newsnextone.com ।। ডিজিটেল ডেস্কঃ
বুচুত অনুষ্ঠিত হোৱাঃ 
@ সূৰ্য ভানু প্ৰতাপক ৬০ কিঃগ্ৰা-ৰ ছেমিফাইনেলত ইৰানৰ এৰফানে ২-০ আৰু ৬৫ কিঃগ্ৰাম-ত নৰেন্দ্ৰ গ্ৰেৱালক ইৰানৰে জাফৰীয়ে ২-০ ত পৰাস্ত কৰি ফাইনেললৈ যোৱাৰ আশাত চেচাঁপানী ঢালিলে। নিৰাশগ্ৰস্ত হৈ পৰা খেলুৱৈ দুইজনে ভাৰতক বঞ্জৰ পদকেৰে সন্তুষ্টি কৰিবলগীয়া হয়। ভাৰতৰ খেলুৱৈ সন্ত্তোষ কুমাৰে ভাৰত্তোলনৰ পুৰুষৰ ৫৬ কিঃগ্ৰা আৰু ৰোশিবিনা দেৱীয়ে মহিলাৰ ৬০ কিগ্ৰাৰ ভাৰত্তোলনত ছেমিফাইনৰ পৰ্যায়ত থমকি ৰয়। এনেদৰে ভাৰতলৈ ব্ৰঞ্জ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয় এই আটাইকেইজন খেলুৱৈয়ে। 

@ পুৰুষৰ ৪*৪০০ মিটাৰৰ ফ্ৰী পদ্ধতিৰ ৰিলেৰ প্ৰতিযোগিতাত ভাৰতীয় দলে ৩.৩৫.৩৪ সময় লৈ অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়।সুমিত নাগপাল আৰু ৰামকুমাৰ ৰামনাথনক পুৰুষৰ ডাবলছৰ চতুৰ্থ চুড়ান্ত  কোৱাটাৰ ফাইনেল খেলখনত কাজাকিস্তানৰ বুবিক আৰু ইয়েৱসেৱৰ যুটীয়ে ২-১ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।  যাৰ ফলত ভাৰতৰ জিমনষ্ট দুগৰাকীৰ বিজয় গতি কোৱাটাৰ ফাইনেলতে স্তব্ধ হৈ পৰে।

@ আৰ্টিষ্টিক জিমনাষ্টিকচত মহিলা দলৰ চূড়ান্ত পৰ্যায় আৰম্ভ হ'ল। ভাৰতে মুঠ ২৩.৩০০ অংক লাভ কৰিবলৈ সক্ষম হয়।  

@ পুৰুষৰ ডাবলচ্ শ্বুটিংত  ৰোহন বোপন্না আৰু দ্বিবিজ চৰণে চেমিফাইনেলৈ যোৱাৰ সুযোগ লাভ কৰে। চীনৰ টাইপেৰৰ জোৰাক ২-১ পৰাস্ত কৰি নিজৰ স্থান দখল কৰে। 

@ এছিয়ান গেমছত ৰেছলিঙৰ বাবে অতি দুখজনক খবৰ। ৯৭ কিঃগ্ৰা-ৰ গ্ৰেকো ৰোমান ৰেছলাৰ হৰদীপ ৰেপপেজ পৰ্যায়ত উজৱেকিস্তানৰ ৰেছলাৰৰ লগত পৰাজয় বৰণ কৰিবলগীয়া হয় । 

@ ৰাহী চৰনৌবতে ভাৰতলৈ কঢ়িয়াই আনিলে সোণৰ পদক। অন্তিম পৰ্যায়ত থাইলেণ্ডৰ শ্বুটাৰ গৰাকীয়ে তিনিটাকৈ লক্ষ ভেদ কৰিব নোৱাৰিলে। আনহাতে ৰাহীয়ে তিনিটাৰ ভিতৰত এটাকৈ লক্ষ ভেদ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনি ভাৰতীয় মহিলাৰ শ্বুটাৰ নামৰে নিজৰ স্থান লাভ কৰিবলৈ সক্ষম হয়।

@ জিমনাষ্টিকত নাম দখল কৰি অহা দীপা কৰ্মকাৰে চূড়ান্ত পৰ্যায়ৰ পৰা আঁতৰি দিয়ে। আঁঠুত গুৰুতৰভাৱে আঘাত পোৱা দীপাই ৱেলেছিঙ চূড়ান্ত পৰ্যায়ত আগভাগ লব বুলি নিশ্চিত কৰে।