সম্প্ৰতি অসমত ডিজিটেল মিডিয়াৰ ক্ষেত্ৰখনত সংযোজন ঘটিছে একাধিক ন ন নিউজ পৰ্টেলৰ। বহু জ্যেষ্ঠ সাংবাদিকে প্ৰতিষ্ঠিত বাতৰি কাকত আৰু টিভি চেনেল এৰি নিউজ পৰ্টেললৈ ঢাপলি মেলিছে। একেদৰে মফচলীয় অঞ্চলসমূহতো অঞ্চলভিত্তিক একাধিক পৰ্টেল গঢ় লৈ উঠিছে। ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে এনে পৰ্টেলসমূহে নিমিষতে মানুহৰ মাজলৈ বা-বাতৰি আদি লৈ গৈছে।  এই লৈ ভিন্নজন শংকিত হৈ পৰিছে। বহুতে নিউজ পৰ্টেলসমূহে অসমৰ সংবাদ ক্ষেত্ৰখনক কলুষিত কৰিব বুলিও দাবী কৰা দেখা গৈছে। একাংশ লোকে আকৌ নিউজ পৰ্টেলসমূহৰ বাতৰি প্ৰকাশ কৰাৰ অধিকাৰ নাই বুলিও প্ৰচাৰ কৰি ফুৰিছে। নিউজ পৰ্টেলৰ পঞ্জীয়ন আছে নে নাই সেই লৈও ভিন্নজনে ভিন্ন মন্তব্য কৰা দেখা গৈছে। কিন্তু প্ৰকৃত সত্য কি? নিউজ ৱেবছাইট বা নিউজ পৰ্টেলক লৈ ভাৰত চৰকাৰৰ আইনে কি কয়? এই সবিশেষ সামৰি লিখিছে সাংবাদিক ডি জে ধনন্তৰিয়ে।



♦ প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ সৈতে জড়িত বহু প্ৰতিষ্ঠিত সাংবাদিক সম্প্ৰতি নিউজ পৰ্টেলৰ সৈতে জড়িত হৈ পৰিছে। জ্যেষ্ঠ সাংবাদিকসকৰ বহুতেই নিউজ পৰ্টেলৰ সৈতে জড়িত হৈ পৰিলেও আজিও একাংশই নিউজ পৰ্টেলক লৈ কটু মন্তব্য কৰা দেখা যায়। প্ৰতিষ্ঠিত নিউজ চেনেল আৰু বাতৰি কাকতৰ সাংবাদিক তথা অন্যান্য কৰ্মচাৰীসকলৰ লগতে সাধাৰণ লোকসকলৰো বহুতেই নিউজ পৰ্টেলসমূহৰ কোনো ৰেজিষ্ট্ৰেশ্যন নাই বুলি দাবী কৰি অবৈধ আখ্যা দি আহিছে।

প্ৰতিষ্ঠিত নিউজ চেনেল আৰু বাতৰি কাকতৰ একাংশ সাংবাদিকে নিউজ পৰ্টেলৰ সাংবাদিকসকলক সময়ে সময়ে ঠাট্টা-মস্কৰাও কৰা দেখা গৈছে। জ্যেষ্ঠ সাংবাদিক আৰু বহু লোকে কৈ অহাৰ দৰেকৈ সঁচাকৈয়ে নিউজ পৰ্টেলসমূহ অবৈধ নেকি? নিউজ পৰ্টেলসমূহৰ বাতৰি প্ৰকাশ কৰাৰ অধিকাৰ নাই নেকি? আহকচোন আজি এই বিষয়ে সবিশেষ জানি লও।

নিউজ পৰ্টেলৰ আৰএনআই থাকেনে?

'তুমি/আপুনি কাম কৰি থকা পৰ্টেলটোৰ RNI ৰেজিষ্ট্ৰেশ্যন আছে নে নাই?’ এয়া হৈছে নিউজ পৰ্টেলৰ সাংবাদিক-কৰ্মচাৰীসকলে সততে সন্মুখীন হোৱা এটা প্ৰশ্ন। আচলতে এয়া হৈছে এটা অতি হাস্যকৰ প্ৰশ্ন। আৰএনআইক লৈ ন্যুনতম জ্ঞান নথকা লোকেহে এনে প্ৰশ্ন কৰিৰ পাৰে। ক’বলৈ গ’লে এই প্ৰশ্নটো মূৰ্খ লোকে কৰা এটি প্ৰশ্ন। 

নিউজ পৰ্টেলৰ আৰএনআই ৰেজিষ্ট্ৰেশ্যন থকাতো কোনো কাৰণতে সম্ভৱ নহয়। আৰএনআইৰ সম্পূৰ্ণ নামটো চালেই সেয়া সহজেই বুজিব পাৰি। আৰএনআইৰ সম্পূৰ্ণ নাম হৈছে Registrar of Newspapers for India। অৰ্থাৎ ভাৰতৰ বাতৰি কাকতসমূহৰ পঞ্জীয়ক। নামটোতেই স্পষ্ট হৈ আছে যে আৰএনআই বাতৰি কাকতসমূহৰহে পঞ্জীয়ক, নিউজ চেনেল বা নিউজ পৰ্টেলৰ পঞ্জীয়ক নহয়। কিন্তু অধিকাংশ লোকেই আৰএনআই মানে কি সেয়া নজনাকৈ নিউজ পৰ্টেলৰ আৰএনআই নম্বৰ আছে নে নাই বুলি অবান্তৰ প্ৰশ্ন কৰে।

মূল কথা এয়াই যে RNIৰ নিউজ পৰ্টেলৰ সৈতে কোনো সম্পৰ্ক নাই। RNIৰ সম্পৰ্ক কেৱল বাতৰি কাকতৰ সৈতেহে। কেন্দ্ৰ চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থা RNI-এ বাতৰি কাকত প্ৰকাশ কৰাৰ লাইচেন্স নিদিয়ে, প্ৰকাশিত বাতৰি কাকতসমূহৰ নামৰ ভেৰিফিকেশ্যন আৰু পঞ্জীয়নহে কৰে। এটা ভাষাত একে নামত যাতে দুখন কাকত প্ৰকাশ পাব নোৱাৰে আৰু চৰকাৰী বিজ্ঞাপন আদি প্ৰকাশৰ ক্ষেত্ৰত যাতে চৰকাৰৰ সুবিধা হয়, লগতে বাতৰি কাকত উদ্যোগৰ ব্যৱসায়ত যাতে অনিয়ম সংঘটিত হ'ব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈকে মূলত এই পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু নিউজ পৰ্টেলৰ পঞ্জীয়নৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় অধীনস্থ আৰএনআই সদৃশ কোনো সংস্থা নাই। 

নিউজ পৰ্টেলক লৈ তথ্য-সম্প্ৰচাৰ মন্ত্ৰণালয়ে কি কৈছে?

২০১৮ চনৰ ৪ এপ্ৰিলত নিউজ পৰ্টেলৰ সুকীয়া পঞ্জীয়ন সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত লোকসভাত সেই সময়ৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোড়ে জনাইছিল যে অনলাইন নিউজ চেনেল আৰু নিউজ পৰ্টেলক লাইচেন্স প্ৰদান কৰাৰ অধিকাৰ মন্ত্ৰণালয়ৰ নাই। তেওঁ আৰু জনাইছিল যে ৱেবছাইটসমূহ তথ্য-প্ৰযুক্তি আইন (আইটি এক্ট) ২০০০ৰ অধীনত নিয়ন্ত্ৰিত হয় আৰু সেই আইনমতে সকলোবোৰ কাম চলে। 

এই তথ্য-প্ৰযুক্তি আইনখন ৰূপায়ণৰ দায়িত্বত থকা বিভাগটো হৈছে এমইআইটি অৰ্থাৎ মিনিষ্ট্ৰি অব ইলেকট্ৰনিকছ এণ্ড ইনফৰমেছন টেকন’লজি। সেয়ে ৱেবছাইট তথা অনলাইন নিউজ চেনেল আৰু নিউজ পৰ্টেলক লৈ নতুন পলিচি বা গাইডলাইন প্ৰস্তুত কৰাৰ কোনো পৰিকল্পনা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ নাই বুলিও বিভাগীয় মন্ত্ৰীগৰাকীয়ে লোকসভাত স্পষ্ট কৰি দিছিল। 

একেদৰে নেটফ্লিক্স, হটষ্টাৰ এমাজন প্ৰাইম ভিডিঅ’ৰ দৰে অনলাইন ষ্ট্ৰিমিং প্লেটফৰ্মসমূহকো তথ্য-সম্প্ৰচাৰ মন্ত্ৰণালয়ে নিয়ন্ত্ৰণ নকৰে বুলিও জনাইছিল মন্ত্ৰী ৰাথোড়ে। তদানীন্তন তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী ৰাথোড়ে পেইড ষ্ট্ৰিমিং আৰু ভিডিঅ’ অন ডিমাণ্ডৰ অধীনত প্ৰদৰ্শন কৰি অহা কন্টেন্টসমূহৰ ওপৰতো তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় বা এমআইবিৰ কোনো নিয়ন্ত্ৰণ নথকাৰ কথাও সদৰী কৰিছিল। এনে কন্টেন্টসমূহ নিৰীক্ষণ কৰিবলৈ মিনিষ্ট্ৰি অব ইলেকট্ৰনিকছ এণ্ড ইনফৰমেছন টেকন’লজিৰ আইটি এক্ট ২০০০ত সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা আছে বুলিও মন্ত্ৰীগৰাকীয়ে লোকসভাত অৱগত কৰিছিল।

অৰ্থাৎ এয়া স্পষ্ট যে ৱেবছাইটসমূহক লৈ যিধৰণৰ সুৰক্ষা ব্যৱস্থা বা নিৰীক্ষণ ব্যৱস্থা থাকিব লাগে সেয়া মিনিষ্ট্ৰি অব ইলেকট্ৰনিকছ এণ্ড ইনফৰমেছন টেকন’লজিৰ আইটি এক্ট ২০০০ত কৰা হৈছে। নিউজ ৱেবছাইটৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ ৱেবছাইট ভাৰতত উক্ত আইন অনুযায়ী পৰিচালিত হৈ আহিছে। ইমানৰ পিছতো বিভিন্ন সময়ত প্ৰতিষ্ঠিত নিউজ চেনেল আৰু বাতৰি কাকতৰ একাংশ সাংবাদিক তথা কৰ্মচাৰীয়ে নিউজ পৰ্টেলৰ জনপ্ৰিয়তা বৃদ্ধি পোৱালৈ চাই শংকিত হৈ নিউজ পৰ্টেলক লৈ ভিন্ন গুজৱ প্ৰচাৰ কৰি অহা দেখা গৈছে।

ৱেবছাইটসমূহৰ ক্ষেত্ৰত আইটি এক্ট ২০০০ৰ এটা গুৰুত্বপূৰ্ণ ধাৰা হৈছে ৬৯(এ)। এই ধাৰা অনুযায়ী দেশৰ নিৰাপত্তা ব্যৱস্থা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ৰাজ্যসমূহৰ সুৰক্ষা আৰু বিদেশ নীতি বিষয়ত ভাবুকিৰ সৃষ্টি কৰা কোনো কন্টেণ্ট প্ৰকাশ কৰিলে বা অন্য ধৰণে উক্ত বিষয়সমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিলে উক্ত ৱেবছাইটৰ ইউআৰএল ব্লক কৰাৰ অধিকাৰ চৰকাৰৰ আছে। আগ্ৰহীসকলে মিনিষ্ট্ৰি অব ইলেকট্ৰনিকছ এণ্ড ইনফৰমেছন টেকন’লজিৰ ৱেবছাইট ভিজিট কৰি আইটি এক্ট ২০০০ৰ সবিশেষ চাব পাৰে।

বাতৰি কাকত আৰু ৱেবছাইট পঞ্জীয়নৰ পাৰ্থক্য

আইটি এক্ট ২০০০ত উল্লেখ থকা গাইডলাইন অনুযায়ী নিউজকে আদি কৰি ভিন্ন বিষয়ৰ ৱেবছাইটসমূহ ৰেজিষ্ট্ৰাৰ কৰা হয়। বাতৰি কাকতৰ পঞ্জীয়ন বা ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াক যিদৰে আৰএনআই ৰেজিষ্ট্ৰেশ্যন বুলি জনা যায় ঠিক তেনেকৈ ৱেবছাইট ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াক 'ডমেইন ৰেজিষ্ট্ৰেশ্যন’ বুলি জনা যায়। ডমেইন হৈছে ৱেবছাইটৰ নাম। বাতৰি কাকত বা নিউজ চেনেল বা ব্যৱসায়িক প্ৰতিষ্ঠান তথা দোকান আদিৰ যিদৰে নাম থাকে ঠিক সেইদৰে ৱেবছাইটৰো নাম থাকে। 

বাতৰি কাকত পঞ্জীয়ন কৰোতে দুটা কাম সুকীয়া সুকীয়াকৈ কৰিবলগীয়া হয়। এটা হৈছে টাইটল ভেৰিফিকেশ্যন আৰু আনটো হৈছে পঞ্জীয়ন। আৰএনআইত বাতৰি কাকতৰ টাইটল ভেৰিফিকেশ্যন আৰু পঞ্জীয়নৰ ব্যৱস্থা বৰ্তমান অনলাইন কৰা হ’লেও সমগ্ৰ প্ৰক্ৰিয়া এতিয়াও অনলাইন হৈ পৰা বুলি ক’ব নোৱাৰি। কেৱল আবেদন প্ৰক্ৰিয়াহে অনলাইন হৈছে। আবেদনত প্ৰথমে টাইটল অৰ্থাৎ বাতৰি প্ৰকাশ কৰিব বিচৰাজনে ঠিৰাং কৰা নামটো উপলব্ধ হয়নে নহয় সেয়া জানিবলৈ টাইটলৰ ভেৰিফিকেশ্যনৰ বাবে অনলাইনযোগে আবেদন কৰিব লাগে।

আবেদন কৰাৰ পিছত সেই আবেদন পত্ৰৰ কপি সংশ্লিষ্ট জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰিব লাগে। জিলা দণ্ডাধীশে বাতৰি প্ৰকাশ কৰিব বিচৰাজনে ঠিৰাং কৰা নামৰ কাকত উক্ত অঞ্চলত উক্ত ভাষাত ইতিমধ্যে প্ৰকাশ হৈ আছে নে নাই আৰু নামটো দেশ বিৰোধী নেকি আদি বিভিন্ন বিষয়সমূহ চোৱা-চিতা কৰি উক্ত আবেদন পত্ৰৰ হাৰ্ড কপি আৰএনআইলৈ প্ৰেৰণ কৰাৰ পিছতহে পঞ্জীয়নৰ পৰৱৰ্তী কাম আৰম্ভ হয়। সকলো প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পিছত বাতৰি কাকত প্ৰকাশ কৰিলে শেষৰ পৃষ্ঠাৰ তলফালে প্ৰকাশকৰ নাম, ছপাশালৰ নাম আৰু সম্পাদকৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক। ইয়াৰ জৰিয়তে কোনো সমস্যা বা জটিলতা আদিৰ উদ্ভৱ হ’লে তাত নাম থকা লোকসকলক বা ছপাশালটোক জবাবদিহি কৰা হয়।

বাতৰি কাকতৰ পঞ্জীয়নত এনেধৰণৰ একাধিক জটিলতা থকাৰ বিপৰীতে বেৱছাইট বা ডমেইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া তেনেই সজহ। কিয়নো ডমেইন ৰেজিষ্ট্ৰেশ্যনৰ সমগ্ৰ প্ৰক্ৰিয়া অনলাইনযোগে সম্পন্ন হয়। ডমেইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যিখন ইনভইচ পোৱা যায় তাত স্পষ্টকৈ 'ৰেজিষ্ট্ৰেশ্যন’ শব্দটো উল্লেখ থাকে, ক্ৰয় কৰা বুলি উল্লেখ নাথাকে। বিপৰীতে হষ্টিঙৰ ক্ষেত্ৰত আকৌ ৰেজিষ্ট্ৰেশ্যন শব্দটো নাথাকে, কিয়নো হষ্টিং ৰেজিষ্ট্ৰাৰ কৰা নহয়, এয়া হৈছে ৰেজিষ্ট্ৰাৰ কৰা ডমেইনটো চলাবৰ বাবে ভাৰ্চুৱেলি ক্ৰয় কৰা ঠাই।

দোকান আৰু ৱেবছাইট

সহজ ভাষাত ক’বলৈ হ’লে ৱেবছাইট খোলা সমগ্ৰ প্ৰক্ৰিয়াটোক আমি দোকান এখন খোলা প্ৰক্ৰিয়াটোৰ সৈতে ৰিজাব পাৰো। দোকান এখন খুলিবলৈ হ’লে আপোনাক দোকানখনৰ এটা নাম লাগিব। সেই নামটো আপুনি আপোনাৰ স্থানীয় প্ৰশাসন যেনে গুৱাহাটী মহানগৰত হ’লে পৌৰ নিগমত পঞ্জীয়ন কৰাব লাগিব আৰু গাঁও অঞ্চলত হ’লে পঞ্চায়তত পঞ্জীয়ন কৰাব লাগিব।

দোকানৰ নাম পঞ্জীয়ন কৰালেই নহ’ব দোকানখন মুকলি কৰিবলৈ আপোনাক ঠাইৰ প্ৰয়োজন হ’ব আৰু সেয়ে আপুনি এটা ঘৰ ভাৰালৈ ল’ব লাগিব। ঠাই ঠিক হোৱাৰ পিছত আপুনি দোকানখন ধুনীয়াকৈ সজাব লাগিব। এই সজোৱা প্ৰক্ৰিয়াটোকেই ৱেবছাইটৰ ক্ষেত্ৰত বেৱছাইট ডিজাইনিং বুলি কোৱা হয়। আনহাতে দোকানখনৰ বাবে ঘৰ ভাৰালৈ লোৱা প্ৰক্ৰিয়াটোৱেই হৈছে হষ্টিং পাৰ্চেছ কৰা। হষ্টিং পাৰ্চেছ কৰাৰ পিছত ৰেজিষ্ট্ৰাৰ কৰা ডমেইন নামটোৰে আপুনি ৱেবছাইটটো ডিজাইন কৰি সকলোৱে চাব পৰা কৰিব পাৰে।

ৱেবছাইটৰ পঞ্জীয়নৰ দায়িত্ব কাৰ হাতত?

বাতৰি কাকত পঞ্জীয়নৰ বাবে ভাৰতত মাত্ৰ এটাই সংস্থা আছে আৰু সেই সংস্থাটো হৈছে আৰএনআই। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় (এমআইবি)ৰ অধীনস্থ আৰএনআই হৈছে এটা সম্পূৰ্ণৰূপে চৰকাৰী সংস্থা। বিপৰীতে ৱেবছাইট বা ডমেইন ৰেজিষ্ট্ৰেশ্যনৰ বাবে মিনিষ্ট্ৰি অব ইলেকট্ৰনিকছ এণ্ড ইনফৰমেশ্যন টেকন’লজি চমুকৈ এমইআইটিয়ে একাধিক ব্যক্তিগত কোম্পানীক নিৰ্দিষ্ট আইনী প্ৰক্ৰিয়াৰ মাজেৰে পঞ্জীয়ন কৰাৰ অনুমতি প্ৰদান কৰিছে। 

ভাৰতত যিসমূহ কোম্পানীয়ে ডমেইন ৰেজিষ্ট্ৰেশ্যনৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে সেইসমূহৰ তালিকা চাবলৈ হ’লে ভিজিট কৰিব লাগিব registry.in ৱেবছাইটটো। এই ৱেবছাইটটো মিনিষ্ট্ৰি অব ইলেকট্ৰনিকছ এণ্ড ইনফৰমেশ্যন টেকন’লজি চমুকৈ এমইআইটিৰ ৱেবছাইটৰ মেনুত থকা অৰ্গেনাইজেশ্যন বুটামটোত ক্লিক কৰিলেও দেখিবলৈ পাব। এই ৱেবছাইটৰ মেনুত ৰেজিষ্ট্ৰাৰ্ছ বুটামত গৈ তাত থকা এক্ৰিডিয়েটেড ৰেজিষ্ট্ৰাৰ্ছত ক্লিক কৰিলেই কোম্পানীসমূহৰ তালিকা আৰু সবিশেষ জানিব পাৰিব।

এই কোম্পানীসমূহৰ পৰা বিভিন্ন ধৰণৰ টপ লেভেল ডমেইন চমুকৈ টিএলডিত আপুনি আপোনাৰ ডমেইন নেম ৰেজিষ্ট্ৰাৰ কৰিব পাৰে। টপ লেভেল ডমেইন হৈছে ইণ্টাৰনেট ব্যৱস্থাৰ শিপা বা ভেটি সদৃশ। ইয়াৰ জৰিয়তেই ইণ্টাৰনেট ব্যৱস্থা সুশৃংখলিতভাৱে পৰিচালিত হয়। কিছুমান টিএলডি আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ হোৱাৰ লগতে আকৌ প্ৰতিখন দেশৰে নিজা টিএলডি থাকে। ভাৰতৰ নিজা টিএলডি হৈছে ডট ইন। ডট ইন নিজা টিএলডি হ’লেও ভাৰতত বৰ্তমানো ডট কমহে অধিক জনপ্ৰিয়। এতিয়াও বহু লোকে ইণ্টাৰনেট আৰু ডটকমক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিয়েই গণ্য কৰে।

এতিয়া আহিছো মূল কথালৈ। আমি যেতিয়া ডমেইন নেম এটা ৰেজিষ্ট্ৰাৰ কৰো সেয়া যি প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয় সেই সমগ্ৰ প্ৰক্ৰিয়াই ভাৰত চৰকাৰৰ নিয়ম অনুযায়ী বৈধভাৱে কৰা হয়। ডমেইন নেম ৰেজিষ্ট্ৰাৰ কৰিবলৈ যি ধন অনলাইনযোগে প্ৰদান কৰা হয় সেই ধনৰ এটা অংশ টেক্স হিচাপে চৰকাৰেও লাভ কৰে। লগতে ডমেইন নামটো কোন ঠাই বা কি আইপি এড্ৰেছৰ পৰা ৰেজিষ্ট্ৰাৰ কৰা হৈছে সেই সমগ্ৰ তথ্য চৰকাৰৰ ঘৰত সোমাইগৈ। অনলাইনযোগে ডমেইন ৰেজিষ্ট্ৰেশ্যনৰ ফিজ আদায় দিয়াৰ ফলত কোনে আদায় দিছে সেয়াও ইচ্ছা কৰিলেই চৰকাৰে বিচাৰি উলিয়াব পাৰে।

আনহাতে বাতৰি কাকতৰ ক্ষেত্ৰত যিদৰে টাইটল ভেৰিফিকেশ্যন মেনুৱেলি কৰিবলগীয়া হয় তেনেকৈ ডমেইন নেম ৰেজিষ্ট্ৰাৰ কৰোতে সেয়া এক ছেকেণ্ডতে হৈ যায়। যদিহে এটা ডমেইন নেম কোনোৱে ইতিমধ্যে ৰেজিষ্ট্ৰাৰ কৰি থৈছে আৰু সেই ৰেজিষ্ট্ৰেশ্যনৰ ম্যাদ উকলি যোৱা নাই তেন্তে উক্ত ডমেইন নেম দ্বিতীয় এজন ব্যক্তিয়ে কোনো কাৰণতে পঞ্জীয়ন কৰিব নোৱাৰে। যিসমূহ ডমেইন নেম ৰেজিষ্ট্ৰাৰ হৈ আছে সেই নামসমূহ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত স্বয়ংক্ৰিয়ভাৱে উপলব্ধ নহয় বুলি প্ৰদৰ্শিত হয়। সেয়ে ডমেইন নেমত বাতৰি কাকত পঞ্জীয়নৰ দৰেকৈ টাইটল ভেৰিফিকেশ্যন কৰাৰ প্ৰয়োজন নহয়।

যদিহে আপুনি বিচৰা ডমেইন নেমটো কোনোৱে আগতে ৰেজিষ্ট্ৰাৰ কৰা নাই তেন্তে সেয়া আপুনি অনায়াসে পলকতে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে অনলাইনযোগে মাচুল আদায় দি নিজৰ নামত পঞ্জীয়ন কৰাব পাৰে। গতিকে ইমানবোৰ বিষয় ফটফটীয়াকৈ ওলাই থকাৰ পিছত কোনো লোকে নিউজ পৰ্টেল বা ৱেবছাইটৰ পঞ্জীয়ন নাই বুলি কোৱা বা ইল্লিগেল আখ্যা দিয়াটো হাস্যকৰেই নহয়, সেয়া হৈছে তেনেকৈ কোৱা লোকজনৰ ইণ্টাৰনেট সম্পৰ্কে কোনোধৰণৰ প্ৰাথমিক জ্ঞান নথকাৰ পৰিচয়।

ডমেইন নেম ৰেজিষ্ট্ৰাৰ কৰাৰ পিছতে প্ৰতিটো নামৰ বিপৰীতে একোটা পঞ্জীয়ন নম্বৰ প্ৰদান কৰা হয়। ঠিক বাতৰি কাকত আৰএনআই কৰিলে আৰএনআই-এ একোটা নম্বৰ প্ৰদান কৰাৰ দৰেকৈ। এই নম্বৰটো registry.in বা whois.com ৱেবছাইটত ডমেইন নেমটো টাইপ কৰি সকলোৱে চাব পাৰে। তাত ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ লগতে কেতিয়া কোন সময়ত ৰেজিষ্ট্ৰাৰ কৰিছিল, কি ছাৰ্ভাৰত ৱেবছাইটটো চলি আছে, শেহতীয়াকৈ কেতিয়া ৱেবছাইটটো আপলোড কৰা হৈছে আদি সকলো তথ্য চাব পৰা যায়। অৱশ্যে যদিহে ৱেবছাইটৰ গৰাকীয়ে সেয়া প্ৰাইভেট কৰি থয় তেতিয়া কিছুমান তথ্য সৰ্বসাধাৰণে চাব নোৱাৰে। 

ৱেবছাইটে বাতৰি প্ৰকাশ কৰিব পাৰেনে?

এতিয়া আহিছো আন এটা প্ৰসংগলৈ। সেয়া হৈছে ৱেবছাইটসমূহে বাতৰি প্ৰকাশ কৰিব পাৰে নে নাই? বেৱছাইটসমূহৰ বিভিন্ন কেটেগৰী থাকে। এই কেটেগৰীসমূহ বিভিন্ন ধৰণৰ হ’ব পাৰে। যেনে- পাৰ্ছনেল বেৱছাইট, চৰকাৰী ৱেবছাইট, কৃষি বিষয়ক ৱেবছাইট, ই-কমাৰ্চ ৱেবছাইট, কোম্পানী ৱেবছাইট, হেলথ ৱেবছাইট, নিউজ ৱেবছাইট ইত্যাদি। ভাৰত চৰকাৰৰ সংস্থা পিআইবি অৰ্থাৎ প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ৰ মতে যিসমূহ ৱেবছাইটৰ সমুদায় কনটেণ্টৰ এক তৃতীয়াংশ কনটেণ্ট নিউজ আৰু কাৰেণ্ট এফেয়াৰ্ছ বিষয়ক হয় আৰু দিনে ৬ বাৰকৈ কনটেণ্ট আপডেট হয় সেই বেৱছাইটসমূহেই হৈছে নিউজ ৱেবছাইট। 

অৰ্থাৎ এয়া স্পষ্ট যে যদিহে আপুনি চৰকাৰী নিয়মৰ মাজেৰে ডমেইন নেম ৰেজিষ্ট্ৰাৰ কৰি ৱেবছাইট এটা আৰম্ভ কৰে তেন্তে সেই ৱেবছাইটত আপুনি ইচ্ছা কৰিলে বাতৰি প্ৰকাশ কৰিব পাৰে। ৱেবছাইটৰ এক তৃতীয়াংশ কনটেণ্ট নিউজ আৰু কাৰেণ্ট এফেয়াৰ্ছ সম্পৰ্কীয় হ’লেই আপোনাৰ বেৱছাইটটো নিউজ বা মিডিয়া ৱেবছাইট হিচাপে বিবেচিত হ’ব। নিউজ আৰু মিডিয়া ৱেবছাইট হিচাপে বা-বাতৰি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আপুনি বেৱছাইটৰ নিউজ কনটেণ্টসমূহৰ ক্ষেত্ৰত আইটি এক্ট-২০০০ৰ লগতে প্ৰেছ কাউন্সিল অব ইণ্ডিয়া এক্ট-১৯৭৮ৰ নীতি-নিয়ম মানি চলিব লাগিব।

এইখিনিতে গুৰুত্বপূৰ্ণ কথাটো হৈছে, ভাৰতত এতিয়ালৈকে প্ৰেছ কাউন্সিল অব ইণ্ডিয়া এক্টত টিভি চেনেলক অন্তৰ্ভুক্ত কৰা হোৱা নাই, এনেক্ষেত্ৰত নিউজ ৱেবছাইট অন্তৰ্ভুক্ত হোৱাৰ কথা আহিয়েই নপৰে। কিন্তু পোনপটীয়াকৈ টিভি চেনেলক উক্ত এক্টত অন্তৰ্ভুক্ত কৰা নহ’লেও চেনেলসমূহে সম্প্ৰচাৰ কৰা বাতৰিৰ ধৰণ-কৰণ আদি বিষয় উক্ত আইন অনুযায়ীয়ে নিৰীক্ষণ কৰা হয়। গতিকে নিউজ ৱেবছাইটৰ বাতৰিসমূহক লৈ কোনো সমস্যাই দেখা দিলেও আইটি এক্টৰ লগতে নতুন সংশোধনী নোহোৱালৈকে প্ৰেছ কাউন্সিল অব ইণ্ডিয়া এক্টৰ নিয়মসমূহেই কাৰ্যকৰী হোৱাতো নিশ্চিত।

প্ৰেছ কাউন্সিল অব ইণ্ডিয়া এক্টত টিভি চেনেলসমূহ অন্তৰ্ভুক্ত নোহোৱা বাবেই টিভি চেনেলসমূহৰ মালিক-সম্পাদক আদিৰ সন্মিলিত সংস্থা News Broadcasters Association-এ নিজাববীয়াকৈ News Broadcasting Standards Authority (NBSA) নামেৰে এখন কমিটি গঠন কৰিছে। এই কমিটিখনে প্ৰস্তুত কৰা বিভিন্ন নিয়মৰ মাজেৰে নিউজ চেনেলসমূহৰ আভ্যন্তৰীণ বিষয়, সমস্যা, দৰ্শকে দাখিল কৰা অভিযোগ আদি চোৱা-চিতা কৰা হয়। অৱশ্যে এই পৰ্যন্ত নিউজ ৱেবছাইটসমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্তৰত তেনেধৰণৰ কোনো ক্ষমতাসম্পন্ন কমিটি গঠন কৰা হোৱা নাই।

এক্ৰিডিয়েশ্যনক ৰেজিষ্ট্ৰেশ্যন বুলি ভাবি অহা ভুল ধাৰণা

এতিয়া আহিছো সাংবাদিকৰ লগতে নিউজ ৱেবছাইটৰ চৰকাৰী স্বীকৃতি বিষয়টোলৈ। এই বিষয়টোলৈ আহিবলৈ হ’লে প্ৰথমে নাম ল’ব লাগিব ভাৰত চৰকাৰৰ এটা সংস্থাৰ। এই সংস্থাটো হৈছে পিআইবি বা প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’। ১৯১৯ চনত গঠন কৰা এই সংস্থাটোৰ কাম হৈছে চৰকাৰী আঁচনি, পৰিকল্পনা, নীতি-নিয়ম আদি সম্পৰ্কে সংবাদ মাধ্যমসমূহক অৱগত কৰা। ইয়াৰ লগতে পিআইবিৰ আন এটা কাম হৈছে ব্যক্তিগত খণ্ডৰ সংবাদ মাধ্যমসমূহ যেনে বাতৰি কাকত, টিভি চেনেল আৰু নিউজ পৰ্টেলসমূহ লগতে ইয়াত কৰ্মৰত সাংবাদিকসকলক এক্ৰিডিয়েশ্যন প্ৰদান কৰা।

কোন কোন বাতৰি কাকত, টিভি চেনেল আৰু নিউজ পৰ্টেলৰ সাংবাদিকক এক্ৰিডিয়েশ্যন প্ৰদান কৰিব সেয়া নিৰ্ধাৰণ কৰিবলৈ পিআইবিৰ নিৰ্দিষ্ট নীতি-নিয়ম আছে। বাতৰি কাকতৰ ক্ষেত্ৰত চাৰ্কুলেশ্যন, নিউজ চেনেলৰ ক্ষেত্ৰত টিআৰপি আৰু নিউজ পৰ্টেলৰ ক্ষেত্ৰত ডেইলি ভিজিটৰৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কোনটো প্ৰতিষ্ঠানৰ পৰা কিমানজন সাংবাদিকক স্বীকৃতি প্ৰদান কৰিব সেয়া নিৰ্ধাৰণ কৰা হয়। বাতৰি কাকতেই হওক বা নিউজ চেনেল বা নিউজ পৰ্টেল সকলোৰে ক্ষেত্ৰত এক্ৰিডিয়েশ্যনৰ পূৰ্বে সংস্থাসমূহৰ বাৰ্ষিক আয় তথা সংবাদ কৰ্মীৰ সংখ্যা আদিও চোৱা হয়। পিআইবিয়ে সাধাৰণতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত থকা সংবাদ প্ৰতিষ্ঠানসমূহৰ সাংবাদিকক এক্ৰিডিয়েশ্যন প্ৰদান কৰে। বহুতে এই এক্ৰিডিয়েশ্যনকে বাধ্যতামূলক ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া বুলি ভাবি লয়। 

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপন প্ৰদান কৰা সংস্থা Directorate of Advertising and Visual Publicity চমুকৈ ডিএভিপিৰ নিয়মসমূহো পিআইবিৰ নিয়ম সদৃশ বুলিব পাৰি। ডিএভিপিত শেহতীয়াকৈ নিউজ পৰ্টেলসমূহকো বিজ্ঞাপন দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে কাকতৰ ক্ষেত্ৰত চাৰ্কুলেশ্যন গুৰুত্বপূৰ্ণ হোৱাৰ দৰেকৈ নিউজ পৰ্টেলসমূহৰ বাবে ডেইলি ভিজিটৰ আৰু ছাবছক্ৰাইবাৰৰ সংখ্যা চোৱা হয়। এটা বিজ্ঞাপনৰ বিপৰীতে বেছি ভিজিটৰ থকা নিউজ পৰ্টেলে বেছিকৈ আৰু কম ভিজিটৰ থকা পৰ্টেলে কম ধন লাভ কৰিব। কিমান ভিজিটৰ থাকিলে কিমান ধন পাব সেয়া নিৰ্ধাৰণ কৰিবলৈ পৰ্টেলসমূহক এ, বি, চি আদি কেবাটাও কেটেগৰীত ভাগ কৰা হৈছে।

এক্ৰিডিয়েশ্যন, ডিআইপিআৰ আৰু নতুন গাইডলাইন

ৰাজ্য পৰ্যায়ৰ সংবাদ সংস্থাসমূহৰ ক্ষেত্ৰত বিজ্ঞাপন আৰু এক্ৰিডিয়েশ্যন দুয়োটা দিশেই চোৱাচিতা কৰে Directorate of Information & Public Relations চমুকৈ ডিআইপিআৰ-এ। নতুন দিল্লী, বিহাৰ, কেৰালা, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, ত্ৰিপুৰাকে আদি কৰি কেবাখনো ৰাজ্যৰ ডিআইপিআৰ-এ ২০১৬ চনৰ পূৰ্বেই নিউজ পৰ্টেলৰ সাংবাদিকক এক্ৰিডিয়েশ্যন আৰু নিউজ পৰ্টেলসমূহত বিজ্ঞাপন প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে বাতৰি কাকত আৰু নিউজ চেনেলৰ বাবে যিদৰে গাইডলাইন আছে তেনেদৰে নিউজ পৰ্টেলৰ বাবেও গাইডলাইন যুগুত কৰিছে।

কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমত অসমীয়া ভাষাত ২০১৬ চনতেই নিউজ পৰ্টেলৰ আত্মপ্ৰকাশ ঘটিছিল যদিও আজি পৰ্যন্ত ৰাজ্য চৰকাৰৰ ডিআইপিআৰ বা জনসংযোগ বিভাগে নিউজ পৰ্টেলৰ বাবে তেনেধৰণৰ ব্যৱস্থা নকৰিলে। নতুন দিল্লী, বিহাৰ, কেৰালা, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, ত্ৰিপুৰাকে আদি কৰি কেবাখনো ৰাজ্যৰ ডিআইপিআৰৰ নিউজ পৰ্টেলক লৈ থকা গাইডলাইনৰ প্ৰিণ্ট কপি সন্নিবিষ্ট কৰি অসমতো নিউজ পৰ্টেলসমূহক অন্তৰ্ভুক্ত কৰিবলৈ News Next Oneৰ তৰফৰ পৰা ২০১৭ চনতেই মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা আৰু জনসংযোগ বিভাগক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল। 

২০১৬ চনত অসমীয়া ভাষাত বাতৰি প্ৰকাশ কৰা NE Focus, News Next One, প্ৰথম খবৰ আৰু সংবাদ প্ৰহৰী (অৱশ্যে সংবাদ প্ৰহৰী আৰএনআইত পঞ্জীয়নভুক্ত এখন সাপ্তাহিক বাতৰি কাকত আছিল) নামৰ তিনিটা নিউজ পৰ্টেলে আত্মপ্ৰকাশ কৰাৰ পৰা আৰম্ভ কৰি যোৱা ৪টা বছৰৰ ভিতৰত অসমত ১০০ ৰো অধিক নিউজ পৰ্টেল গঢ় লৈ উঠে। নিউজ পৰ্টেলৰ সংখ্যা বৃদ্ধি পোৱাত শেহতীয়াকৈ জনসংযোগ বিভাগে এক্ৰিডিয়েশ্যন আৰু বিজ্ঞাপন প্ৰদানৰ বাবে নিউজ পৰ্টেলসমূহৰ বাবে গাইডলাইন প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে। এই গাইডলাইনক লৈ একাংশ জ্যেষ্ঠ সাংবাদিকে বিভ্ৰান্তিমূলক তথ্যও প্ৰচাৰ কৰা দেখা গৈছে।

জনসংযোগ বিভাগে প্ৰস্তুত কৰি থকা গাইডলাইনক লৈ একাংশ সাংবাদিকে মন্তব্য কৰিছে যে অসমত অতি শীঘ্ৰেই নিউজ পৰ্টেলক লৈ কঠোৰ নীতি-নিৰ্দেশনা যুগুত কৰা হ’ব আৰু সেই নীতি-নিৰ্দেশনাৰ আওতাত নপৰা নিউজ পৰ্টেলসমূহে বাতৰি প্ৰকাশ কৰিব নোৱাৰিব। আচলতে এই কথাটো একেবাৰে অসম্ভৱ। কিয়নো ৱেবছাইট বিষয়ক নীতি-নিয়ম আৰু আইন কেন্দ্ৰ চৰকাৰেহে সালসলনি কৰিব পাৰে। বেৱছাইটক লৈ নীতি-নিৰ্দেশনা দিয়াৰ অধিকাৰ যেতিয়া কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰেই নাথাকে তেনেক্ষেত্ৰত ৰাজ্য এখনৰ জনসংযোগ বিভাগে কোনটো ৱেবছাইটে বাতৰি প্ৰকাশ কৰিব পাৰিব, কোনটো ৱেবছাইটে বাতৰি প্ৰকাশ কৰিব নোৱাৰিব সেই ধৰণৰ নীতি-নিয়ম কিদৰে যুগুত কৰিব সেয়া আমাৰ বাবে এক নুবুজা সাঁথৰ।

ছ’চিয়েল মিডিয়াৰ এই যুগত, চিটিজেন জাৰ্নেলিজিম জনপ্ৰিয় হৈ পৰা এই যুগত কোনটো ৱেবছাইটে বাতৰি প্ৰকাশ কৰিব পাৰিব, কোনটোৱে কেৱল মনোৰঞ্জনমূলক অনুষ্ঠানহে প্ৰকাশ কৰিব পাৰিব সেয়া ৰাজ্য চৰকাৰ এখনৰ জনসংযোগ বিভাগে নিৰ্ণয় কৰিব পাৰিব বুলি ভবাতো নিউজ পৰ্টেলৰ আৰএনআই নম্বৰ থাকে বুলি ভবাৰ দৰে একেই বুলিব পাৰি। ধৰা হওক আপুনি এটা পথেৰে গৈ আছে আৰু তেনেতে আপোনাৰ সমুখত এটা দুৰ্ঘটনা সংঘটিত হ’ল। লগে লগে সেই দুৰ্ঘটনাৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰি আপুনি সেয়া আপোনাৰ ১ লাখ ফলোৱাৰ্ছ থকা আপোনাৰ ফেচবুক পেজত পোষ্ট কৰিলে। আপোনাৰ পেজৰ ১ লাখ লোকে সেই খবৰ পালে। অৰ্থাৎ আপুনি এটা বাতৰি প্ৰকাশ কৰিলে আপোনাৰ ফেচবুক পেজত। 

আপোনাৰ পেজত দুৰ্ঘটনাটোৰ ভিডিঅ’ আৰু ফটো প্ৰকাশ কৰাত আপোনাক চৰকাৰে কোনো নিয়ম অনুসৰি বাধা দিব নোৱাৰে। যদিহে আপুনি আইটি এক্ট উলংঘা কৰি পেজত কোনো ছবি, ভিডিঅ’ বা তথ্য প্ৰকাশ কৰে তেতিয়া আপুনি জবাবদিহি হ’ব পাৰে। কিন্তু যিকোনো ধৰণৰ বাতৰি আপুনি আপোনাৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰাৰ অধিকাৰ আছে। নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টযোগে বা-বাতৰি পোষ্ট কৰি আপুনি এজন চিটিজেন জাৰ্নেলিষ্ট হ’ব পাৰে। কোনো চৰকাৰী অনুষ্ঠানৰ বা-বাতৰি সংগ্ৰহ কৰাৰ বাদে নিজৰ চকুৰ আগত দেখি থকা ঘটনা আপোনাৰ ফেচবুক পেজত বা আপোনাৰ নিজৰ ৱেবছাইটত প্ৰকাশ কৰাত আপোনাক কোনেও বাধা দিব নোৱাৰে।

এক্ৰিডিয়েশ্যন লাভ নকৰাসকল সাংবাদিক নহয় নেকি?

এই যে ওপৰত এক্ৰিডিয়েশ্যনৰ কথা উল্লেখ কৰা হৈছিল সেই শব্দটোৰ সৈতে জড়িত হৈ আছে চৰকাৰী অনুষ্ঠান বিষয়ক বা-বাতৰি। পিআইবিয়েই হওক বা জনসংযোগ বিভাগেই হওক উক্ত বিভাগৰ পৰা এক্ৰিডিয়েশ্যন লাভ কৰাৰ অৰ্থ এয়া নহয় যে কেৱল উক্ত এক্ৰিডিয়েশ্যন লাভ কৰাসকলহে সাংবাদিক আৰু এক্ৰিডিয়েশ্যন লাভ নকৰাসকল সাংবাদিক নহয় বা ভুৱা সাংবাদিক। এই এক্ৰিডিয়েশ্যনৰ অৰ্থ হ’ল উক্ত সাংবাদিকসকলক চৰকাৰী বা-বাতৰি আদি সংগ্ৰহ কৰিবলৈ জনোৱা একপ্ৰকাৰৰ অনুমোদন আৰু এক চৰকাৰী স্বীকৃতি বা সন্মান।

যদিহে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী বা আন কোনো চৰকাৰী সংস্থাৰ বা-বাতৰি বা সভা-সমিতি আদি থাকে তেন্তে এক্ৰিডিয়েশ্যন লাভ কৰা সাংবাদিকসকলক আমন্ত্ৰণ জনোৱা হ’ব আৰু বাতৰি সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া হ’ব। এক্ৰিডিয়েশ্যন লাভ নকৰা সাংবাদিকে যে উক্ত বাতৰি কৰিব নোৱাৰিব তেনে কোনো কথা নাই। কিন্তু তেনে সাংবাদিকক উক্ত অনুষ্ঠানত সাংবাদিকৰ আসনত বহিবলৈ দিয়া নহ’ব পাৰে। ইচ্ছা কৰিলে এক্ৰিডিয়েশ্যন নথকা সাংবাদিকে তেনে অনুষ্ঠানত সাধাৰণ দৰ্শক হিচাপে বহিয়েই বাতৰি সংগ্ৰহ কৰিব পাৰে। অনুমতি নথকা বাবে তেনে চৰকাৰী অনুষ্ঠানৰ ভিডিঅ’ বা ফটো সংগ্ৰহ কৰা দেখিলে সেই সাংবাদিকক নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তাজনিত কাৰণত বাধা প্ৰদান কৰাৰো সম্ভাৱনা থাকে। 

অৰ্থাৎ পিআইবি বা জনসংযোগৰ এক্ৰিডিয়েশ্যনৰ অৰ্থ এয়াই যে তেনে সাংবাদিকে চৰকাৰে সাংবাদিকক প্ৰদান কৰা সা-সুবিধাসমূহ লাভ কৰে। গাইডলাইন অনুযায়ী যোগ্য সাংবাদিকসকলক পিআইবি আৰু জনসংযোগ বিভাগে এক্ৰিডিয়েশ্যন প্ৰদান কৰে। অৱশ্যে বহু সাংবাদিকে চৰকাৰী সা-সুবিধা পোৱাৰ লোভত যোগ্য নোহোৱাকৈয়ে এই এক্ৰিডিয়েশ্যন পাবলৈ চেষ্টা চলায়।

এক্ৰিডিয়েশ্যন লাভৰ ক্ষেত্ৰত আকৌ বহু কথা আহি পৰে। যদিহে এজন সাংবাদিক চৰকাৰ বিৰোধী বা-বাতৰি সংগ্ৰহ কৰা বুলি পৰিচিত হৈ পৰে তেন্তে সেই সাংবাদিকজনক যোগ্য হ’লেও জনসংযোগ বিভাগে ৰাজনৈতিক হেঁচাত পৰি এক্ৰিডিয়েশ্যন নিদিব পাৰে বা দিলেও বিভিন্ন অজুহাত দেখুৱাই সেয়া বাতিল কৰিব পাৰে। সেয়ে শাসনত যি চৰকাৰেই নাথাকক কিয় চৰকাৰৰ ভুল নীতিৰ সমালোচনা কৰা সাংবাদিকসকলৰ বেছিভাগেই চৰকাৰী এক্ৰিডিয়েশ্যন পাবৰ বাবে আবেদনেই নকৰে। বিপৰীতে চৰকাৰক তেল-মালিচ কৰি বিভিন্ন সা-সুবিধা ল’ব বিচৰা সাংবাদিকসকলে উক্ত এক্ৰিডিয়েশ্যন পাবৰ বাবে হেতা-ওপৰা লগোৱাৰ লগতে জনসংযোগ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক হাতে-ভৰিয়ে ধৰিবলৈকো লজ্জাবোধ নকৰে।

সদ্যহতে জনসংযোগ বিভাগে নিউজ পৰ্টেলক লৈ যি গাইডলাইন প্ৰস্তুত কৰি থকাৰ কথা ওলাইছে সেয়া হৈছে উক্ত এক্ৰিডিয়েশ্যন বিষয়ক গাইডলাইন। বাতৰি কাকত আৰু টিভি চেনেলৰ কোনসকল সাংবাদিকে এক্ৰিডিয়েশ্যন পাব তাৰ বাবেও জনসংযোগ বিভাগৰ নিৰ্দিষ্ট গাইডলাইন আছে। এতিয়া জনসংযোগৰ এক্ৰিডিয়েশ্যনৰ ক্ষেত্ৰত বাতৰি কাকত, নিউজ চেনেলৰ লগতে নিউজ পৰ্টেলো অন্তৰ্ভুক্ত হ’ব আৰু ৰাজ্য চৰকাৰৰ বিজ্ঞাপন আদি লাভ কৰিব।

বৰ্তমান জনসংযোগ বিভাগে কৰ্মৰত সাংবাদিকক এক্ৰিডিয়েশ্যন প্ৰদানৰ বাবে ১৯৮৯ চনৰ আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ এক্ট মতেই কাম কৰি আহিছে। এই আইনখনত কেৱল বাতৰি কাকতৰ কথাহে উল্লেখ আছে। বাতৰি কাকতৰ ক্ষেত্ৰত আইনখনত কোৱা হৈছে যে যিসমূহ বাতৰি কাকতৰ প্ৰচলন সংখ্যা ৫০০০ কপিৰ অধিক সেই বাতৰি কাকতৰ সাংবাদিকেহে এক্ৰিডিয়েশ্যনৰ বাবে আবেদন জনাব পাৰিব। নিউজ পৰ্টেলৰ বাবে গাইডলাইন প্ৰস্তুত কৰিলেও তেনে ধৰণৰ নিয়মহে জনসংযোগ বিভাগে সন্নিবিষ্ট কৰিব পাৰিব, বহুতে কৈ থকাৰ দৰেকৈ নিউজ প্ৰকাশ কৰিব পাৰিব নে নাই সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰে। 

অৰ্থাৎ যিসমূহ নিউজ পৰ্টেলৰ এক্ৰিডিয়েশ্যনৰ বাবে নিৰ্ধাৰণ কৰা অৰ্হতাসমূহ থাকে সেইসমূহ পৰ্টেলৰ সাংবাদিকে এক্ৰিডিয়েশ্যনৰ বাবে আবেদন জনাব পাৰিব আৰু নথকাসকলে নোৱাৰে। কিন্তু কোনো কাৰণতে জনসংযোগ বিভাগে কোনবোৰ নিউজ ৱেবছাইটে বাতৰি প্ৰকাশ কৰিব পাৰিব আৰু কোনবোৰে নোৱাৰে সেইধৰণৰ নিয়ম নিৰ্ধাৰণ কৰিব নোৱাৰে। যদি সকলো দিশ চালি-জাৰি নোচোৱাকৈ তেনে নিয়ম নিৰ্ধাৰণ কৰেও তেন্তে তেনে হঠকাৰী আৰু সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগত তাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ বাট খোলা আছে।

সম্প্ৰতি বিজ্ঞাপন প্ৰদানৰ বাবে জনসংযোগ বিভাগে ২০০৮ চনতে যুগুত কৰা Advertisement Policy মতে কাম কৰি আহিছে। এই পলিচিত কেৱল বাতৰি কাকতৰ কথাহে উল্লেখ আছে। অৰ্থাৎ বৰ্তমানলৈকে ৰাজ্য চৰকাৰে নিউজ চেনেল বা অন্যান্য মাধ্যমত কোনোধৰণৰ স্পষ্ট নিয়ম নোহোৱাকৈয়ে বিজ্ঞাপন প্ৰদান কৰি আহিছে। ২০১৯ চনত বাতৰি কাকতৰ লগতে ইলেকট্ৰনিক মাধ্যমত বিজ্ঞাপন প্ৰদানৰ বাবে এখন খচৰা প্ৰস্তুত কৰিছে যদিও সেয়া এতিয়াও গৃহীত হ’বলৈ বাকী আছে। 

২০১৯ চনত অসমত নিউজ পৰ্টেল সংবাদ মাধ্যমৰ এক অভিন্ন অংশ হৈ পৰা সত্বেও উক্ত খচৰাত নিউজ পৰ্টেলসমূহক অন্তৰ্ভুক্ত নকৰাকৈ থকাটোও পৰিতাপৰ বিষয়। জানিব পৰা মতে, এক্ৰিডিয়েশ্যনৰ গাইডলাইনৰ লগতে নিউজ পৰ্টেলত বিজ্ঞাপন প্ৰদানক লৈয়ো জনসংযোগ বিভাগে গাইডলাইন যুগুত কৰি আছে। বাতৰি কাকত, টিভি চেনেল আৰু নিউজ পৰ্টেলক লৈ যুগুত কৰা নতুন বিজ্ঞাপন নীতি কাৰ্যকৰী হ’লে অসমৰ সংবাদ ক্ষেত্ৰখনত নতুনকৈ সংযোজন হোৱা নিউজ পৰ্টেলসমূহে এক বিশেষ মাত্ৰা লাভ কৰিব বুলি আশা কৰিব পাৰি।

জটিল নিউজ চেনেল, সহজ নিউজ পৰ্টেল...

ইমানসময়ে আমি বাতৰি কাকত আৰু নিউজ পৰ্টেলৰ পঞ্জীয়নক লৈ আলোচনা কৰিলো। এইখিনিতে নিউজ চেনেলৰ বিষয়েও কিছু জানি লোৱাতো ভাল। নিউজ চেনেল পঞ্জীয়ন কৰিবলৈ হ’লে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ জৰিয়তে কৰিব লাগে। ইয়াৰ উপৰিও গৃহ মন্ত্ৰণালয়ৰ পৰাও ক্লেৰিফিকেশ্যনৰ প্ৰয়োজন হয়। Cable চেনেল খোলাৰ ক্ষেত্ৰত বিশেষ জটিলতা নাই যদিও ছেটেলাইট চেনেল খুলিবলৈ হ’লে যথেষ্ট জটিল প্ৰক্ৰিয়াৰ মাজেৰ পাৰ হ’বলগীয়া হয়। ইয়াৰ মূল কাৰণটোৱেই হৈছে ছেটেলাইটৰ সৈতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে বৃহৎ পৰিমাণৰ খা-খৰছৰ কথা জড়িত হৈ থাকে।

ছেটেলাইট নিউজ চেনেল খুলিবলৈ হ’লে এটা পঞ্জীভুক্ত প্ৰাইভেট লিমিটেড কোম্পানী থাকিব লাগিব আৰু সেই কোম্পানীটোৰ মূলধন অতিকমেও ২০ কোটি টকা হ’ব লাগিব। শেহতীয়াকৈ চৰকাৰে লিমিটেড লায়েবিলিটি পাৰ্টনাৰশ্বিপ কোম্পানীসমূহকো ছেটেলাইট চেনেল খোলাৰ অনুমতি প্ৰদান কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে। এইসমূহৰ লগতে আপলিংকৰ বাবে তথ্য-সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ পৰা সুকীয়াকৈ অনুজ্ঞাপত্ৰ (লাইচেন্স) লোৱাতো বাধ্যতামূলক। আনহাতে অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছতো এটা নিউজ চেনেল চলাবলৈ ষ্টুডিঅ’-কৰ্মচাৰীৰ লগতে অনেক যন্ত্ৰপাতিৰ প্ৰয়োজন হয়। এই সকলোবোৰ মেনেজ কৰি সফলভাৱে চেনেলটো চলাই নিবলৈ অধিক ধনৰ প্ৰয়োজন হয় বাবে মন গ’লেই কেইকোটিমান টকা যোগাৰ কৰিয়েই নিউজ চেনেল এটা খুলিব আৰু চলাব নোৱাৰি।

ইয়াৰ বিপৰীতে ৱেবছাইট এটা আৰম্ভ কৰাৰ প্ৰক্ৰিয়া যথেষ্ট উজু। লগতে ৱেবছাইট এটা চলাবলৈ বাতৰি কাকত প্ৰকাশ কৰিবলৈ নিউজ প্ৰিণ্ট তথা ছপা মেচিন ক্ৰয় কৰিবলৈ যিমান ধনৰ প্ৰয়োজন হয় তাতকৈ বহুগুণে কম খৰছতে ৱেবছাইট এটা মুকলি কৰি নিয়মিত চলাই থাকিব পাৰি। ৱেবছাইটত কনটেণ্ট আপলোড কৰা প্ৰক্ৰিয়াটোও তেনেই সহজ। লগতে বিশ্বৰ যিকোনো স্থানৰ পৰা ৱেবছাইট একচেছ কৰিব পাৰি। এনেধৰণৰ একাধিক সুবিধাৰ বাবেই সম্প্ৰতি ছেটেলাইট নিউজ চেনেল বা কেবল চেনেল আৰু বাতৰি কাকতৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ সৈতে জড়িত হ’ব খোজা সকলে নিউজ পৰ্টেল আৰম্ভ কৰিছে।

নিউজ পৰ্টেলে সংবাদ ক্ষেত্ৰলৈ ভাবুকি আনিছে নেকি?

নিউজ পৰ্টেলৰ সংখ্যা সম্প্ৰতি যথেষ্ট বৃদ্ধি পালেও এটা কথা নিশ্চিত যে আজিৰ পৰা ৫-১০ বছৰ পূৰ্বে যিদৰে ভিন্ন স্থানত সংবাদ মাধ্যমৰ সৈতে জড়িত হ’ব বিচৰাসকলে বা ভাষা-সাহিত্যৰ সেৱা আগবঢ়াব খোজাসকলে সাপ্তাহিক বাতৰি কাকত তথা আলোচনী আদি প্ৰকাশ কৰিছিল ঠিক তেনেদৰে বৰ্তমান নিউজ পৰ্টেল খুলিছে। ৫-১০ বছৰ পূৰ্বে প্ৰকাশ কৰা হাজাৰ হাজাৰ সাপ্তাহিক কাকত, আলোচনী, পকেট আলোচনীবোৰৰ সকলোবোৰেই নিশ্চয় সমানে উন্নত মানদণ্ডৰ নাছিল। অনুৰূপ ধৰণে বৰ্তমান আৰম্ভ হোৱা নিউজ পৰ্টেলবোৰৰো একাংশ উন্নত মানৰ আৰু আন একাংশ হয়তো তেনেই সাধাৰণ মানৰ বা সাধাৰণ মানতকৈয়ো নিম্ন মানৰ।

তাতোকৈ আচৰিত কথাটো হ’ল বৰ্তমান তালিকাভুক্ত কৰিলে যিমান নিউজ পৰ্টেল ওলাব তাতকৈ কেবাগুণ অধিক সাপ্তাহিক কাকত আৰু আলোচনীয়ে জনসংযোগ বিভাগৰ পৰা মাত্ৰ কেইকপিমান ছপা কৰিয়েই বিজ্ঞাপন লাভ কৰি আহিছে। কাকত-আলোচনীৰ ক্ষেত্ৰত যিহেতু চাৰ্কুলেশ্যন কিমান তাৰ স্পষ্ট প্ৰমাণ পাব নোৱাৰি সেয়ে ভুৱা নথি-পত্ৰ জমা দি বিজ্ঞাপন লাভ কৰি থকাটো তেনেই সহজ। আনহাতে প্ৰকাশ নাপাই বাবে বা পঢুৱৈৰ হাতত নপৰে বাবে সেইসমূহ কিমান নিম্ন মানদণ্ডৰ সেয়াও কোনেও গম নাপায়। 

বিপৰীতে, নিউজ পৰ্টেলসমূহ যিহেতু মানুহে চাব পাৰে বা সহজে উপলব্ধ হয় বিশেষকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে মানুহে সেইবোৰ প্ৰত্যক্ষ কৰে সেয়ে বহুতৰেই অসমত হাজাৰ হাজাৰ নিউজ পৰ্টেল হকে-বিহকে গঢ় লৈ উঠি অসমৰ সংবাদ ক্ষেত্ৰখনলৈ বিপদ মাতি আছে যেন ভাব হয়। কিন্তু আজিৰ পৰা ৫-১০ বছৰ পূৰ্বে কাকত-আলোচনীৰ ক্ষেত্ৰত তেনে নহৈছিল। এটা অঞ্চলৰ পৰা যিমানেই বেছি কাকত-আলোচনী প্ৰকাশ পাইছিল সিমানেই লোকসকল আনন্দিত হৈছিল। কথা হ’ল পৰ্টেলক লৈ বৰ্তমান ৰাইজ কিয় আশাবাদী নহয়?

ইয়াৰ কাৰণ হৈছে, আগতে মফচলীয় অঞ্চলবোৰত কাকত-আলোচনী প্ৰকাশ পালেও খুব বেছি ২০০-৩০০ কপিহে প্ৰকাশ কৰিছিল আৰু তাৰে ১০০-১৫০ মান কপি মানুহৰ হাতত পৰিছিল। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আদি ঠাইত প্ৰকাশ পোৱা সাপ্তাহিক কাকত বা আলোচনী এখন ধুবুৰীৰ লোকে বা ধুবুৰীত প্ৰকাশ পোৱা কাকত এখন লখিমপুৰ-ধেমাজিৰ লোকে লাভ কৰা নাছিল। লাভ কৰা নাছিল বাবে জনাও নাছিল। অৰ্থাৎ অসমৰ ভিন্ন প্ৰান্তৰ পৰা শতাধিক সাপ্তাহিক কাকত আদি যে প্ৰকাশ পাই আছে সেই কথা মনলৈ আহিলেও সেয়া প্ৰত্যক্ষ কৰাতো সম্ভৱ নাছিল। প্ৰত্যক্ষ কৰাতো সম্ভৱ নাছিল বাবে সেই কাকতসমূহত নিম্ন মানদণ্ডৰ বাতৰি, গল্প-কবিতা আদি প্ৰকাশ পালেও সেই সম্পৰ্কে অৱগত হোৱা নাছিল আৰু উদ্বিগ্ন হৈ পৰাৰো অৱকাশ নাছিল।

বৰ্তমান যিদৰে একাংশ অসাধু লোকে নিউজ পৰ্টেল বাদেই, নিউজ চেনেল যেন লগা নামেৰে একোটাকৈ ফেচবুক পেজ খুলিও মফচলীয় অঞ্চলসমূহত মানুহক ডকা-হকা দি ধন সংগ্ৰহ কৰি আহিছে একে ধৰণে আজিৰ পৰা ৫-১০ বছৰ আগতে ১০০ কপিও চাৰ্কুলেশ্যন নথকা সাপ্তাহিক কাকত প্ৰকাশ কৰিও একাংশ দুষ্ট বুদ্ধিৰ লোকে তেনে কু-কাৰ্য সংঘটিত কৰিছিল। তেনে কাৰ্য সংঘটিত কৰিলেও সেই কাৰ্যৰ বিষয়ে সমগ্ৰ অসমৰ মানুহে জনাৰ কোনো উপায় নাছিল। কিন্তু বৰ্তমান ছ’চিয়েল মিডিয়াৰ বাবে অসমৰ যি ঠাইতেই তেনে ঘটনা নঘটক কিয় মুহূৰ্ততে সমগ্ৰ অসমতে সেয়া ৰৌজাল-বৌজাল হৈ পৰে। 

এইসমূহ কথা গভীৰভাৱে চিন্তা কৰিলেই নিউজ পৰ্টেলসমূহক লৈ একাংশ লোক যিদৰে উদ্বিগ্ন হৈ পৰিছে সেয়া বহু পৰিমাণে নাইকিয়া হ’ব বুলি আশা কৰিব পাৰি। লগতে নিউজ পৰ্টেল আৰম্ভ কৰা ব্যৱসায়ী তথা ইয়াৰ সৈতে জড়িত সাংবাদিকসকলে বৰ্তমানৰ সময় যে পূৰ্বৰ সাপ্তাহিক কাকত প্ৰকাশ কৰা দিনৰ দৰে হৈ থকা নাই সেয়া উপলব্ধি কৰি অধিক দায়িত্বসহকাৰে আগবাঢ়িলে অসমৰ সংবাদ ক্ষেত্ৰখনলৈ নতুনত্ব আৰু অধিক গতিশীলতা অহাতো নিশ্চিত। 

এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে নিউজ পৰ্টেল এটা আৰম্ভ কৰাতো ওপৰুৱাকৈ চালে তেনেই সহজ যেন লাগে যদিও প্ৰকৃততে এয়া মুখৰ কথা নহয়। সঠিকভাৱে নিউজ পৰ্টেল এটা চলাবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হয় যদিও বিজ্ঞাপনৰ ক্ষেত্ৰত বৰ্তমানো কোনো সুযোগ সৃষ্টি নোহোৱাত মূলধন হিচাপে খৰছ কৰা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা তেনেই কম। বিশেষকৈ আঞ্চলিক ভাষাৰ নিউজ পৰ্টেলসমূহৰ ভিউৱাৰ্ছ ইংৰাজী ভাষাৰ ৰাষ্ট্ৰীয় নিউজ পৰ্টেল বা স্থানীয় প্ৰতিষ্ঠিত সংবাদ মাধ্যমসমূহৰ ৱেবছাইটসমূহৰ তুলনাত তেনেই কম হোৱাৰ বাবে গুগল এডৰ পৰা ধন লাভ কৰিলেও সেই ধন এজন কৰ্মচাৰীক দৰমহা দিবলৈকো যথেষ্ট নহয়।

নিউজ পৰ্টেলৰ ব্যৱসায়ৰ পঞ্জীয়ন

বাতৰি কাকত প্ৰকাশ কৰিবলৈ হ’লে বাতৰি কাকতখন আৰএনআই ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগতে যিটো কোম্পানী বা সংস্থাই বাতৰি কাকত চলাই সেই কোম্পানী আৰু সংস্থাটোৱে কোম্পানী আইন অনুযায়ী পঞ্জীয়ন কৰাব লাগে। টিভি চেনেলৰ ক্ষেত্ৰটো সেই একেই কথা। একেদৰে যিসকল লোক বা সংস্থাই নিউজ পৰ্টেলক এক ব্যৱসায় হিচাপে ল’ব বিচাৰিছে সেইসকলেও ডমেইন নেম ৰেজিষ্ট্ৰেশ্যনৰ লগতে পেৰেণ্ট কোম্পানী বা সংস্থাটোৰ সুকীয়া পঞ্জীয়ন কৰাব লাগে।

নিউজ পৰ্টেলক সম্পূৰ্ণৰূপে ব্যৱসায় হিচাপে ল’ব বিচৰাসকলে উক্ত পেৰেণ্ট সংস্থা বা কোম্পানীক মেডিয়া কোম্পানী হিচাপেও পঞ্জীয়ন কৰাব পাৰে। কিন্তু যিহেতু অধিকাংশ লোকেই কম মূলধনেৰে নিউজ পৰ্টেল আৰম্ভ কৰে সেয়ে এমএছএমই অৰ্থাৎ Ministry of Micro, Small and Medium Enterprisesৰ পঞ্জীয়ন কৰাতো বেছি ফলপ্ৰসূ হিচাপে বিবেচনা কৰিব পাৰি।

ইয়াৰ বাবে এমএছএমই অৰ্থাৎ Ministry of Micro, Small and Medium Enterprisesৰ ৱেবছাইট udyamregistration.gov.in ভিজিট কৰি ইনফৰমেশ্যন ছাৰ্ভিছ এক্টিভিটিজ কেটেগৰীত মিডিয়া ছাইটছ হিচাপে পঞ্জীয়ন কৰাব পাৰে। তেতিয়া ঋণ আদি লাভ কৰাত সহায়ক হোৱাৰ লগতে বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰটো সুবিধা হ’ব। 

নাম নিৰ্বাচনত সতৰ্ক হওক

নিউজ পৰ্টেল আৰম্ভ কৰিব বিচৰাসকলে মন কৰিবলগীয়া আৰু এটা দিশ হৈছে নাম নিৰ্বাচন। নাম নিৰ্বাচনত যথেষ্ট সতৰ্কতা অৱলম্বন কৰা উচিত, অন্যাথাই অনাগত দিনত আইনী মেৰপেচত সোমাই পৰাৰ সম্ভাৱনা থাকে। নাম নিৰ্বাচনৰ ক্ষেত্ৰত কেতিয়াও ব্ৰেণ্ডেড নাম বা প্ৰতিষ্ঠিত সংবাদ সংস্থাৰ নাম ডমেইন নেমত থাকিবলৈ দিব নালাগে। 

উদাহৰণ হিচাপে বিবিচিৰ কথাকে ক’ব পাৰি। বিবিচি হৈছে এটা আন্তৰ্জাতিকভাৱে প্ৰতিষ্ঠিত সংবাদ সংস্থা বা সমগ্ৰ বিশ্বতে জনাজাত এটা ব্ৰেণ্ড নেম। এতিয়া যদি নিউজ পৰ্টেল আৰম্ভ কৰিবলৈ ওলাই আপুনি আপোনাৰ নিউজ পৰ্টেলটোৰ নাম বিবিচি অসম বা অসম বিবিচি ৰাখিব বিচাৰে তেন্তে সেয়া হ’ব এক মাৰাত্মক ভুল। এনে কৰিলে ট্ৰেডমাৰ্ক আইন অনুযায়ী পিছত বিবিচিয়ে আপোনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব পাৰিব। গতিকে নিউজ পৰ্টেলৰ নাম দিওতে ভুলতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ নামৰ পিছত অসম শব্দটো লগাই দিবলৈ চেষ্টা নকৰিব। 

দুৰ্ভাগ্যৰ কথা যে অসমৰ একাধিক নিউজ পৰ্টেলে ইতিমধ্যে এনেধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নামী-দামী নিউজ চেনেল, বাতৰি কাকত আদিৰ নামৰ পিছত অসম আৰু নৰ্থ-ইষ্ট শব্দটো ব্যৱহাৰ কৰি পৰ্টেল আৰম্ভ কৰিছে। এনে কৰিলে প্ৰথমেই হ’ব পৰা সমস্যা এটাৰ কথা উনুকিয়াবলৈ লৈছো। ধৰা হওক আপুনি আপোনাৰ পৰ্টেলটোৰ নাম এবিপি অসম বা এপিবি-এনই ৰাখিছে। এবিপি হৈছে দেশৰ সংবাদ মাধ্যমত এটা ব্ৰেণ্ড নেম। এবছৰ পিছত যেতিয়া এবিপি গোষ্ঠীয়ে অসমত অসমীয়া ভাষাত নিজৰ নিউজ চেনেল এটা আৰম্ভ কৰিব বিচাৰিব আৰু তেতিয়া এবিপি অসম ডমেইনটো বিচাৰি নাপাব আৰু আপুনি উক্ত নামত পৰ্টেল চলাই থকাৰ কথা জানিব পাৰিব তেতিয়া তেওঁলোকৰ ব্ৰেণ্ড নেম ব্যৱহাৰ কৰি সুবিধা অৰ্জন কৰাৰ অভিযোগত আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাতো নিশ্চিত। 

কেৱল এবিপি বুলিয়েই নহয়, এনডিটিভি, আজটক, জি নিউজ, ৰিপাব্লিক, টেলিগ্ৰাফ, ভাস্কৰ, জাগৰণ, পত্ৰিকা আদি নামৰ পিছতো অসম বা এন ই শব্দ ব্যৱহাৰ কৰি নিউজ পৰ্টেল আৰম্ভ নকৰাটোৱেই মংগল। নহ’লে এদিন আপুনি নিউজ পৰ্টেলৰ স্বত্ব হেৰুওৱাৰ লগতে আইনী মেৰপেচত সোমাই পৰি কেবালক্ষ টকা জৰিমনা ভৰিবলগীয়া হোৱাৰ লগতে জেলৰ ভাত খাবলগীয়াও হ’ব পাৰে। 

শেষত ইয়াকে ক’ব বিচাৰিছো যে নিউজ পৰ্টেল আৰম্ভ কৰাৰ পূৰ্বে মৌলিক নাম নিৰ্বাচন কৰক আৰু সাংবাদিকতাৰ নীতি-নিময় মানি অসমীয়া ভাষাৰ প্ৰতি দায়িত্বশীল হৈ বা-বাতৰি পৰিৱেশন কৰাৰ সংকল্প গ্ৰহণ কৰক। তেতিয়া দেখিব যে আপোনাৰ নিউজ পৰ্টেলটোৱে জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে ব্যৱসায়িকভাৱেও সফল হ’বলৈ সমৰ্থ হৈছে। আৰু যদিহে সেয়া নকৰি সহজে ধন ঘটাৰ লোভত সাংবাদিকতাক গেংষ্টাৰৰ দৰে কামত ব্যৱহাৰ কৰে তেন্তে কেতিয়া কোন মুহূৰ্তত আপুনি মান হেৰুওৱাৰ লগতে প্ৰাণো হেৰুৱাবলগীয়া হয় সেয়া আগতীয়াকৈ কোৱাৰ সাধ্য কোনো জ্যোতিষী তথা অৱতাৰৰেই নাই।


♦ লেখক ডি জে ধনন্তৰি News Next Oneৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সম্পাদক।