ডিজিটেল ডেস্কঃ বহিৰ্জগতত মানুহৰ দৰে প্ৰাণী সঁচায়ে আছে নে! এই কৌতুহলী প্ৰশ্নৰ উত্তৰ পাবলৈ কিমান দিন ৰ’ব লাগে তাৰ নিশ্চয়তা নাই। পৃথিৱীৰ দৰে অনুকূল পৰিৱেশ হয়তো কোটি কোটি আলোকবৰ্ষ দুৰত্বত থাকিব পাৰে, তাৰ সন্ধানতেই ইউএফঅ’ হাণ্টাৰ মহাকাশানবোৰ উৰি ফুৰিছে শূন্যত।

নাছাৰ এনে এখন যানেই শেহতীয়াকৈ চন্দ্ৰপৃষ্ঠত ধৰা পেলাইছে টেংকাৰৰ দৰে এক আয়তাকাৰ অবয়ৱৰ দৃশ্য। ফটোখনত দেখা গৈছে যে ধ্বংসস্তুপৰ মাজত এখন টেংকাৰৰ দৰে আয়তাকাৰ বস্তু।  

মাৰ্কিন মহাকাশ প্ৰতিষ্ঠানটোৱে ৰাজহুৱা কৰা ফটোখন ৰাজহুৱা হোৱাৰ লগে লগে ভাইৰেল হৈ পৰে ফটোখন। ফটোখন টেংকাৰজাতীয় বাহনৰ হ’লে সেয়া বহু পুৰণি ফটো হ’ব বুলি জনাইছে নাছাই।