আমগুৰিঃ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰা ৰাজনৈতিক দলক ভোট দিবলৈ আহ্বান জনাইছে টাই আহোম যুৱ পৰিষদকে ধৰি ৪ টাকৈ সংগঠনে৷

মঙলবাৰে শিৱসাগৰ জিলাৰ জাঁজীৰ নন্দন বন ৰিজৰ্টত আয়োজিত এখন সংবাদমেলত টাই আহোম যুৱ পৰিষদ, টাই যুৱ ছাত্ৰ পৰিষদ, নিবনুৱা সুৰক্ষা সন্থা, আৰু কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ নেতৃবৰ্গই আগন্তুক লোকসভা নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সমৰ্থন কৰা বিজেপি দলক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায়।  

পৰোক্ষভাৱে কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনোৱা সংবাদ মেলখনত টাই আহোম যুৱ পৰিষদৰ মৃদুল বাইলুং ফুকন, পবিত্ৰ গগৈ, টাই যুৱ ছাত্ৰ পৰিষদৰ প্ৰাঞ্জল শইকীয়া, নিবনুৱা সুৰক্ষা সন্থাৰ অপুৰাজ শৰ্মা, আৰু কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ অনন্ত আৰন্ধৰা উপস্থিত থাকি সাংবাদিকক সম্বোধন কৰে।