মোৰাঝাৰঃ ৩ দিন পূৰ্বে পত্নীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তানৰ। কৰ’নাতংকৰ মাজতে দুদিন আগলৈকে হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কৰৈয়নী গাঁৱৰ পৰিয়ালটোৰ সকলোৱেই ব্যস্ত হৈ পৰিছিল নতুন আলহীক স্বাগতম জনাবলৈ। 

আশা কৰা ধৰণেই দুঃশ্চিন্তাৰ মাজতো কপাহবাৰী ৰাজ্যিক চিকিৎসালয়ত পৰিয়ালটোৰ সদস্যসকলে মুখ দেখিছিল নতুন আলহীৰ। পিছে পুত্ৰৰ মুখ চাবলৈ নাপালে পিতৃয়ে। মহামাৰী কৰ’নাই জন্মৰ ৩ দিন পিছতে পিতৃহাৰা কৰে সেই সন্তানটোক। 

দেওবাৰে যেতিয়া মুম্বাইৰ পৰা খবৰটো আহে তেতিয়া সকলোৰে মূৰত ভাগি পৰে সৰগ। কিয়নো পৰিয়ালটোৰ বাবে বদৰ উদ্দিনে (আনুমানিক ২৮ বছৰ)ই আছিল একমাত্ৰ আশা-ভৰসা। সন্তানটোৱে যাতে অভাৱত থাকিবলগীয়া নহয় তাৰ বাবে ৬ মাহ পূৰ্বে অন্তঃসত্বা পত্নীক এৰি কৰ্মসংস্থাপনৰ সন্ধানত মুম্বাইলৈ গৈছিল বদৰ।

সকলো ঠিকে-ঠাকেই আগবাঢ়িছিল যদিও হঠাৎ অহা কৰ’না মহামাৰীৰ ফলত আন বহুতৰ দৰে বদৰৰো সপোনবোৰ চূৰমাৰ হৈ পৰে। লকডাউনৰ সময়ছোৱাত মুম্বাইতে আৱদ্ধ হৈ থকাৰ মাজতে কিছুদিন পূৰ্বে বদৰ আক্ৰান্ত হয় পেটৰ ৰোগত।

সতীৰ্থ কেইজনে বদৰক প্ৰথমে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাই৷ তাত অৱস্থা অতি সংকটজনক হৈ পৰাত যোৱা ১ মে’ত মুম্বাইৰেই ছেইন্ট জৰ্জ হাস্পতালত ভৰ্তি কৰোৱা হয় অসুস্থ বদৰক৷ 

স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুৱতি নিশা চিকিৎসকে তেওঁৰ পেটৰ অস্ত্ৰোপচাৰ কৰে যদিও কিছু সময় পিছতেই মৃত্যু হয়৷ পাছত চিকিৎসালয় কৰ্তৃপক্ষই বদৰৰ শৰীৰত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে বুলি সতীৰ্থকেইজনক জানিবলৈ দিয়ে। অৱশ্যে যুৱকজন কেনেকৈ কাৰ সংস্পৰ্শলৈ অহাত ক’ভিড-১৯ত আক্ৰান্ত হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ 

সোমবাৰে নিশা ৮-৯ মান বজাত মহাৰাষ্ট্ৰ প্ৰশাসনে মৃত যুৱকজনৰ পিতৃ আফতাব উদ্দিনৰ সৈতে যোগাযোগ কৰি মৃতদেহটো অসমলৈ পঠিয়াব নোৱাৰে বুলি জানিবলৈ দিয়ে৷ পাছত পৰিয়ালৰ অনুমতি সাপেক্ষে কিছুসময় পূৰ্বে মহাৰাষ্ট্ৰ প্ৰশাসনে মুম্বাইতেই নিশা কৰ’নাৰ বাবে অকালতে মৃত্যুমুখত পৰা যুৱকজনৰ শেষকৃত্য সম্পন্ন কৰে বুলি জানিব পৰা গৈছে।