লক্ষ্নৌঃ অলপতে সংঘটিত হৈ যোৱা উত্তৰ প্ৰদেশৰ অলিগড়ৰ ঘটনাই সকলোতে জোকাৰি যায়৷ প্ৰায় আঢ়ৈ বছৰীয়া কনমানি শিশুটিৰ হত্যা কৰাই ঘটনাই দেশত এতিয়া খলকনিৰ সৃষ্টি কৰিছে।

সাধাৰণ মানুহৰপৰা অভিনয়জগত, তথা ৰাজনীতিৰ লোকেও এই ঘটনাক নিন্দা কৰিছে৷ হত্যা কাণ্ডৰ লগত জড়িত থকা দুজনক ক্ৰমে মহম্মদ জাহিদ আৰু মহম্মদ অচলমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ এই ঘটনাৰ তদন্তৰ বাবে এছএছপিয়ে এগৰাকী মহিলাৰ লগতে ছজনীয়া বিষয়াৰ দল গঠন কৰে৷ 

লগতে গঠন কৰা এছআইটিত ফৰেন্সিক চাইন্স টীম, স্পেচিয়েল অপাৰেশ্বন গ্ৰুপ আৰু বিশেষজ্ঞৰ এটা দল এই এচ আই টি দলকো অন্তৰ্ভুক্ত কৰা হৈছিল৷
 
ইতিমধ্যে আৰক্ষীয়ে কৈছে যে ঘটনাৰ বিষয়টোক আদালতলৈ নিয়াৰ চেষ্টা চলোৱা হৈছে৷ শিশুটিৰ ভুক্তভোগী পিতৃ গৰাকীয়ে দুখীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ বাবে দাবী জনায়৷

আনহাতে কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে এইটো অমানৱীয় ঘটনা বুলি কোৱাৰ লগতে দোষীয়ে শাস্তি পাব লাগে বুলিও কয়৷ 

দৰাচলতে ৩০ মে’ত টপ্পল কস্বাৰপৰা গুড়িয়া নামৰ এজনী কনমানি আঢ়ৈ বছৰীয়া সন্ধানহীন হৈ আছিল৷ আৰক্ষীৰ তদন্তৰ পাছত ২ জুনত এই শিশটিক ক্ষত-বিক্ষত মৃত অৱস্থাত উদ্ধাৰ কৰে৷ আনহাতে মৃতদেহক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ পাছত শিশুটিক যৌন নিৰ্যাতন চলোৱা হৈছিল বুলি কোৱা হয় কিন্তু আৰক্ষীৰ মতে ডিঙি চেপি হত্যা কৰা হৈছিল শিশুটিক৷

বৰ্তমানে আৰক্ষীয়ে এই ঘটনাৰ লগত চাৰিজন মানুহ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷ দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷ লগতে ঘটনাৰ ৰহস্যক ভেদ কৰি অপৰাধীক বিচাৰিবলৈ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷