মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে ৩০ জানুৱাৰীৰ ছহীদ দিৱসৰ পৰা ১৪৮ ঘণ্টীয়া অখণ্ড সূত্ৰযজ্ঞ উলুবাৰী শৰণীয়া আশ্ৰমৰ গান্ধী ঘৰত অনুষ্ঠিত কৰা হ’ব৷ এই কাৰ্যসূচী প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব৷ এই কাৰ্যসূচীত অসম সৰ্বোদয় মণ্ডল, সৰ্বোদয় পৰিয়াল ন্যাস, উত্তৰ-পূৰ্বাঞ্চলৰ খাদী গ্ৰামোদ্যোগ মহাসংঘ, খাদী গ্ৰামোদ্যোগ আয়োগ, বৰক্ষেত্ৰী উন্নয়ন সমিতি মুকালমুৱা, গ্ৰাম স্বৰাজ সমিতি ৰঙিয়া, গ্ৰাম লোকসেৱা সংঘ, কস্তুৰবা ট্ৰাষ্ট আদি অনুষ্ঠানে সহযোগ কৰিব৷ উদ্বোধনী আৰু সমাৰণি সভা শৰণীয়া আশ্ৰমতেই দুয়ো দিনে দহ বজাৰ পৰা আৰম্ভ হ’ব৷