খৈৰাবাৰীঃ ভেৰগাওঁ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ভেৰগাওঁ গ’ল্ডেন চ’ছাইটিৰ সহযোগত সমগ্ৰ বিশ্বৰ লগতে গোপচাছুবা হাইস্কুলতো আন্তৰাষ্ট্ৰীয় ড্ৰাগ বিৰোধী দিবস পালন কৰা হয়৷

গোপচাছুবা হাইস্কলৰ প্ৰধান দিব্যজ্যোতি দত্তৰ সঞ্চালনাত অনুষ্ঠিত ড্ৰাগছ আৰু সৰবৰাহ বিৰোধী দিবসত নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জয়ন্ত কুমাৰ দাস উপস্থিত থাকে। 

সভাত টংলাৰ বেচৰকাৰী সংগঠন ৰোজ এন জি অ’, টংলা আৱকাৰী বিভাগৰ বিষয়-ববীয়া, টংলা নাগৰিক সমিতি, স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰেন্দ্ৰ নাথ হাজৰিকা, জ্যেষ্ঠ চিকিৎসক বসন্ত দৈমাৰী, সাংবাদিক গনেশ ডেকা, ৰোজ এন জি অ’ৰ সম্পাদক ললিত বড়ো আৰু মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই ছাত্ৰ-ছাত্ৰীক তথা অভিভাৱকে ল’বলগীয়া সচেতনতা সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷