ৰঙা সংৰক্ষিত বনাঞ্চল ধ্বংসৰ গৰাহত নেকি !

লখিমপুৰৰ পৰা বিশেষ সংবাদদাতাঃ অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী ৰঙা সংৰক্ষিত বনাঞ্চলক  লৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিবাদ চলি থকাৰ সময়তে পুনৰ অৰুণাচলে অঞ্চলটোত পথ নিৰ্মানৰ কাৰ্যসুচী গ্ৰহণ কৰাটোৱে সীমান্তবৰ্তী লোকসকলৰ মাজত প্ৰশ্নমুখৰ পৰিবেশৰ সুচনা কৰিছে। পৰিবেশ সংৰক্ষণৰ দিশটোক সমগ্ৰ বিশ্বই বিশেষ গুৰুত্ব প্ৰদান কৰাৰ সময়তে ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচল প্ৰদেশে চলোৱা  বেদখল কাৰ্যই মুল্যবান বহু গছ গছনি লগতে বন্যপ্ৰাণী সমূহৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে। অসমৰ প্ৰায়বোৰ সীমান্তবৰ্তী অঞ্চলত চলি থকা সীমা সমস্যাৰ সৈতে ব্যতিক্ৰম নহয় অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ৰঙা সংৰক্ষিত অঞ্চল।সীমা সমস্যা তথা বিবাদমান অঞ্চলসমূহৰ স্থায়ী সমাধান প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনলৈ অহা চৰকাৰখনে বৰ্তমান নিৰ্বিকাৰ ভুমিকা গ্ৰহন কৰাত সীমান্তবৰ্তী লোকসকল ক্ষোভিত হৈ পৰিছে। লখিমপুৰ জিলা প্ৰশাসন,বন বিভাগৰ ওচৰত বহুবাৰ আবেদন কৰা স্বত্ত্বেও কোনো  সহাৰি নোপোৱাত প্ৰতিবাদমুখৰ পৰিবেশ অঞ্চলটোত গঢ়ি উঠিছে।

প্ৰতিবাদে গা লৰাবনে বন বিভাগৰ লগতে শাসনাধিষ্ট চৰকাৰখনৰ

ৰঙা সংৰক্ষিত বনাঞ্চলৰ লগতে জিলাখনৰ প্ৰায়বোৰ বনাঞ্চলৰ ভূমিত অবাধ হাৰত বেদখল অব্যাহত ৰখা  অৰুণাচল প্ৰদেশে শেহতীয়াভাৱে ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৰ্বত্ৰ লকডাউন চলি থকাৰ সুযোগতে ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভূমিত প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুই লেন যুক্ত পকী পথ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে।


অৰুণাচল প্ৰদেশৰ আগ্ৰাসন ৰোধৰ দাবীত জিলাখনৰ ভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰৰ জৰুৰী হস্তক্ষেপ দাবী জনাই আহিছে যদিও আজি ছমাহে চৰকাৰৰ উচ্চ পৰ্যায়ৰ বৰমূৰীয়া উক্ত বিবাদমান এলেকাত উপস্থিত হোৱা নাই।  অৰুণাচল প্ৰদেশে অসমৰ বনাঞ্চলৰ ভূমি বেদখল কৰা সন্দৰ্ভত সংবাদ মাধ্যমতো ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ হৈ আহিছে যদিও গা লৰা নাই চৰকাৰ তথা বন বিভাগৰ। বিভিন্ন পৰিবেশ সংৰক্ষণৰ লগত জড়িত সংস্থা লগতে অসমৰ অন্যান্য সংগঠনসমূহৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছত চুবুৰীয়া ৰাজ্যখনে অধিক তৎপৰতা আৰু যুদ্ধংদেহী ৰূপ লৈ সীমান্তত বেদখল অব্যাহত ৰাখিছে ।এই কাৰ্যত বাধা দিব নোৱাৰাকৈ আৰক্ষী আৰু স্থানীয় যুৱকক সশস্ত্ৰ ৰূপত মোতায়েন কৰা হৈছে। 

সীমান্তবৰ্তী জনসাধাৰণৰ শংকাসিক্ত জীৱনৰ অৱসান কেতিয়া 

অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকাৰ অসমীয়া জনসাধাৰণে প্ৰতি মুহূৰ্ততে আতংকৰ মাজেৰে জীৱন কটাবলগীয়া হৈছে। ইয়াৰ বিপৰীতে  ৰহস্যজনক আৰু দুৰ্ভাগ্যজনক স্থিতি গ্ৰহণ কৰিছে অসমৰ চৰকাৰী পক্ষই। চৰকাৰৰ দূৰ্বল স্থিতিয়ে আগ্ৰাসন বৃদ্ধি কৰি তুলিছে চুবুৰীয়া ৰাজ্যখনৰ।  পথটোৰ নিৰ্মাণৰ কাম স্তব্ধ নোহোৱাকৈ ইতিমধ্যে চল্লিশ শতাংশ নিৰ্মাণকাৰ্য সম্পন্ন কৰিছে চুবুৰীয়া ৰাজ্যখনে। লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা কিমিন,ৰামপুৰ, ফুলবাৰী, আৰু কাছজুলি,ঢেকীয়াজুলি,বগৰী আৰু হাৰমতী খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ অধীনস্থ ঢাল তৰোৱালহীন বন বিষয়া কৰ্মচাৰীলৈও তিলমানো ভয় অথবা শংকা নাই অৰুণাচল প্ৰশাসনৰ। পাহাৰীয়া ৰাজ্যখনৰ চৰকাৰী পৃষ্ঠপোষকতাত অৰুণাচলী লোকে ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভূমিত বহু বছৰ পূৰ্বেই চাৰিখনকৈ গাঁও, বিভিন্ন স্থানীয় প্ৰশাসনিক চৰকাৰী কাৰ্যালয় স্থাপন কৰিছিল। পাছত অসমৰ বন আৰু ৰাজহ বিভাগে সেইসমূহ উচ্ছেদৰ ব্যৱস্থা নকৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি প্ৰতিবেশী ৰাজ্যখনৰ চৰকাৰে বস্তি সমূহত চৰকাৰী বিদ্যালয়ৰ লগতে বিভিন্ন চৰকাৰী আঁচনি বাস্তৱত ৰূপায়িত কৰি অসমৰ ভূ-খণ্ডত আধিপত্য চলাই আহিছে। 

চুবুৰীয়া ৰাজ্যখনে ৰঙা বনাঞ্চলৰ ভূমিত বেদখল তীব্ৰতৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱাৰ সময়তো লখিমপুৰ জিলাৰ পৰা নিৰ্বাচিত হোৱা এজনো জন প্ৰতিনিধিয়ে সীমান্তত উপস্থিত হোৱা নাই। তাৰ বিপৰীতে নিয়মীয়াকৈ পথৰ নিৰ্মাণৰ কামৰ অগ্ৰগতি আৰু হুলস্থুলীয়া পৰিস্থিতিৰ বুজ ল'বলৈ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, দৈমুখ সমষ্টিৰ বিধায়কে নাওবৈচাৰ মাজেৰেই অহা যোৱা কৰি আহিছে। অসমৰ ভূ-খণ্ডৰ প্ৰতি সদায় শেনচকু ৰখা অৰুণাচল প্ৰদেশৰ চৰকাৰে  লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অসমৰ ভূ-খণ্ডত নিৰ্মাণ অব্যাহত ৰখা প্ৰায় চাৰিশ কোটি ব্যয় সাপেক্ষ পি-এম-জি-এছ-ৱাই আঁচনিৰ পকী পথটি আগন্তুক ২০২১ চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে তৎপৰতা বৃদ্ধি কৰাৰো খবৰ আহিছে। আন এক নিৰ্ভৰযোগ্য তথ্য অনুসৰি, ৰঙা সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় ছয় কিলোমিটাৰ এলেকাৰ  ভিতৰলৈ আগুৱাই আহি অৰুণাচল প্ৰদেশৰ চৰকাৰে উল্লেখিত পথটোৰ নিৰ্মাণকাৰ্য চলাইছে। এইক্ষেত্ৰত জাতি -মাতি আৰু ভেঁটি ৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰখনৰ দায়িত্বহীনতা আৰু নিৰ্লিপ্ততাৰ সুযোগ লৈ ক’ভিড মহামাৰীয়ে জটিল ৰূপ লোৱাৰ সময়তো চুবুৰীয়া অৰুণাচল প্ৰদেশ চৰকাৰে চলাই গৈছে অবাধ বেদখল । যাৰ পৰিণতিত সংকুচিত হৈ আহিছে অসমৰ ভৌগোলিক মানচিত্ৰ ।