মুম্বাইঃ বলিউডৰ এসময়ৰ মৰমলগা, সফল অভিনেত্ৰী আমীষা পেটেলে অভিনয় জগতৰপৰা যেন এক দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছে৷ অভিনেত্ৰীগৰাকীৰ ওপৰত এটা কোম্পানীয়ে কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে৷

ইভেন্ট কোম্পানী এটাই আমীষা পেটেলৰ লগতে তেওঁৰ চাৰিজন বন্ধুৰ বিৰুদ্ধে মুখ্য দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু তৰিছে৷

দৰাচলতে মুৰাদাবাদৰ ড্ৰীমৱিজন ইভেন্ট মেনেজমেন্টৰ স্বত্বাধিকাৰী পৱন শৰ্মাই এই গোচৰ জাপি দিয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে৷ পৱন শৰ্মাই এই সন্দৰ্ভত কয় যে তেওঁৰ এজন কৰ্মচাৰীৰ বিবাহ অনুষ্ঠানত অভিনেত্ৰীগৰাকীক নাচিবলৈ নিমন্ত্ৰণ কৰিছিল৷ যাৰ বাবদ অভিনেত্ৰীগৰাকীয়ে তেওঁৰপৰা ১১ লাখ টকা লৈ সময়ত অনুষ্ঠানলৈ আহিব নোৱাৰিব বুলি জনালে৷ সেয়ে তেওঁ অভিনেত্ৰীগৰাকীৰপৰা মূলধনৰ উপৰিও আৰু দুই লাখ টকা ঘূৰাই দিয়াৰ দাবী কৰে৷

লগতে তেওঁ কয় যে টকাখিনি ঘূৰাই দিবলৈ কোৱাত অভিনেত্ৰী আমিষাই তেওঁক হত্যা কৰাৰ ধমক দিয়ে৷ শেষত পৱন শৰ্মাই উপায়বিহীন হৈ আদালত কাষ চাপি অমিষা পেটেলৰ লগতে তেওঁৰ সহকৰ্মী অহমদ শ্বৰীফ, সুৰেশ পৰমাৰ আৰু ৰাজকুমাৰ গোস্বামীৰ বিৰুদ্ধে আই পি চিৰ ৪০৬, ৫০৪ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰিছে৷ আনহাতে, আদালতে ৪ জন আচামিক ১২ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে৷