নতুন দিল্লীঃ অক্ষমতা হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংজ্ঞানাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। কিন্তু এনে শাৰীৰিক অক্ষমতাক নেওচি কৰ্ণাটকৰ নিৰঞ্জন মুকুন্দনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

এবাৰ নহয় মুঠ ১৭ বাৰলৈকে অস্ত্ৰোপচাৰ কৰা নিৰঞ্জনৰ যঁজা ভৰি দুখনৰ বাবে তেওঁ এজন সাঁতুৰবিদ হ’বলৈ সক্ষম হয়৷ দৰাচলতে কৰ্ণাটকত জন্ম গ্ৰহণ কৰা নিৰঞ্জনৰ ভৰি দুখন সৰুৰে পৰা যঁজা আছিল৷ ভালদৰে থিয় হ’ব নোৱাৰা নিৰঞ্জনৰ প্ৰায় ১৭ বাৰলৈকে অস্ত্ৰোপচাৰ কৰাৰ পাছতো সম্পূৰ্ণ সুস্থ হোৱা নাছিল তেওঁ৷

চিকিৎসকৰ পৰামৰ্শ মতে যোগভ্যাস তথা খেল খেলিব ধৰিলে নিৰঞ্জনে৷ নিৰঞ্জনক হৰ্ছ ৰায়দিং, চুইমিঙৰ ভিতৰত যিকোনো খেল খেলিবলৈ কয় চিকিৎসকে৷ কিন্তু হৰ্ছ ৰায়দিং কৰিবলৈ ভয় কৰি নিৰঞ্জনে চুইমিঙ খেলাৰ পথ বাচি ল’লে৷

লাহে লাহে তেওঁৰ ভৰি দুখনেও তেওঁক লগ দিলে৷ যাৰ ফলত নিৰঞ্জনে পেৰা এছিয়ান গেমছত পদক লাভ কৰিবলৈ সক্ষম হয়৷ কেৱল এয়াই নহয়, ২০১৯ বৰ্ষৰ ন’ৰৱেই চুইমিং চেম্পিয়নছিপত তেওঁ সোণৰ পদক লাভ কৰে৷ মুঠ ৫ বাৰকৈ এই চেম্পিয়নছিপত সোণৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা জনেই নিৰঞ্জন মুকুন্দন৷

স্পাইনা বাইফিডাৰৰ দৰে ভয়ংকৰ ৰোগত আক্ৰান্ত হোৱা নিৰঞ্জনে শাৰীৰিক অক্ষমতাক কুন্ঠাবোধ নকৰি নিজৰ কষ্ট, সাহসৰ বাবে অক্ষম তথা শাৰীৰিক বিকাশগ্ৰস্তলোকৰ এক উজ্জল উদাহৰণ হৈ ৰয়৷