লালুকঃ লখিমপুৰ জিলাৰ নাওবৈচাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। নিজ গৃহতো যে মহিলা সুৰক্ষিত নহয় সেই কথা পুনৰ উদঙাই দিছে এই ঘটনাই।

প্ৰাপ্ত বাতৰি মতে, মাণিক নৰহ নামৰ এজন লোকক দেওবাৰে ঘৰতে পত্নীয়ে দাৰে ঘপিয়াই হত্যা কৰে। দীৰ্ঘদিন ধৰি নিজ কন্যাক ধৰ্ষণ কৰি অহাৰ পৰিপ্ৰেক্ষিততে এনেদৰে স্বামীক হত্যা কৰিবলৈ বাধ্য হৈ পৰে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে জোনাকী নাথ নামৰ মহিলাগৰাকীয়ে।

'মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁৰ স্বামীয়ে দীৰ্ঘদিন ধৰি নিজ কন্যাক নিৰ্যাতন কৰাৰ লগতে ধৰ্ষণো কৰি আহিছিল। সেয়ে হত্যা কৰিবলৈ বাধ্য হৈ পৰা বুলি আমাক জনাইছে।’-এইদৰে কয় জিলাখনৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।

উল্লেখ্য যে মাণিকৰ মৃতদেহটো ক্ষত-বিক্ষত অৱস্থাত গাঁওবাসীয়ে ঘৰৰ কাষৰ পথাৰত প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষী উপস্থিত হোৱাৰ পিছতে পোহৰলৈ আহে প্ৰকৃত সত্য।

লোকজনৰ পত্নীয়ে নিজেই স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰাত সকলো হতভম্ব হৈ পৰে। যেতিয়া হত্যাৰ আঁৰৰ কাহিনী সম্পৰ্কে অৱগত হয় তেতিয়া গাঁওবাসীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ভাষা নাইকিয়া হৈ পৰে।

অৱশ্যে পত্নীয়ে উক্ত অভিযোগ উত্থাপন কৰিলেও এই সন্দৰ্ভত কোনো দিনে স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপা নাছিল। লোকচক্ষুৰ ভয়তে আৰক্ষীৰ কাষ চপা নাছিল বুলিও জনায় মহিলাগৰাকীয়ে।

কিন্তু দেওবাৰে স্বামীৰ কু-কাৰ্যই চৰম সীমা অতিক্ৰম কৰাত হিতাহিত জ্ঞান হেৰুৱাই হত্যা কৰিবলৈ বাধ্য হৈ পৰে বুলি সদৰী কৰে মহিলাগৰাকীয়ে।  

ইতিমধ্যে আৰক্ষীয়ে স্বামী হত্যাকাৰী মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাটোৰ সৈতে আৰু দুজন লোক জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে স্থানীয় লোকসকলে লোকজনে গাঁৱৰ আন যুৱতী-মহিলাসকলকো অশালীন ব্যৱহাৰ কৰি আহিছিল বুলি জানিবলৈ দিছে।