ডিজিটেল ৰিপ'ৰ্টঃ অসমত যোৱা কিছুবছৰৰ পৰা ব্যক্তিগত ছেটেলাইট চেনেলবোৰত প্ৰচাৰিত হৈ অহা ধাৰাবাহিকবোৰে দৰ্শকক সীমাহীনভাৱে মনোৰঞ্জন দি আহিছে আৰু দৰ্শকেওঁ আদৰি লৈছে ভাল ধাৰাবাহিকবোৰ।

ছবিঘৰত অসমীয়া ছবি চাবলৈ নগ'লেও ঘৰতে বহি দৰ্শকে বেলেগ বেলেগ অসমীয়া মেগা ছিৰিয়েলবোৰৰ সোৱাদ লয়। কিছুমান মেগাছিৰিয়েলে ৭০০ ৰ পৰা ১০০০ খণ্ড সম্পূৰ্ণ কৰিবলৈ ওলাইছে।

ইয়াৰ মাজতে, ২৮ আগষ্টৰ পৰা নিশা ৯ বজাত প্ৰচাৰিত হ'ব জোনাক চেনেলত আন এখন নতুন ধাৰাবাহিক "অনামিকা"। ধাৰাবাহিকখন পৰিচালনা কৰিছে প্ৰতিভাশালী নবতম পৰিচালক আমিন আহমেদে। কাহিনী দীপক ৰয়ৰ, চিত্ৰনাট্য আৰু সংলাপ হাইদৰ আলম আজাদৰ। সহযোগী হিচাপে আছে সঞ্জু দাস (অনন্ত)ৰ।

এ আৰ ইন্টাৰনেশ্যনেল বেনাৰত ধাৰাবাহিকখন প্ৰযোজনা কৰিছে হাইদৰ আলম আজাদে। শীৰ্ষ সংগীত ভৃগু কাশ্যপৰ, আৱহ সংগীত ভগৱত প্ৰীতমৰ। কেমেৰা কৰিছে কৃষ্ণ শ্বাহে। মুখ্য সহকাৰী পৰিচালক হিচাপে আছে পৰেশ শইকীয়া, সহকাৰী বিতোপন মহন্ত, মেক আপ বিনীতাৰ।

ধাৰাবাহিকখনত অভিনয় কৰিছে পদ্মৰাগ গোস্বামী, ডোলা পল, ৰেবা ফুকন, কাজল শৰ্মা, ৰূপম বৰুৱা, দীনেশ বিষয়া, অনন্যা পাচনি, জ'ন হক, সিদ্ধাৰ্থ মুখাৰ্জী, ভৃগু কাশ্যপ, ভগৱত প্ৰীতম, হাইদৰ আলম আজাদ,ঝৰ্ণা বিষয়া, বিৰঞ্চি কলিতা, সাংৰগ বৰদলৈ , সঞ্জু দাস(অনন্ত), পৰী নাথ, মিংকুমণি নাথ, মিন্টু আচলাম, মধুস্মিতা হাজৰিকা, সুমীত চৌধুৰী, কৰিস্মা চৌধুৰী, তন্ময় চেতিয়া, নিৰ্মালি বৰাকে আদি কৰি ন-পুৰণি শিল্পীয়ে।

ধাৰাবাহিকখনৰ শীৰ্ষ গীতটো ভৃগুৰ কন্ঠত খুবেই সুন্দৰ হৈছে। এক নতুন কাহিনীৰে ধাৰাবাহিকখনে দৰ্শকৰ মন জয় কৰি মনোৰঞ্জন দিবলৈ পূৰ্ণভাৱে সক্ষম হ'ব বুলি ধাৰাবাহিকখনৰ টীমে জনাইছে। উল্লেখ্য যে, জোনাক চেনেলৰ বহুকেইখন ধাৰাবাহিকে দৰ্শকৰ পৰা পূৰ্ণ সহাৰি লাভ কৰিছে। এই নতুন ধাৰাবাহিকখনকো সকলোৱে আদৰি ল'ব বুলি আশা কৰা হৈছে।