Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

ৱাশ্বিংটনঃ গৰ্ভপাত কৰাটো আইনমতে দণ্ডনীয় অপৰাধ৷ এই বিষয়ক লৈ আমেৰিকাস্থিত অলবামাৰ চিনেটে গৰ্ভপাত কৰাৰ বিষয়ত নিষেধাজ্ঞা আইন জাৰি কৰিছে৷ আনহাতে, চিকিৎসকে এই বিষয়ত সহায় কৰিলে তেওঁক ৯৯ বছৰৰ বাবে জেইলত দিয়া হ’ব৷

এক প্ৰতিবেদনৰ সূত্ৰে এই বিধেয়কখন প্ৰণয়ন কৰাৰ বহু বিতৰ্কৰ পাছতহে এই সিদ্ধান্তত পৰিণত হয়৷ কিন্তু আমেৰিকাৰ অলবামা হাউছে গৰ্ভপাতৰ কিছু ক্ষেত্ৰত কিছুমান নিয়ম বান্ধি দিছে৷ যদি গৰ্ভাৱস্থা মহিলা গৰাকীৰ শাৰিৰীক অৱস্থা সংকটজনক, নতুবা গৰ্ভত থকা সন্তানটিৰ মাৰাত্মক বেমাৰ তেন্তে সেই বিষয়ত চালি জাৰি চাই মহিলাগৰাকী গৰ্ভপাত কৰাব পাৰে৷ 

আমেৰিকাৰ গণতান্ত্ৰিক নেতাসকলে দুষ্কৰ্ম আৰু পাৰিবাৰিক যৌন হিংসাৰ বলি হ’বলগীয়া মহিলাসকলক ন্যায় দিবলৈ এই বিধেয়কখন সংশোধনীৰ বাবে দাখিল কৰিছিল যদিও ১১-২১ টা ভোটৰ বাবে মঞ্জুৰি দিয়া নাছিল৷

কিন্তু এই বিধেয়কখনক সন্মতি প্ৰদান কৰিবলৈ প্ৰয়োজন হ’ব গৱৰ্নৰৰ হস্তাক্ষৰৰ৷ মাত্ৰ ছয়দিন সময় আছে এই বিধেয়কখন চহীকৰাৰ বাবে৷ বৰ্তমানে ইয়াৰ প্ৰক্ৰিয়া চলি আছে৷