খেৰণিঃ পশ্চিম কাৰ্বি আংলঙত পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ পজিটিভৰ সংখ্যা। কিছুদিন পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ জিৰিবাছা গাওঁৰ অজয় শিৱা (২২) আৰু ভীম ভদ্ৰ সিংহা (২২) নামৰ যুৱকদ্বয়ৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত এইবাৰ পুনৰ দুই যুৱকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ। 

নতুনকৈ পজিটিভ ধৰা পৰা যুৱক দুজনৰ এজন যুৱকক মুন্না চৌহান (২১) বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজনক মোহন বাহাদুৰ ছেত্ৰী (১৯) বুলি চিনাক্ত কৰা হৈছে। খেৰণি থানাৰ অন্তর্গত ২ নম্বৰ নৱাইবিল গাঁৱৰ বাসিন্দা মুন্না চৌহান, আনহাতে মোহন বাহাদুৰ ছেত্ৰী টুমপ্ৰেঙৰ বাসিন্দা। ইতিমধ্যে নিশাই যুৱকদ্বয়ক চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰিছে প্ৰশাসনে তথা বিভাগীয় কৰ্তৃপক্ষই। 

কিছুদিন পূৰ্বে মোহন বাহাদুৰ ছেত্ৰী বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ অহাৰ বিপৰীতে মুন্না চৌহান নামৰ যুৱকজনেও কৰ্মসূত্ৰে মহাৰাষ্ট্ৰৰ মুম্বাইত আছিল। যোৱা ফেব্ৰুৱাৰী মাহতে কৰ্মস্থান ত্যাগ কৰি নিজ গৃহলৈ উভতি আহিছিল মুন্না চৌহান। কিন্তু কিছুদিন পূৰ্বে মুন্না চৌহান শাৰীৰিক কিছু অসুস্থ হোৱাত তেজৰ নমুনা পৰীক্ষা কৰাত যুৱকজনৰ দেহত ধৰা পৰে ক’ভিড-১৯ পজিটিভ।

ইতিমধ্যে উক্ত ২ নম্বৰ নৱাইবিল অঞ্চলটোক পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিছাপে ঘোষণা কৰিছে। এই পজিটিভ তথ্যৰ খৱৰ ৰাষ্ট্ৰ হৈ পৰাৰ পাছতেই নৱাইবিল অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰাৰ লগতে ভীতিগ্ৰস্ত হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ সাধাৰণ ৰাইজ। 

আনহাতে আজি পুৱাৰ ভাগত গাজিয়াবাদৰ পৰা নিজ গৃহলৈ বুলি আহি খেৰণি পুৰণাবস্তিত উপস্থিত হোৱা মুৰাদ যাদৱৰ পুত্ৰ সোণো যাদৱকো (১৯) কোৱাৰেণ্টাইনৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে জিলা প্ৰশাসনে। এনেদৰেই এতিয়া সমগ্ৰ অসমৰ লগতে পশ্চিম কাৰ্বি আংলঙতো ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা।