মুম্বাইঃ মূৰত ৪০০ কোটি টকাৰ ঋণৰ বোজা লৈ দেশ এৰি পলাল কেবাজনো চাউল ব্যৱসায়ী। অৱশ্যে এই কৰ’না কালত নহয়, আজিৰ পৰা ৪ বছৰ পূৰ্বেই দেশ এৰিছিল চাউল ব্যৱসায়ীজনে। কিন্তু ষ্টেট বেংক অব ইণ্ডিয়াই চিবিআইৰ বিৰুদ্ধে এতিয়াহে দাখিল কৰিছে অভিযোগ।

এছবিআইসহ মুঠ ৬টা বেংকৰ পৰা প্ৰায় ৪০০ কোটি টকাৰ ঋণ লৈ পৰিশোধ নকৰা চাউল ব্যৱসায়ীকেইজনৰ কোম্পানীটোৰ নাম হৈছে ৰামদেৱ ইণ্টাৰনেশ্যনেল লিমিটেড। যোৱা ২৫ ফেব্ৰুৱাৰীত এই কোম্পানীটোৰ মালিককেইজনৰ বিৰুদ্ধে চিবিআইৰ দ্বাৰস্থ হৈছিল এছবিআই। তাৰ পিছতো কোনো ফল নধৰাত যোৱা ২৮ এপ্ৰিলত পুনৰ কোম্পানীটোৰ বিৰুদ্ধেও অভিযোগ দিয়ে বেংকটোৱে।

কোন বেংকৰ পৰা কিমান ঋণ লৈছিল?

২০১৬ চনতে নন-পাৰফৰ্মিং এছেট হিচাপে ঘোষণা কৰা হৈছিল ৰামদেৱ ইণ্টাৰনেশ্যনেল নামৰ কোম্পানীটোৰ ঋণক। কোম্পানীটোৱে এছবিআইৰ পৰা ১৭৩.১১ কোটি, কানাড়া বেংকৰ পৰা ৭৬.০৯ কোটি, ইউনিয়ন বেংক অব ইণ্ডিয়াৰ পৰা ৬৪.৩১ কোটি, চেণ্ট্ৰেল বেংক অব ইণ্ডিয়াৰ পৰা ৫১.৩১ কোটি, কৰ্পৰেশ্যন বেংকৰ পৰা ৩৬.৯১ কোটি আৰু আইডিবিআই বেংকৰ পৰা ১২.২৭ কোটি টকাৰ ঋণ লৈছিল কোম্পানীটোৱে।

কাৰ কাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ?

এছবিআইৰ অভিযোগৰ পিছতে চিবিআই-এ ঘাইকৈ বাচমতী চাউলৰ ব্যৱসায়ৰ সৈতে জড়িত কোম্পানীটোৰ সঞ্চালক নৰেশ কুমাৰ, সুৰেশ কুমাৰ, সংগীতা আৰু এজন অজ্ঞাত শীৰ্ষ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ঠগ-প্ৰবঞ্চনা, বিশ্বাস ভংগ, আৰু দুৰ্নীতিৰ অভিযোগৰ ভিত্তিত লোককেইজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। 

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, এছবিআই-এ চিবিআইক দাখিল কৰা অভিযোগ পত্ৰখনত লিখিছে, 'লিকুইডিটি সমস্যাৰ বাবে উক্ত কোম্পানীটোক ২০১৬ৰ ২৭ জানুৱাৰীতেই ১৭৩.১১ কোটিৰ এনপিএ ঘোষণা কৰা হৈছিল। ঋণ পৰিশোধ কৰাৰ পৰা হাত সাৰিবলৈ বুলি বেংক একাউণ্ট আৰু বেলেন্সশ্বিটত জালিয়াতি কৰি কোম্পানীটোৱে নিজৰ প্লাণ্ট আৰু তাত থকা যন্ত্ৰ-পাতি সকলো উঠাই লৈ গৈছে।’

একাউণ্টটো এনপিএ ঘোষিত হোৱাৰ পিছতে এছবিআই-এ আৰক্ষীৰ সৈতে ২০১৬ৰ আগষ্ট আৰু অক্টোবৰত কোম্পানীটোৰ সা-সম্পত্তিৰ সন্ধান কৰে। কিন্তু সেই অভিযানত কোম্পানীটোৰ কোনো সদস্যকে সাক্ষাৎ কৰিব নোৱাৰিলে বুলিও অভিযোগ পত্ৰত উল্লেখ কৰিছে বেংকটোৱে। 

'ঋণগ্ৰস্ত এজনকো আমি সেই অভিযানত বিচাৰি নাপালো। ইয়াৰ পৰিৱৰ্তে তথ্য-পাতিত উল্লেখ কৰা এটা ঠিকনাত আমি হাৰিয়ানা পুলিচ ছিকিউৰিটি গাৰ্ডৰ কেইজনমান জোৱান তাত নিযুক্ত হৈ থকা পাইছিলো। অনুসন্ধানত আমি জানিব পাৰো যে কোম্পানীটোৰ আটাইকেইজন মালিকেই ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে।’-এছবিআইৰ অভিযোগ।

কোম্পানীটোৰ বিৰুদ্ধে উঠিছিল আন এক অভিযোগ

নেশ্যনেল কোম্পানী ল’ ট্ৰিবিউনেল(NCLT)ত ৰামদেৱ ইণ্টাৰনেশ্যনেল ট্ৰিবিউনেলৰ বিৰুদ্ধে মুছাড়ি লাল কৃষ্ণ লাল নামৰ এটা কোম্পানীয়ে ৩০ লাখ টকা দিব থকা বুলি উল্লেখ কৰি এবছৰ পূৰ্বেই অভিযোগ দাখিল কৰিছিল। উক্ত অভিযোগৰ ভিত্তিত ট্ৰিবিউনেলে ৩ বাৰকৈ ৰামদেৱ ইণ্টাৰনেশ্যনেলৰ ৩জনকৈ সঞ্চালকলৈ জাননী জাৰি কৰিছিল যদিও কোনো উত্তৰ পোৱা নগ’ল। ২০১৮ৰ ডিচেম্বৰত ট্ৰিবিউনেলক জনোৱা হয় যে অভিযুক্ত কোম্পানীটোৰ তিনিওজন মালিকেই দেশ এৰি ডুবাইলৈ পলায়ন কৰিছে আৰু ডুবাইতো কোনো সম্ভেদ পোৱা হোৱা নাই।

NDTVত প্ৰকাশিত এটা বাতৰিত চিবিআইৰ সূত্ৰৰ উধৃতি দি কোৱা হৈছে যে যেতিয়াই কোম্পানীটোৰ আটাইকেইজন মালিকে ভাৰতত থকা সকলো সা-সম্পত্তি বিক্ৰী কৰি দেশ এৰি পলায়ন কৰিছে আৰু ঋণলৈ লোৱা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি জানিব পাৰিছে তেতিয়াহে এছবিআই-এ অভিযোগ দাখিল কৰিছে। এই সন্দৰ্ভত বেংকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰাত বেংক কৰ্তৃপক্ষই কোনোধৰণৰ সহাৰি নিদিলে বুলিও বাতৰিটোত কোৱা হৈছে।