গুৱাহাটী, ১৪ মেঃ  কোভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো চলি আছে এক জৰুৰীকালীন অৱস্থা৷ এই ভয়াবহ অতিমাৰীক প্ৰতিহত কৰিবলৈ প্ৰতিদিনে ৰাজ্য চৰকাৰে ঘোষণা কৰি আহিছে নতুন নতুন ব্যৱস্থা আৰু নিয়ম৷ ৰাজ্যখনত ইতিমধ্যে কোভিড অতিমাৰীয়ে সৰ্বাধিক ক্ষতি কৰিছে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক৷ মনকৰিবলগীয়া যে বিগত বৰ্ষতো ৰাজ্যখনৰ শিক্ষানুস্থান সমুহৰ  শৈক্ষিক দিনপঞ্জী যথেষ্ট সাল-সলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশমতে ২০২১ বৰ্ষৰ শিক্ষাবৰ্ষ আৰম্ভ হৈছিল যোৱা এপ্ৰিল মাহৰ পৰা৷ কিন্তু দুখৰ বিষয় যে পাঠদান আৰম্ভ কৰাৰ কিছুদিনৰ পিছতেই শিক্ষাবিভাগে ৰাজ্যখনৰ বিদ্যালয়,মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ পাঠদান বন্ধ কৰি দিবলৈ বাধ্য হয়, কোভিড ৰোগীৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ বাবে৷ 

উল্লেখযোগ্য যে অনলাইন পাঠদানৰ ব্যৱস্থাতো শ্ৰেনীকোঠাৰ পাঠদান ব্যৱস্থাৰ বিকল্প হিচাৱে যদিও সমানে ফলপ্ৰসু নহয় তথাপিও ৰাজ্য চৰকাৰৰ নিৰ্দ্দেশ অনুসৰি ৰাজ্যখনৰ চৰকাৰী তথা বেচৰকাৰী শিক্ষানুস্থান সমুহে  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন পাঠদান ব্যৱস্থা চলাই ৰাখিছে৷ বৰ্তমানলৈ অপৰিবৰ্তিত হৈ থকা কোভিড পৰিস্থিতিৰ বাবে যোৱাকালি ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে এক জাননী যোগে ২০২১ বৰ্ষৰ গ্ৰীষ্মবন্ধ ১৫ মে,২০২১ ৰ পৰা ১৪ জুন,২০২১ লৈ ঘোষণা কৰে৷ এই সিদ্ধান্ত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি আশা কৰিব পাৰি৷ পৰৱৰ্তী এমাহ পিছত যদিহে কোভিডৰ প্ৰাদুৰ্ভাৱ কমে, তেতিয়া গ্ৰীষ্মবন্ধৰ নামত পুনৰ এমাহ শিক্ষাবৰ্ষৰ পৰা লোকচান নহব বুলি আশা কৰিব পাৰি৷

সাধাৰণতে গ্ৰীষ্মবন্ধ ১ জুলাইৰ পৰা ৩১ জুলাইলৈ চলে৷ সেইসময়ত ৰাজ্যখনত গ্ৰীষ্মৰ প্ৰকোপ বাঢ়ে৷ কিন্তু বৰ্তমান সময়লৈ গ্ৰীষ্মৰ কোনো উমঘাম ৰাজ্যখনত নাই৷

উল্লেখযোগ্য যে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ লগতে বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহো কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে এতিয়ালৈ অনুস্থিত কৰিব পৰা নাই৷ শিক্ষাবৰ্ষ পিছুৱাই দিয়া বাবে আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে ফেব্ৰুৱাৰী মাহৰ পৰা চলিব লগা পৰীক্ষা সমূহ পিছুৱাই দিব লগা হৈছে৷ পৰৱৰ্তীসময়ত কোভিডৰ ভয়াৱহতাৰ বাবে পৰীক্ষাসমূহ পুনৰ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰাখিবলগা হোৱাটোৱে ছাত্ৰছাত্ৰীসকলৰ যে যথেষ্ট ক্ষতি কৰিছে, এইটো নিশ্চিত৷ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্য আৰু CBSE য়ে দশম মানৰ পৰীক্ষা বাতিল কৰিছে৷ আমাৰ ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হব৷