মোৰাঝাৰঃ সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ হোজাই জিলা সমিতিৰ অন্তৰ্গত মোৰাঝাৰ আঞ্চলিক সমিতি গঠনৰ বাবে কালি মোৰাঝাৰ জাতীয় একাডেমী প্ৰেক্ষাগৃহত শিক্ষক আলিউৰ ৰহমানৰ সভাপতিত্বত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আকছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইয়াহইয়া আহমেদ বৰভূঞা,আকছুৰ হোজাই জিলা সমিতিৰ সভাপতি হাচিবউদ্দিন তালুকদাৰ আৰু মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজৰ অধ্যক্ষ তথা বিশিষ্ট সাংবাদিক ছাদিকুজ জামান৷ সমাজ সেৱক বিলালউদ্দিন সহ অঞ্চলটোৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকি উক্ত সভাত ভাষণ আগবঢ়ায় |

নুৰ আহমেদক সভাপতি আৰু মকবুল ইছলামক সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়।উল্লেখ যোগ্য যে মোৰাঝাৰ অঞ্চলৰ স্থানীয় সমস্যাৰাজি সমাধা কৰিব বুলি সংগঠনটোৱে সংকল্প লয়|