Image for Representation
Image for Representation

নগাঁওঃ শীঘ্ৰে অসমৰ চোৰ যাব মেলবৰ্ণলৈ৷ মেলবৰ্ণলৈ গৈ চোৰে বদনাম নহয় সদনাম বুটলি আনিব৷ গাঁৱৰ বোকা-পানী গচকা চোৰ অসমীয়া জাতিৰ অভিমান হৈ পৰিব মেলবৰ্ণলৈ গৈ৷

অসমৰ চোৰক অসমৰ আৰক্ষীয়ে শাস্তি দিয়াটো দূৰৰ কথা মেলবৰ্ণৰ আৰক্ষীয়ে চ্যেলুট হে কৰিব৷ অসমীয়া নব্য ধাৰাৰ চুটি চলচ্চিত্ৰ ’চোৰ’ৰ কথা হে কৈছো৷ সন্মানীয় মেলবৰ্ণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে চলচ্চিত্ৰখন৷

অহা ১০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱৰ 'বিয়ণ্ড বলীউড' শিতানত এই ছবিখন প্ৰদৰ্শিত হ’ব৷ ছবিখন পৰিচালনা কৰিছে নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী পৰিচালক খঞ্জন কিশোৰ নাথে আৰু প্ৰযোজনা কৰিছে এএম টেলিভিছনৰ বেনাৰত সঞ্জীৱ নাৰায়ণে ৷

প্ৰকাশ যে, মুম্বাইৰ পৰা চলচ্চিত্ৰ পৰিচালনাৰ পাঠ্যক্ৰম সমাপ্ত কৰি অহা খঞ্জন কুমাৰ নাথে ইয়াৰ পুৰ্বেও কেইবাখনো উচ্চ মানৰ চুটি ছবি নিৰ্মাণ কৰি দেশ-বিদেশৰ ভালেসংখ্যক চলচ্চিত্ৰ মহোৎসৱত যোগদান কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

আনকি তেওঁৰ শেহতীয়া ছুটি ছবি 'চাকনৈয়া'ই ইতিমধ্যে ভাৰতৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা বুটলাৰ লগতে জাৰ্মানী, ইৰাক আদি দেশতো প্ৰদৰ্শিত হৈ ভূয়সী প্ৰশংসা লাভ কৰিছে ৷ উল্লেখ্য,পৰিচালকগৰাকীৰ এই ‘চোৰ’খন প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ৷

কাৰ্বি আংলং জিলাৰ মনোমোহা লোকেচনত চিত্ৰগ্ৰহণ হোৱা ছবিখনৰ কাহিনী কেইটিমান শিশু আৰু এখন চাইকেলৰ৷ ছবিৰ কাহিনী সৰল অথচ সংবেদনশীল ৷ জানিব পৰা মতে, ছবিখনৰ নিৰ্মাণৰ পূৰ্বেই 'ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব্ ইণ্ডিয়া'ই গোৱাত আয়োজন কৰা ফিল্ম বাজাৰ শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয় কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ ছবিখন নিৰ্বাচিত হৈছিল৷

পৰৱৰ্তী পৰ্যায়ত ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব্ ৰ’টাৰদময়েও তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যক্ৰম প্ৰডিউচাৰ লেবত যোগদান কৰিবলৈ নিমন্ত্ৰণ জনাইছিল ৷ ইপিনে, চলিত বৰ্ষৰ শেষৰ ফালে মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ কাহিনী, চিত্ৰনাট্য পৰিচালক খঞ্জন কুমাৰ নাথৰে ৷

সম্পাদনা কৰিছে বিকাশ দত্তই ৷ সহকাৰী সম্পাদনাত আছে প্ৰাগজ্যোতিষ ভূঞা৷ তামিলনাডুৰ জয়ন্ত মাথাভানে চিত্ৰগ্ৰহন কৰা ছবিখনৰ সহকাৰী চিত্ৰগ্ৰহন দায়িত্বত আছে পংকজ বাৰাল আৰু নিৰুপম মজুমদাৰ৷ মুখ্য সহকাৰী পৰিচালক দীপক বৰা৷ আৱহ সংগীত দিছে আছে অনুৰাগ শইকীয়া ৷

ছবিখনত মুখ্য সহঃপ্ৰযোজক হিচাপে আছে কৃষ্ণ উপাধ্যায়, প্ৰদীপ কুমাৰ নাথ, অশ্বিনী দলে, দেবব্ৰত দাস, যতীন নাথ আৰ পাৰ্থজিৎ বৰুৱা ৷ প্ৰযোজনা নিয়ন্ত্ৰণত আছে নাৰায়ণ প্ৰধান আৰু খঞ্জিত নাথ৷ ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে অমিয় হাজৰিকা, শশীন্দ্ৰ নাথ, জিতেন বৰা, পূৰৱী শইকীয়া বৰা, গুঞ্জন শইকীয়া, ৰক্তিম গায়ন, অভিলাষা কটকী, নৱজ্যোতি ভূঞা, পাৰ্থ ভূঞা আদিয়ে৷ ইতিমধ্যে এই ছবিখনে বাংলাদেশ শিশু চলচ্চিত্ৰ মহোৎসৱ আৰু মেক্সিক’ত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱটো অংশগ্ৰহণ কৰি বেছ প্ৰশংসা বুটলিবলৈ সমৰ্থ হৈছে৷