গুৱাহাটীঃ বিশিষ্ট অৰ্থনীতিবিদ তথা অসম কুইজৰ পিতৃ স্বৰূপ ড° দিলীপ বৰুৱা আৰু নাই। মহানগৰীৰ আয়ুসুন্দ্ৰা হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাত বিয়োগ ঘটে বিশিষ্ট শিক্ষাবিদজনৰ। ১৯৪৪ চনত দৰং জিলাৰ ছিপাঝাৰত জন্ম গ্ৰহণ কৰা শিক্ষাবিদজনৰ ৭৩ বছৰ বয়সত দেহাৱসান ঘটে।

দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰা বৰুৱাই কটন মহষবিদ্যালয়,হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদ অলংকৃত কৰিছিল।ইয়াৰ উপৰিও ১৯৬৭ চনত অসমৰ প্ৰথম খন কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিছিল কটন মহাবিদ্যালয়ত।

অসম তথা উত্তৰ পূৱৰ কুইজৰ ক্ষেত্ৰখনত অভূতপূৰ্ব বৰঙনি আগবঢ়োৱা ড° দিলীপ বৰুৱাক অসম কুইজৰ পিতৃ আখ্যা দিয়া হয়। সামাজিক ক্ষেত্ৰখনৰ লগতে বিভিন্ন চৰকাৰী কাম কাজতো নিয়োজিত ড° দিলীপ বৰুৱাই ২য় অসম ৰাজ্যিক বিত্তিয়  আয়োগ আৰু ৭ ম দৰমহা আয়োগৰ সদস্য পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

শৈক্ষিক ক্ষেত্ৰখনৰ লগতে অসমৰ বৌদ্ধিক তথা অৰ্থনৈতিক ক্ষেত্ৰখনতো বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।