গুৱাহাটীঃ কিমান সুৰক্ষিত চৰকাৰী ৱেবছাইটসমূহ? যি ৱেবছাইটৰ জৰিয়তে কোনজন লোক ভাৰতীয়, কোনজন লোক ভাৰতীয় নহয় সেই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল উক্ত ৱেবছাইটত সৰ্বসাধাৰণ ৰাইজে আপলোড কৰা তথ্যসমূহ কিমান সুৰক্ষিত? ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ NRCৰ ৱেবছাইটৰ পৰা চূড়ান্ত তালিকাখন হঠাৎ নাইকিয়া হৈ পৰাৰ পিছতে এতিয়া এনে প্ৰশ্নই দিকভ্ৰান্ত কৰি তুলিছে সকলোকে। 

NRCৰ এক ভিতৰুৱা সূত্ৰই NNOক জনোৱা মতে যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাখন অনলাইন কৰাৰ সমস্ত দায়িত্ব অৰ্পণ কৰা হৈছিল দেশৰ আগশাৰীৰ তথ্য-প্ৰযুক্তি কোম্পানী Wiproক। কিন্তু Wiproৰ সৈতে হোৱা চুক্তিৰ ম্যাদ অন্ত পৰাৰ বাবেই চূড়ান্ত তালিকাখন অফলাইন হৈ পৰে বুলি জনাই সূত্ৰটোৱে।

কি কয় NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই?

নতুনকৈ দায়িত্ব লাভ কৰা NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মায়ো NNOৰ আগত একেটা কথাকেই সদৰী কৰে। NRCৰ তথ্যক লৈ অসমৰ ৰাইজ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই বুলিও আশ্বাস প্ৰদান কৰে ৰাজ্যিক সমন্বয়কগৰাকীয়ে। 'কথাটো হ’ল এনেকুৱা যে Wiproক ক্লাউড হষ্টিং ছাৰ্ভিছৰ বাবে কণ্ট্ৰেক্ট দিয়া হৈছিল। এই কন্ট্ৰেক্ট আছিল ১৯ অক্টোবৰ ২০১৯ লৈকে। তাৰ পিছত তেতিয়াৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে এই কণ্ট্ৰেক্ট এক্সটেনছন কৰাৰ প্ৰয়োজন আছিল। কিন্তু তেঁও এক্সটেনছন অৰ্ডাৰ নিদিলে। তাৰ পিছত তেওঁলোকে আনঅফিচিয়েলি ১৫ ডিচেম্বৰলৈকে ক্লাউড ছাৰ্ভিছ আমাক প্ৰদান কৰিলে। তেতিয়ালৈকে সকলোৱে সেয়া চাব পাৰিছিল। তাৰ পিছত তেওঁলোকে সেয়া বন্ধ কৰি দিলে। সেয়ে মানুহে চাব পৰা নাই।’-দেৱ শৰ্মাৰ মন্তব্য।

তেওঁ আৰু কয়, 'মই এই বিষয়ে যেতিয়া জানিব পাৰিলো তেতিয়া ৩০ জানুৱাৰীত কো-অৰ্ডিনেশ্যন কমিটিৰ মিটিঙত বিষয়টো উত্থাপন কৰিলো। তাৰ পিছত আমি ৬ ফেব্ৰুৱাৰীত Wiproক অৰ্ডাৰ দি দিছো ছাৰ্ভিছ পুনৰ প্ৰদান কৰিবলৈ। গতিকে দুই এদিনতে সেয়া আহি যাব। হয়তো টেকনিকেল কাৰণত অকণমান দেৰি হৈছে। কিন্তু অচিৰেই আহি যাব।’

ডাটা সুৰক্ষিত হৈ থকাৰ আশ্বাস, দায়ী প্ৰতীক হাজেলা!

আনহাতে চূড়ান্ত তালিকাখন অফলাইন হৈ যোৱাৰ পিছতে একাংশ লোকে চৰকাৰে ইচ্ছা কৰিয়েই ডাটাৰ ইফাল-সিফাল কৰিবলৈ এনে কাণ্ড সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰা দেখা গৈছে। বিশেষকৈ নৱ নিযুক্ত ৰাজ্যিক সমন্বয়কগৰাকীয়ে যোগদান কৰাৰ পিছতে কৰা কেতবোৰ বিতৰ্কিত মন্তব্যৰ বাবে এই অভিযোগ অধিক হৈ পৰা দেখা গৈছে। NNOৰ সৈতে হোৱা কথা-বতৰাত একাংশ লোকৰ এনে অভিযোগ পোনছাটেই নাকচ কৰে ৰাজ্যিক সমন্বয়কগৰাকীয়ে।

'ডাটা সম্পূৰ্ণৰূপে সুৰক্ষিত। ৰাইজে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ডাটা হেৰোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। সকলো আগৰ দৰেই আছে আৰু থাকিব।’-ডাটাক লৈ উদ্বিগ্ন হৈ পৰা অসমবাসীক উদ্দেশ্যি এইদৰে কয় দেৱশৰ্মাই। তেওঁ আৰু কয় যে পূৰ্বৰ সমন্বয়কগৰাকীয়ে বিষয়টোক গুৰুত্ব নিদিয়াৰ বাবেই এনে হ’বলৈ পালে। 'আগৰ সমন্বয়কজনে সকলো ঠিকমতে কৰা হ’লে এনে হ’বলৈ নাপালেহেতেন। তেওঁ নৱেম্বৰৰ ১২ তাৰিখে গৈছে। এই কণ্ট্ৰেক্ট শেষ হৈছিল অক্টোবৰতে। তেতিয়াই সেইখিনি কৰি যোৱা হ’লে আজি অনলাইন হৈয়ে থাকিলেহেতেন। মই গম পোৱাৰ লগে লগে চৰকাৰৰ পৰা ল’বলগীয়া প্ৰয়োজনীয় পাৰমিছন লৈ অৰ্ডাৰ দি দিছো। গতিকে এতিয়া চিন্তাৰ কোনো কাৰণ নাই।’-দেৱশৰ্মাই কয়।

কি কয় Wipro কৰ্তৃপক্ষই?

পিটিআইত প্ৰকাশিত বাতৰি মতে Wipro কৰ্তৃপক্ষয়ো চুক্তিৰ ম্যাদ উকলা বাবেই এনে হোৱা বুলি সদৰী কৰিছে। 'এই প্ৰকল্পটো সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত ভাৰতৰ মহাপঞ্জীয়ক আৰু গৃহ মন্ত্ৰণালয়ে চোৱা-চিতা কৰিছে। আমি আই টি ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে টেকনিকেল আৰ্কিটেক্সাৰ আৰু টেকনিকেল ছলিউশ্যনৰ কামখিনি চোৱা-চিতা কৰিছো। আমাৰ ছাৰ্ভিচ কণ্ট্ৰেক্ট ২০১৯ৰ অক্টোবৰতে শেষ হৈছে। কিন্তু গুডউইল ছাৰ্ভিছ হিচাপে আমি জানুৱাৰীৰ শেষলৈকে বিনামূলীয়াকৈ হষ্টিং ছাৰ্ভিচ আগবঢাইছিলো।’- পিটিআইক এইদৰে জনাইছে আই টি কোম্পানীটোৰ এগৰাকী শীৰ্ষ বিষয়াই।

অৱশ্যে ৱেবছাইটতো পুনৰ লাইভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই যোগাযোগ কৰিছে নে নাই আৰু পূৰ্বৰ চুক্তিত সেৱাৰ বিনিময়ত পাবলগীয়া ধন প্ৰদানৰ শেষ সীমা কেতিয়া আছিল বা কিমান দিনৰ মূৰে মূৰে সেয়া আদায় দিয়াৰ কথা আছিল সেই সন্দৰ্ভত জনোৱাৰ পৰা বিৰত থাকে Wipro কৰ্তৃপক্ষ। 

NRCৰ​ মূল ৱেবছাইটত আপলোড হৈছিল নে চূড়ান্ত তালিকা?

NNOৰ অনুসন্ধানত পোহৰলৈ আহিছে যে এন আৰ চিৰ যিটো মূল ৱেবছাইট সেই ৱেবছাইট তথা উক্ত ৱেবছাইটৰ হষ্টিঙত চূড়ান্ত তালিকাৰ তথ্য আপলোড কৰা হোৱা নাছিল। এন আৰ চিৰ মূল ৱেবছাইটটো হৈছে www.nrcassam.nic.in। চৰকাৰী সংস্থা তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৱেবছাইট সন্দৰ্ভত থকা ভাৰত চৰকাৰৰ গাইডলাইন অনুযায়ী তেনে সংস্থা তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৱেবছাইটৰ ডমেইন nic.in বা gov.in হ’ব লাগে। এই অনুযায়ী এন আৰ চিৰ ৱেবছাইটৰ ডমেইন হৈছে nic.in আৰু সম্পূৰ্ণ ৱেবছাইটটো হৈছে nrcassam.nic.in। 

কিন্তু চূড়ান্ত তালিকাখন এই nic.in ডমেইনত থকা মূল ৱেবছাইটৰ পৰিৱৰ্তে আপলোড কৰা হৈছিল সৰ্বসাধাৰণে ব্যৱহাৰ কৰা ভাৰতৰ টপ লেভেল ডমেইন .in আৰু ইণ্টাৰনেশ্যনেল বাণিজ্যিক ডমেইন .comত ডেভলপ কৰা সুকীয়া ৱেবছাইটত। সেয়ে চূড়ান্ত তালিকা চাবৰ বাবে মূল ৱেবছাইট nrcassam.nic.inৰ হোমপেজত দিয়া থকা 'ক্লিক’ বুটামত ক্লিক কৰিলে ব্ৰাউজাৰৰ এড্ৰেছবাৰত nrcassam.nic.inৰ পৰিৱৰ্তে দেখা যায় আন এটা ৱেবছাইট। এই ৱেবছাইটটো কেতিয়াবা যদি thefinalnrc.com বুলি প্ৰদৰ্শিত হয় আন কেতিয়াবা আকৌ প্ৰদৰ্শিত হয় thefinalnrc.in হিচাপে। 

প্ৰকৃততে thefinalnrc.com আৰু thefinalnrc.in এই দুটা ডমেইনত চূড়ান্ত তালিকাৰ সমস্ত ডাটা আপলোড কৰি মূল ৱেবছাইটৰ পৰা লিংক ৰিডাইৰেক্ট কৰি দিয়া বাবেই ভিজিটৰে 'ক্লিক’ বুটামত ক্লিক কৰিলেই উক্ত ডমেইন দুটাৰ যিকোনো এটা ব্ৰাউজাৰত ডিছপ্লে হয়। তাৰ পিছত তাত গৈ গোপনীয় এআৰএন নম্বৰ ইনপুট কৰি এনআৰচিৰ চূড়ান্ত তালিকাত নিজৰ নাম আছে নে নাই সেয়া ভিজিটৰে চাব পাৰে।

আমেৰিকাৰ কোম্পানীৰ হাতলৈ সমস্ত ডাটা!

এনআৰচি যিহেতু সম্পূৰ্ণৰূপে চৰকাৰী নথি তেনেক্ষেত্ৰত ইয়াৰ ৱেবছাইটটো ভাৰতৰ চৰকাৰৰ অধীনস্থ National Informatics Centre (NIC)ৰ nic.in বা gov.inত পঞ্জীয়ন হ’ব লাগিছিল যদিও চৰকাৰ তথা এনআৰচিৰ বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ সমগ্ৰ দায়িত্ব ব্যক্তিগত সংস্থাক অৰ্পণ কৰে।  যিহেতু এনআৰচিৰ অনলাইন কাম-কাজৰ দায়িত্ব ব্যক্তিগত সংস্থা Wiproক দিয়া বুলি এনআৰচি কৰ্তৃপক্ষই স্বীকাৰ কৰিছে সেইক্ষেত্ৰত এয়া অনুমান কৰিব পাৰি যে চূড়ান্ত তালিকা আপলোড কৰা ৱেবছাইট দুটাৰ ডমেইনো উক্ত সংস্থাটোৱে ৰেজিষ্টাৰ কৰিছে।

ৱেবছাইটৰ পঞ্জীয়ন সম্পৰ্কীয় তথ্যৰ সন্ধান কৰি দেখা গৈছে যে thefinalnrc.com আৰু thefinalnrc.in এই দুটা ডমেইন পঞ্জীয়ন কৰা হৈছে আমেৰিকাৰ ইণ্টাৰনেট ডমেইন ৰেজিষ্টাৰ আৰু হষ্টিং ছাৰ্ভিচ প্ৰভাইডাৰ কোম্পানী GoDaddyত। আনহাতে ৱেবছাইট দুটা হষ্টিং কৰা হৈছে সকলোৰে পৰিচিত মাৰ্কিন কোম্পানী Amazonৰ ৱেব হষ্টিং প্ৰদান কৰা শাখা Amazon Web Servicesত। এই Amazon Web Servicesৰ ক্লাউড হষ্টিঙতে হষ্টিং কৰা হৈছে অসমৰ ৩ কোটি জনসাধাৰণৰ তথ্য সম্বলিত ৱেবছাইট দুটা।

Wiproৰ অফিচিয়েল ৱেবছাইটত এই কথা স্পষ্টকৈ উল্লেখ আছে তেওঁলোকে নিজাববীয়াকৈ ক্লাউড হষ্টিং ছাৰ্ভিচ প্ৰদান নকৰে। Amazon Web Servicesৰ প্ৰিমিয়াৰ কনছাল্টিং পাৰ্টনাৰ হিচাপে Amazonৰ ক্লাউড হষ্টিঙৰ জৰিয়তেহে ক্লাউড হষ্টিঙৰ সেৱা প্ৰদান কৰে ভাৰতীয় প্ৰতিষ্ঠানটোৱে।   

ক্লাউড হষ্টিঙত ডাটা কিমান সুৰক্ষিত?

যি সময়ত মাৰ্কিন প্ৰতিষ্ঠান সমূহে সমগ্ৰ বিশ্বতে ডাটাক লৈ এক বৃহৎ ব্যৱসায় কৰি আহিছে সেই সময়ত অসমৰ কেবা কোটি লোকৰ সমস্ত ডাটা এনেদৰে কন্ট্ৰেক্ট নবীকৰণ নকৰাৰ ফলত চৰকাৰৰ হাতৰ পৰা ক’ব নোৱৰাকৈয়ে হষ্টিং ছাৰ্ভিছ আগবঢ়োৱা প্ৰতিষ্ঠানৰ অধীনলৈ যে নাযাব তাৰ নিশ্চয়তাক লৈ সন্দেহ কৰাৰো থল আহি পৰে। আনহাতে ক্লাউড কম্পিউটিঙত তথ্য সুৰক্ষিত হৈ থাকিলেও ডাটাসমূহ ভিন্ন স্থানত সংৰক্ষিত কৰি ৰখা হয় বাবে ইয়াত সম্পূৰ্ণ গোপনীয়তা নাথাকে। 

একেদৰে পাছৱৰ্ড আদি দুৰ্বল হ’লে ডাটা হেক হোৱাৰো সম্ভাৱনাই দেখা দিয়ে। যিহেতু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয় কন্ট্ৰেক্টৰ ম্যাদ কেতিয়া শেষ হ’ব, কেতিয়া শেষ নহ’ব সেই বিষয়ক লৈয়ে সচেতন নহয় তেনে ক্ষেত্ৰত ক্লাউডত সংৰক্ষিত হৈ থকা ডাটাৰ সুৰক্ষাক লৈ কিমান সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে সেয়াও এক সন্দেহৰ বিষয় হৈ পৰে। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে এপলৰ দৰে উন্নত চাইবাৰ ছিকিউৰিটি থকা প্ৰতিষ্ঠানটোৰ আই ক্লাউডো হেকাৰৰ হাতৰ পৰা সাৰি যোৱা নাছিল। 

ভাৰত চৰকাৰৰ নিজাববীয়া ক্লাউড হষ্টিং আছেনে?

ভাৰত চৰকাৰৰ চৰকাৰী তথ্য ক্লাউডত সংৰক্ষণ কৰি ৰাখিবলৈ আৰম্ভ কৰা ক্লাউড হষ্টিং 'মেঘৰাজ’ থকা সত্বেও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাৰ সমস্ত কাৰিকৰী কাম এটা ব্যক্তিগত সংস্থাক প্ৰদান কৰাৰ ফলত এতিয়া এই সমস্ত তথ্যৰ একপ্ৰকাৰৰ গৰাকী হৈ পৰিছে আমেৰিকাৰ মাল্টিনেশ্যনেল কোম্পানী Amazon। যদিহে চৰকাৰে সময়মতে কন্ট্ৰেক্ট নবীকৰণ নকৰে বা চুক্তিত থকা অনুযায়ী চৰ্তসমূহ পালন নকৰে তেন্তে সমস্ত তথ্যৰ অধিকাৰ Amazonৰ হাতলৈ নাযাব বুলিও একেষাৰেই নুই কৰিব নোৱাৰি। অৱশ্যে Wiproৰ সৈতে থকা কন্ট্ৰেক্ট ছাইনত ছিকিউৰিটি ছিষ্টেমক লৈ কি কি চৰ্ত ৰখা হৈছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

সি যি নহওক, ৱেবছাইট আৰু ৱেব হষ্টিং সম্পৰ্কীয় ভাৰত চৰকাৰৰ গাইডলাইনত স্পষ্টকৈ কোৱা হৈছে যে চৰকাৰী ৱেবছাইটৰ হষ্টিং ছাৰ্ভিচ ২৪ ঘণ্টাই কোনোধৰণৰ বিজুতি নোহোৱাকৈ উপলব্ধ হ’ব লাগিব। তেনেক্ষেত্ৰত চৰকাৰী বিভাগ এটাই তথা এন আৰ চি কৰ্তৃপক্ষ আৰু সমগ্ৰ প্ৰকল্পৰ কাম-কাজ চোৱা-চিতাৰ দায়িত্বত থকা ভাৰতৰ মহা পঞ্জীয়কৰ লগতে গৃহ মন্ত্ৰণলায়ে কি কাৰণত এবাৰলৈও টেকনিকেল কাম-কাজ চোৱা-চিতা কৰা সংস্থা এটাৰ সৈতে কেতিয়া কন্ট্ৰেক্ট শেষ হ’ব কেতিয়া শেষ নহ’ব সেই বিষয়ক হিচাপ-নিকাচ সঠিককৈ নকৰিলে তাক লৈ প্ৰশ্ন উত্থাপিত হোৱাটোৱেই স্বাভাৱিক।