কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰীঃ বোকাখাতৰ সত্য নাৰায়ণ সেৱা সদনত কালি অৰ্থাৎ ১৫ জুন তাৰিখে অনুষ্ঠিত হৈ যায় বোকাখাতৰ অন্যতম প্ৰকাশন গোষ্ঠী "অভিলাষ প্ৰকাশন’ৰ উদ্যোগত আৰু "আছাম ফাইন আৰ্টছ একাডেমি’ৰ সহযোগত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ আৰু "অভিলাষ প্ৰকাশন"ৰ গ্ৰন্থ উন্মোচন অনুষ্ঠান ৷  

যোৱা ২৬ মে' ২০১৯ তাৰিখে অভিলাষ বৰা(বু)ৰ ২৫ সংখ্যক জন্মদিন উপলক্ষে আয়োজন কৰা গোলাঘাট জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাৰ গাম্ভীৰ্যতাপূৰ্ণ বঁটা বিতৰণীৰ  অনুষ্ঠানটি  কালি অনুষ্ঠিত হৈ যায় । এই অনুষ্ঠানটিতে 'অভিলাষ প্ৰকাশন'ৰ তিনিখনকৈ নৱতম গ্ৰন্থৰো শুভ উন্মোচন কৰা হয় । 

অভিলাষ(বু) ৰ ২৫ সংখ্যক জন্ম দিৱসত অনুষ্ঠিত এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে অভিলাষৰ আইতাক মাকন বৰাই। তাৰ পাছতেই ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ বেদান্ত বিকাশ দত্তই এটি সত্ৰীয়া নৃত্য পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে । অনুষ্ঠানত উপস্থিত আছিল বিশ্ব মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হেমেন্দ্ৰ নাথ দত্ত, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা কবি,গল্পকাৰ ড° মঞ্জু লস্কৰ, তিনিচুকীয়াৰ বিশিষ্ট লেখক তথা সমালোচক শ্ৰীযুত মুকুল শৰ্মা, জে ডি এছ জি মহাবিদ্যালয় বোকাখাতৰ অধ্যক্ষ ড° জয়ন্ত গগৈ আৰু বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য শ্ৰীযুত দিব্যজ্যোতি গোস্বামী । 

অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে অনুষ্ঠানটিত তেখেত সকলৰ বহুমূলীয়া মন্তব্য আগবঢ়োৱাৰ লগতে কণ-কণ শিশু সকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাৰ সমান্তৰালভাৱে এক পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰতো অভিলাষ প্ৰকাশনৰ স্বত্বাধিকাৰী তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড° ৰুবী বৰাৰ মহৎ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৷ 

এই অনুষ্ঠানত উন্মোচিত হোৱা গ্ৰন্থ কেইখন হ'ল ডা° নিত্যানন্দ শইকীয়াৰ 'মৰমৰ ককাইদেউ'(প্ৰবন্ধ সংকলন)ড° ৰুবী বৰাৰ ' বকুল পুৰৰ বকুল কথা'(শিশু উপন্যাস) আৰু ৰঙৰ পৃথিৱী অনুষ্ঠানৰ তিনিটা বৰ্ষৰ পুৰস্কৃত প্ৰতিযোগীসকলে অংকন কৰা চিত্ৰৰ একত্ৰ সংকলন ' ৰঙৰ পৃথিৱী'। 'মৰমৰ ককাইদেউ', 'বকুলপুৰৰ বকুল কথা' আৰু 'ৰঙৰ প্ৰথিৱী' উন্মোচন কৰে ক্ৰমে ড° হেমেন্দ্ৰ নাথ দত্ত, ড°মঞ্জু লস্কৰ আৰু মুকুল শৰ্মাই । 

উন্মোচকৰ একাষাৰৰ লগতে লেখক ডা° নিত্যানন্দ শইকীয়া আৰু ড°ৰুবী বৰাই বক্তব্য আগবঢ়ায়। বঁটাবিতৰণী অনুষ্ঠানৰ পাছতে অভিলাষ প্ৰকাশনৰ তৰফৰ পৰা শংকৰদেৱ শিশু বিদ্যা নিকেতন বোকাখাতলৈ এটি কিতাপৰ টোপোলা প্ৰদান কৰা হয়। 

অনুষ্ঠানটিত এটি গীত পৰিবেশন কৰে  আয়ান চাৰফিৰোজে। অনুষ্ঠানটোৰ আঁত ধৰে ৰূপজ্যোতি ভৰালীয়ে ।চাৰিটা শাখাত অনুষ্ঠিত কৰা প্ৰতিযোগিতা সমূহৰ 'ক’ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীলৈ পুৰস্কাৰৰ লগতে দহ গৰাকীলৈ বিশেষ পুৰস্কাৰ, 'খ’ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীলৈ পুৰস্কাৰৰ লগতে পাঁচ গৰাকীলৈ বিশেষ পুৰস্কাৰ ৷ 'গ’ শাখাত তিনি হাজাৰ, দুই হাজাৰ আৰু এহেজাৰ টকাৰ পুৰস্কাৰৰ লগতে 'ঘ’ শাখাত পাঁচ, তিনি আৰু দুই হাজাৰ টকাৰ পুৰস্কাৰ  এই বঁটা প্ৰদান অনুষ্ঠানতে বিজয়ী প্ৰতিযোগী সকলক প্ৰদান কৰা হয় ৷