newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্ববাসীয়ে আশংকা কৰা মতেই উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক বাতিল কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷ ট্ৰাম্পৰ এই সিদ্ধান্তৰ পিছতে বিশ্বত একপ্ৰকাৰ খলকনি লগাইছে৷ বৈঠক বাতিলৰ পাছতে উত্তৰ কোৰিয়াই পৰমাণু পৰীক্ষণ সুৰংগ ধ্বংস কৰে৷
 
হোৱাইট হাউচে বৈঠক বাতিলৰ প্ৰকৃত কথা প্ৰচাৰ নকৰিলেও এটি বিবৃতি প্ৰকাশ কৰি কয় যে উত্তৰ কোৰিয়াই এই বৈঠকৰ বাবে অনুৰোধ জনাইছিল৷ কিন্তু অই বৈঠক অনুষ্ঠিত হোৱাটো কৰাটো অবাস্তৱ৷ এক ক্ষেত্ৰত আমি একপ্ৰকাৰ আগ্ৰহী আছিলো৷ কিন্তু উত্তৰ কোৰিয়াৰ শেহতীয়া বিবৃতি দুখজনক আৰু অবিশ্বাস আৰু ক্ৰোধেৰে ভৰা আছিল৷ এনে সময়ত এনে কথা উচিত নাছিল৷ যাৰ ফলত বৈঠক বাতিল কৰা হয়৷

কেৱল বিবৃতিত দুখ প্ৰকাশ কৰাই নহয় ডনাল্ড ট্ৰাম্পে হুংকাৰ দি পৰমাণু শক্তিশালী কাৰ্যৰ বাবে ধমকিও দিয়ে উত্তৰ কোৰিয়াক৷ ধমকি দি কয় ট্ৰাম্পে কয় ‘‘ভগৱানে নকৰক তোমালোকৰ পৰমাণু শক্তি প্ৰদৰ্শনক আমাৰ শক্তি প্ৰদৰ্শনেৰে চাবৰ বাবে সময় আহি নপৰক৷’’  

উল্লেখ্য যে, অহা ১২ জনত উত্তৰ কোৰিয়া আৰু আমেৰাকৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু কিম-জং-উনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল৷ বৈঠকৰ চৰ্ত আছিল পৰমাণু পৰীক্ষণ বন্ধ ৰখা৷ দীৰ্ঘ সময়ৰ অন্তত বৃহস্পতিবাৰে উত্তৰ কোৰিয়াই পাংগিয়াত পৰমাণু পৰীক্ষা কেন্দ্ৰৰ সুৰংগ ধ্বংস কৰে কিমৰ প্ৰশাসনে৷ ধ্বংসৰ পিছতে সাংবাদিকক জানিবলৈ দি উত্তৰ কোৰিয়াই কয় যে অহা মাহত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ বাবে ইতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ কিন্তু তাৰ পূৰ্বেই এই বৈঠক বাতিল কৰি মাৰ্কিন প্ৰশাসনে চমক সৃষ্টি কৰিলে৷

উল্লেখ্য যে, আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বুলি খোদ টুইট কৰি প্ৰকাশ কৰি প্ৰকাশ কৰিছিল৷ টুইট কৰি ১১ মে’ত খোদ দিন ঘোষণা কৰি জুনত সাক্ষাৎ কৰিব বুলি প্ৰকাশ কৰি ট্ৰাম্পে কয় ‘‘অহা ১২ জুনত, চিংগাপুৰত কিম-জং উন সৈতে মোৰ অত্যন্ত প্ৰত্যাশিত বৈঠক অনুষ্ঠিত হ’ব৷ বিশ্বৰ শান্তি বাবে দুয়োজনে চেষ্টা কৰিম৷ এই বিশেষ মুহূৰ্ত স্মৰণীয় হৈ ৰব৷’’ 

দুয়োদেশৰ মাজত প্ৰায় এটা বছৰ পৰমাণু পৰীক্ষণক লৈ উত্তেজনাৰ লগতে বাকযুদ্ধ হৈ আছে৷ সমগ্ৰ বিশ্বই দুয়োদেশৰ মাজত যুদ্ধ হ’ব বুলি আশংকা পৰ্যন্ত কৰিছিল৷ আমেৰিকাৰ বাধা সত্বেও উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জিঙে পৰমাণু পৰীক্ষণ কৰি গৈছে৷ আশংকা কৰা মতে, দুয়ো দেশৰ মুৰব্বীৰ মাজত পৰমাণু পৰীক্ষা সম্পৰ্কত আলোচনা হ’ব পাৰে৷  

উত্তৰ কোৰিয়াই ১০ মে’ত তিনি মাৰ্কিন গুপ্তচৰ বন্দীক মুকলি কিৰ দিছিল৷ তাৰ পাছতে বৰফ গলে ট্ৰাম্প আৰু কিমৰ মাজত আৰু টুইট কৰি অৱগত কৰে৷  

ডনাল্ড ট্ৰাম্পক হুংকাৰৰ পিছত হুংকাৰ দি আহিছিল কিম-জং-উনে। ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ সফল উৎক্ষেপণ কৰি আমেৰিকাক উদ্দেশ্যি হুংকাৰ প্ৰদান কৰি আহিছিল উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উত্তৰ কোৰিয়াক লক্ষ্য কৰি যুদ্ধ কৰিম বুলিও কৈছিল৷