Photo Credit: indianexpress.com
Photo Credit: indianexpress.com

ডিজিটেল ৰিপ'ৰ্টঃ মঙলবাৰে indianexpress.comত প্ৰকাশিত এটি বাতৰিয়ে ৰাজ্যৰ সচেতন মহলক বাৰুকৈয়ে ভবাই তুলিছে। প্ৰকাশিত বাতৰিটোৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হঠকাৰী সিদ্ধান্তৰ বিষয়ে জানিব পাৰি স্তম্ভিত হৈ পৰিছে বিদ্বৎ মহল।

প্ৰকাশিত বাতৰি অনুযায়ী ৰাজ্য চৰকাৰ আৰু মহানগৰ জিলা প্ৰশাসনে ওভতগোৰে নাচি অপমান কৰিবলৈ ওলাইছে দেশৰ আগশাৰীৰ ভাস্কৰ্য শিল্পীসকলৰ অন্যতম ৰামকিংকৰ বেইজক। বাতৰিটোত কোৱা হৈছে যে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন বিশেষ বৈঠকত কামৰূপ মহানগৰ জিলা প্ৰশাসনে গান্ধী মণ্ডপস্থিত ঐতিহাসিক জাতিৰ পিতা মহাত্মা গান্ধীৰ ৪৭ টা বছৰ গৰকা প্ৰতিমূৰ্তিটো আতৰাই তাৰ ঠাইত নতুন এটা স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কংক্ৰীটৰ এই প্ৰতিমূৰ্তিটো ১৯৬৮ চনত নিৰ্মাণ কৰিছিল প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰামকিংকৰ বেইজে। প্ৰখ্যাত শিল্পীগৰাকীৰ নেতৃত্বত সহযোগীসকলে নিৰ্মাণ সম্পূৰ্ণ কৰা এই প্ৰতিমূৰ্তিটো ১৯৭০ চনত আনুষ্ঠানিকভাৱে মুকলি কৰে তেতিয়াৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে। সম্প্ৰতি এক ইতিহাসত পৰিণত হোৱা এনে এটি প্ৰতিমূৰ্তিকে এতিয়া ধ্বংস কৰিবলৈ ওলাইছে ৰাজ্য চৰকাৰ আৰু মহানগৰ প্ৰশাসনে।

চৰকাৰ-প্ৰশাসনে বিখ্যাত ভাস্কৰ্য শিল্পীগৰাকীৰ হাতৰ স্পৰ্শ থকা মহাত্মা গান্ধীৰ এই প্ৰতিমূৰ্তিটো দেখিবলৈ গান্ধীৰ দৰে নালাগে বুলি কৈ ধ্বংস কৰিবলৈ ওলোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যখনৰ সচেতন মহল। অৱশ্যে বিজেপিৰ বিধায়ক আৰু সমৰ্থকসকলে বিনা বাক্য ব্যয়ে এই সিদ্ধান্তক আদৰণি জনোৱা দেখা গৈছে।

indianexpress.comক পূব গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়, 'প্ৰতিমূৰ্তিটোলৈ চাওক। গান্ধী যেন নালাগেই। হাত-ভৰি একোতেই মিল নাই। এই প্ৰতিমূৰ্তিটোক কোনো কাৰণতে গান্ধীৰ বুলি ক’ব নোৱাৰি। মুখখন কিবা যেন হৈ আছে, চছমাযোৰো অদ্ভূত কিবা এটা হৈছে। সেয়ে আমি এইটো ভাঙিবলৈ সিদ্ধান্ত লৈছো। এইটো ভাঙি ইয়াত এটা নতুন গান্ধী যেন লগা প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।’

প্ৰতিমূৰ্তিটো কোনে নিৰ্মাণ কৰিছে সেই সন্দৰ্ভতো নিজৰ অজ্ঞতা প্ৰকাশ কৰে স্থানীয় বিধায়কজনে। 'একাংশ লোকে এয়া ৰামকিংকৰ বেইজে নিৰ্মাণ কৰা বুলি কয়। কিন্তু মই নিশ্চিত নহয়।’

এই কথা জানিব পাৰি শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য অধ্যাপক স্বপন দত্তই indianexpress.comক এয়া অতি দুৰ্ভাগ্যজনক বুলি জনায়। 'ভাৰতীয় শিল্প-কলাৰ ক্ষেত্ৰখনত অন্যতম শিল্পীগৰাকীয়েই হৈছে ৰামকিংকৰ বেইজ। মই যিমানদূৰ জানো ৰামকিংকৰৰ দৰে এই দেশত অন্য এজন শিল্পী নোলাব। আমাৰ ইয়াতো তেওঁৰ সৃষ্টিকৰ্ম সংৰক্ষিত হৈ আছে। বিশেষকৈ সুজাতা আৰু গৌতম বুদ্ধৰ কথাকে ক’ব পাৰি। এই দুই প্ৰতিমূৰ্তিক দেখিবলৈ সুজাতা আৰু বুদ্ধৰ দৰে নালাগে আৰু সেয়াই হৈছে তেওঁৰ কৃতিত্ব, তেওঁৰ শিল্পকৰ্ম।’-ৰাজ্য চৰকাৰৰ সিদ্ধান্তক গৰিহণা দি দত্তই indianexpress.comক কয়।

ইফালে কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই সন্দৰ্ভত নিজৰ অজ্ঞতা প্ৰকাশ কৰি কয়, 'এয়া যে বেইজ শিল্প কৰ্ম সেয়া আমি জনা নাছিলো।’ একদৰে বৈঠকখনত উপস্থিত থকা গান্ধী মণ্ডপ ট্ৰাষ্টৰ সদস্য প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা দেৱী বৰকটকীয়েও প্ৰতিমূৰ্তিটো সন্দৰ্ভত উদ্ভট মন্তব্য আগবঢ়ায়। 'কোনে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে সেয়া মই জনাই নাছিলো। মই যিমান দূৰ জানো, এইটো কলকাতাৰ পৰা অনা হৈছিল।’-বৈঠকখনত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱকুমাৰ দলে উপস্থিত থকা বুলি উল্লেখ কৰি বৰকটকীয়ে indianexpress.comৰ আগত সদৰী কৰে।  

চৰকাৰ-প্ৰশাসনৰ লগতে গান্ধী মণ্ডপ ট্ৰাষ্টৰ এনে দায়িত্বহীন কাণ্ডত ক্ষুব্ধ হৈ পৰিছে বৰ্তমানো জীৱিত মুষ্টিযোদ্ধা কৃষ্ণনাথ শৰ্মা। এনে সিদ্ধান্তক চৰম দুৰ্ভগ্যজনক আখ্যা দি এইধৰণৰ 'অপৰাধমূলক আৰু দেশদ্ৰোহী’ কাণ্ডৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰিব বুলিও সদৰী কৰে ৯৫ বৰ্ষীয় মুষ্টিযোদ্ধাগৰাকীয়ে। 'এয়া মহান শিল্পীগৰাকীৰ লগতে মহাত্মাকো কৰা অপমান বুলিও তেওঁ মন্তব্য কৰে। 

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ বিশিষ্ট শিল্পী ননী বৰপূজাৰীয়ে indianexpress.comক কয়, 'মই যিমান দূৰ জানো, ইতিমধ্যে নতুন প্ৰতিমূৰ্তিৰ বাবে অৰ্ডাৰ দিয়া হৈ গৈছে। এয়া দুৰ্ভাগ্যজনক ঘটনা। এয়া হৈছে অমূল্য শিল্প-কৰ্ম। যদিহে প্ৰতিমূৰ্তিটো আপচু হৈ পৰিছে সেয়া চৰকাৰ-প্ৰশাসনৰ বাবেই হৈছে। তেওঁলোকে গান্ধী জয়ন্তী, শ্বহীদ দিৱস, ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত অৰ্থাৎ বছৰত ৪ বাৰকৈ চূণ দিয়ে, আনকি প্লাষ্টিক পেইণ্ট যেনেকৈ-তেনেকৈ কৰি আহিছে।’

উল্লেখ্য যে, শান্তি নিকেতনক যিসকলে গুৰুত্বপূৰ্ণ শিল্প-চৰ্চা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছিল সেইসকলৰ মাজত অন্যতম হৈছে ৰাম কিংকৰ বেইজ। আধুনিক ভাৰতীয় ভাস্কৰ্যৰ চৰিত্ৰ নিৰ্মাণত মুখ্য ভূমিকা পালন কৰা বেইজৰ জন্ম হৈছিল ১৯০৬ চনৰ ২৫ মে’ত। শিল্পী কে জি সুব্ৰমণিয়ামৰ মতে ৰামকিংকৰ হৈছে প্ৰথন ভাৰতীয় ভাস্কৰ যিজনক সৃষ্টিশীল ভাস্কৰৰ খিতাপ দিব পাৰি। ১৯৮০ চনত ৭৪ বছৰ বয়সত দেহাৱসান ঘটনা এনে এগৰাকী বিশ্ব বিখ্যাত ভাৰতীয় ভাস্কৰ্য শিল্পীক অদৰকাৰী কামত লাগি থকা চৰকাৰখনে 'পৰিৱৰ্তন’ৰ নামত অপমান কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই ৰাজ্যবাসীয়ে।