ম গ্ৰহণ কৰিলে কমল হাছান কন্যাই? এই লৈ বলীউডত দেখা গৈছে ব্যাপক চৰ্চা।

নিজ নিজ ধৰ্ম পালনৰ অধিকাৰ সকলোৰে আছে। যুগে যুগে ৰুচি অনুযায়ী মানুহে ধৰ্ম সলনি কৰি আহিছে। ধৰ্মান্তৰিত হোৱা মানুহৰ তালিকাত আছে বহু তাৰকাৰ নাম। শৰ্মিলা ঠাকুৰৰ পৰা আৰম্ভ কৰি একেবাৰে এ আৰ ৰেহমানলৈকে। আনকি বিখ্যাত পপ তাৰকা মাইকেল জেকছনেও সলনি কৰিছিল ধৰ্ম।

সমপ্ৰতি চিনেমাৰ এক প্ৰমোশ্যনত কমল হাছান কন্যাই জনাইছে যে সকলো ধৰ্মতকৈ তেওঁ বৌদ্ধ ধৰ্মত শান্তিৰ ৰেঙণি দেখিছে। চিনেমাত অভিনয় কৰিবলৈ গৈয়েই তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ পৰিছে বুলিও জনায়। সেয়ে তেওঁ বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হ'বলৈ গৈ আছে বুলিও জানিবলৈ দিয়ে।

⇒ ক্লিক কৰি পঢ়িব পাৰে এই বাতৰিকেইটা...

♦ এই শাওণত মহাদেৱ সম্পৰ্কে ৪টা কথা জানো আহক

♦ মৃত্যুৰ ৩ বছৰ পিছতো পত্নীক সন্তান উপহাৰ... কেনেকৈ?

 বড়োলেণ্ডৰ বাবে চাকৰি এৰিবলৈ সাজু বিটিএডিৰ কৰ্মচাৰী

ইয়াৰ পিছতে পিতৃ কমল হাছানে টুইট কৰি অক্ষৰাই ধৰ্মান্তৰিত হোৱা বাতৰিতো সত্য নেকি বুলি প্ৰশ্ন কৰে। লগে লগে কন্যাই জনায় যে এতিয়ালৈকে তেওঁ নাস্তিক হৈয়ে আছে। কিন্তু বৌদ্ধ ধৰ্ম তেওঁৰ ভাল লাগে। গতিকে নাস্তিক হৈ থাকিয়েই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিব বুলিও অক্ষৰাই দেউতাকক জানিবলৈ দিয়ে।