গুৱাহাটীঃ অৱশেষত অসম লোকসেৱা আয়োগৰ নিযুক্তিৰ কেলেংকাৰীৰ তদন্ত সামৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। ২০১৬ চনৰপৰা ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰা অসম লোকসেৱা আয়োগৰ নিযুক্তিৰ কেলেংকাৰীৰ তদন্তৰ চূড়ান্ত প্ৰতিবেদন বৃহস্পতিবাৰে দাখিল কৰিলে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতত। 

আৰক্ষীৰ বিষয়া সুৰজিৎ সিং পানেচৰে বৃহস্পতিবাৰে আদালতত দাখিল কৰাৰ তদন্তৰ চূড়ান্ত প্ৰতিবেদনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালক সাঙুৰি মুঠ ৭৪ গৰাকীৰ অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হয় তদন্তৰ প্ৰতিবেদন। তদন্তৰকাৰীক আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৭৪ গৰাকীৰ অভিযুক্তৰ ৪ গৰাকীৰ বৰ্তমান সময়ত পলাতক। 

ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে বৃহস্পতিবাৰে আদালতত তদন্তৰৰ বাবে আৰু অতিৰিক্ত সময় বিচৰা হোৱা নায়। কিন্তু কিছুসংখ্যক নথি-পত্ৰ আদালতত আৰু জমা দিবলৈ বাকী আছে তাৰ বাবে অতিৰিক্ত আৰু ৮ সপ্তাহ সময় আদালত বিচৰা হৈছে। সেই অতিৰিক্ত সময় সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে অহা ২০ জুনত ৰায় প্ৰদান কৰিব। 

ডিব্ৰুগড় আৰক্ষীৰ ৯৩৬/১৫ নম্বৰ গোচৰৰ অধীনত ২০১৬ চনৰ অক্টোবৰ মাহৰপৰা আৰম্ভ হৈছিল অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ গোচৰটোৰ তদন্ত। তাৰ পাছতে সেই বর্ষৰে ৪ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল এপিএছচিৰ অধ্যক্ষ ৰাকেশ পাল। তাৰ পৰৱৰ্তী সময়ত বহুসংখ্যক ৰাজপত্ৰিত বিষয়া ধনৰ বিনিময়ত চাকৰি এপিএছচি চাকৰিৰ ক্ৰয় কৰাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল। তাৰে কিছুসংখ্যক অভিযুক্ত ৰাজপত্ৰত বিষয়া জামিনত মুকলি আকাশৰ তললৈ ওলাইছে যদিও অধ্যক্ষ ৰাকেশ পালৰপৰা আৰম্ভ কৰি বহু সংখ্যক অভিযুক্ত এতিয়াও ন্যায়িক জিম্মাত।

ইফাল, আজি তাদন্তকাৰী আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদনখন হৈছে এপিএছচি কেলেংকাৰী নৱমখন প্ৰতিবেদন। অৰ্থাৎ বৃহস্পতিবাৰে প্ৰতিবেদনখন হৈছে অন্তিমখন প্ৰতিবেদন। আনহাতে, তদন্তকাৰী আৰক্ষীৰ বিষয়া সুৰজিৎ সিং পানেচৰে জানিবলৈ দিয়া অনুসৰি অন্তিমখন প্ৰতিবেদন আদালতত দাখিল কৰাৰ পাছতো যদি এই সংক্ৰান্তত অভিযোগ পোৱা যায় তেন্তে তাৰ ওপৰত পুনৰ তদন্তৰ কৰা হ’ব। বৰ্তমান এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত আৰু অভিযুক্ত বৰ্তমান সময়ত আমাৰ হাতত নাই বুলি তেওঁ উল্লেখ কৰে।