বিশেষ প্ৰতিবেদনঃ ভাল কামবোৰৰ অধিকাংশই নীৰৱে হয়। নীৰৱে গুটিৰ পৰা গজালি ওলায়, গজালিৰ পৰা গছ হয় আৰু গছত ফল লাগে। ফুল ফুলে নীৰৱে। এই বাতৰিটোও আপোনালোকে নীৰৱেই পঢ়ি আছে। এনেকৈ এতিয়া লকডাউনৰ মাজেৰে নীৰৱে আগবাঢ়িছে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা। কৰ’না ভাইৰাছে সৃষ্টি কৰা সংকটৰ ফলত বন্ধ হৈ আছে গ্ৰন্থ বিক্ৰী, আলোচনা সভা কিম্বা ব্যয়বহুল সাহিত্যৰ সভা। তৎসত্বেও কিন্তু থমকি ৰোৱা নাই ভাষা-সাহিত্যৰ চৰ্চা। কেৱল যে চৰ্চা চলিছে সেয়াই নহয়, ভাৰতৰ আন স্থানীয় ভাষাসমূহৰ তুলনাত লকডাউনৰ সময়ছোৱাত যথেষ্ট আগবাঢ়ি গৈছে অসমীয়া ভাষা। কিন্তু কেনেকৈ?

'ৱিকিউৎসৰ ১ মে’ৰ পৰা এক সৰ্বভাৰতীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। প্ৰতিযোগিতাৰ বিষয় হৈছে কপিৰাইট মুক্ত কিতাপবোৰ স্কেনিং কৰি ৱিকিউৎসত সকলোৰে বাবে উপলব্ধ হোৱাকৈ আপলোড কৰা। এইক্ষেত্ৰত বহুকেইটা ভাৰতীয় ভাষাক পিছপেলাই এই পৰ্যন্ত আগবাঢ়ি আছে অসমীয়া ভাষা। ইয়াৰ লগতে যোৱা দুমাহত প্ৰতিটো মাহতে ২০০ৰো অধিক প্ৰৱন্ধ সৃষ্টি হৈছে।’-ৱিকিপিডিয়া আৰু ৱিকিছ’ৰ্চৰ অসমীয়া সংস্কৰণ ক্ৰমে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিছ’ৰ্চত লকডাউনৰ সময়ছোৱাত অসমীয়া ভাষা কিদৰে আগবাঢ়ি গৈছে সেয়া জনাই উৎসাহেৰে এইদৰে কয় অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী সক্ৰিয় সদস্যই।

ৱিকিপিডিয়া কি? এয়া নিশ্চয় কাকো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কোনো তথ্যৰ প্ৰয়োজন হ’লে সকলোৰে বাবে নিৰ্ভৰযোগ্য ৱেবছাইটটোৱেই হৈছে ৱিকিপিডিয়া। ইংৰাজীৰ লগতে ভাৰতৰো বাংলা, হিন্দীকে আদি কৰি একাধিক ভাষাত ৱিকিপেডিয়াত যি বিচৰা যায় সেয়াই পোৱা যায়। অসমীয়া ভাষাত পিছে কিবা এটা বিচাৰিলে পোৱাতো আছিল এক সৌভাগ্যৰ কথা। পুখুৰীত যিদৰে মাছৰ পোনা এৰি নিদিলে মাছ পোৱা নাযায় ঠিক তেনেকৈ ৱিকিপিডিয়া আৰু ৱিইকিছ’ৰ্চত যদি কোনোৱে একো তথ্য সন্নিবিষ্ট নকৰে তেন্তে তথ্যও নোপোৱাটোৱেই স্বাভাৱিক। সেয়ে ৱিকিপিডিয়াত ভাষাটোক সমৃদ্ধ কৰিবলৈ নীৰৱে আগবাঢ়ি আহিছে বহুকেইজন ভাষাপ্ৰেমী।

উইকিপিডিয়াৰ আৰম্ভণি

ৱিকিপিডিয়াৰ সৈতে সকলোৱে জডিত হ’ব পাৰে। ৱিকিপিডিয়া হৈছে বহুভাষিক অনলাইন বিশ্বকোষ। গুগল, ফেচবুক, এমাজন, নেটফ্লিক্স আদিৰ দৰেকৈ ৱিকিপেডিয়াৰ নাই কোনো ব্যৱসায়িক লাভালাভৰ লক্ষ্য। আচলতে ধন উপাৰ্জনৰ লক্ষ্যৰে জন্মই হোৱা নাছিল ৱিকিপেডিয়াৰ। ৱিকিপিডিয়াৰ আৰম্ভণি হৈছিল আজিৰ পৰা ১৯ বছৰ পূৰ্বে ২০০১ চনৰ ১৫ জানুৱাৰীত। ৱিকিপিডিয়াৰ চোৱা-চিতাৰ দায়িত্বত থকা সংস্থাটো হৈছে ৱিকিপেডিয়া ফাউণ্ডেশ্যন। 

ৱিকিপিডিয়াৰ জন্ম কাহিনীৰ আঁৰত আছে ব্যৱসায়িক লাভালাভৰ পৰিৱৰ্তে মানুহৰ মাজত জ্ঞান বিনামূলীয়াকৈ বিতৰণ কৰাৰ সপোন দেখা দুগৰাকী বিশেষ ব্যক্তি। এই ব্যক্তি দুগৰাকী হৈছে জিমি ৱেলছ আৰু লেৰি ছেংগাৰ। ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত ফাইনেন্স পঢ়ি থকা সময়তে ৱেলছৰ পৰিচয় হৈছিল অপেন ছ’ৰ্চ মোভমেণ্টৰ সৈতে। ফাইনেন্স বিষয়ক বিনামূলীয়া ছফট’ৱেৰ নিৰ্মাণৰ বাবে স্বেচ্ছাসেৱকসকলৰ পৰা সংগ্ৰহ কৰা হৈছিল ধন আৰু সেৱা। সেই ধন আৰু বিনামূলীয়া সেৱাৰে কম সময়ৰ ভিতৰতে ছফট’ৱেৰ নিৰ্মাণ সম্ভৱ হৈ উঠিছিল। 

বিশ্ববিদ্যালয়ৰ দিনৰ সেই সফলতাৰেই পিছত মুক্ত জ্ঞান লাভৰ উৎস ৱিকিপিডিয়াৰ আৰম্ভণি ঘটাইছিল ৱেলছে। সংগী আছিল ছেংগাৰ। ৯০ৰ দশকত দুয়োৰে মাজত চলিছিল তীব্ৰ বাক-বিতণ্ডা। ছেংগাৰ আছিল দৰ্শনৰ ছাত্ৰ। Objectivism বিষয়ক লৈ আলোচনাৰ বাবে সৃষ্টি কৰা হৈছিল এটি অনলাইন গ্ৰুপ। এই গ্ৰুপতে ছেংগাৰৰ সৈতে ৱেলছৰ মাজত কাজিয়া হৈছিল। যিহেতু তেতিয়া অনলাইন ব্যৱস্থা আজিৰ দৰে ক্ষিপ্ৰ নাছিল সেয়ে বিষয়টো সবিশেষ আলোচনা কৰিবলৈ ৱেলছ আৰু ছেংগাৰে অফলাইন আলোচনা কৰিবলৈ মনস্থ কৰিলে। দুয়ো এদিন দেখাদেখি হ’ল আৰু আলোচনা কৰিলে। এনেকৈয়ে দুয়োৰে মাজত বন্ধুত্ব হ’ল। তাৰপিছত এদিন জন্ম হ’ল ৱিকিপিডিয়াৰ। 

কিন্তু এবছৰ পিছতে ৱেলছ আৰু ছেংগাৰৰ মাজত পুনৰ কাজিয়া হয়। এই কাজিয়াৰ পৰিপ্ৰেক্ষিতত ছেংগাৰে ৱিকিপেডিয়া এৰি গুচি যায় আৰু সমালোচনা আৰম্ভ কৰে। ছেংগাৰৰ মতে ৱিকিপিডিয়াৰ ৰিভিউ ব্যৱস্থা শক্তিশালী নহয়, যাৰ বাবে পুথিভৰাল আৰু শৈক্ষিক বিষয়ত সদায় অৱহেলিত হৈ ৰ’বলৈ বাধ্য। ছেংগাৰৰ সমালোচনাৰ মাজেৰে ৱেলছে সমগ্ৰ প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈ থাকিল আৰু এনেকৈ লাহে লাহে পৃথিৱীৰ লক্ষ লক্ষ লোকৰ দান-বৰঙণি আৰু স্বেচ্ছামূলক প্ৰৱন্ধ সৃষ্টিৰে ই হৈ পৰিল সমগ্ৰ বিশ্বতে গ্ৰহণযোগ্য এক অনলাইন বিশ্বকোষ। ২০১০ চনৰ পিছত ৱিকিপিডিয়া সমগ্ৰ বিশ্বতে ইমান জনপ্ৰিয় আৰু গ্ৰহণযোগ্য হৈ পৰিল যে মানুহে ছপা বিশ্বকোষৰ কথা পাহৰিয়েই পেলালে আৰু জ্ঞান অৰ্জনো একপ্ৰকাৰ বিনামূলীয়া হৈ পৰিল। 

আপুনিও জড়িত হ’ব পাৰে ৱিকিপিডিয়াৰ সৈতে

ৱিকিপিডিয়াৰ সৈতে জড়িত হ’বলৈ ইয়াৰ ৱেবছাইটত গৈ একাউণ্ট ক্ৰিয়েট কৰিলেই হ’ল। একাউণ্ট ক্ৰিয়েট কৰাৰ পিছতে সদস্যজনে যিকোনো বিষয়ৰ ওপৰত লিখিব পাৰে। কেৱল সেই লেখা বিশ্বকোষৰ আৰ্হিৰ সমপৰ্যায়ৰ হ’ব লাগিব। 'ৱিকিপিডিয়াত সৃষ্টিশীল লেখা প্ৰকাশ নাপায়। বহু নতুন সদস্যই নাজানে আৰু সেয়ে নিজৰ কবিতা-গল্প আদি লিখিবলৈ আৰম্ভ কৰি দিয়ে।’-এজন সদস্যই কয়।

তেওঁ কয় যে প্ৰতিটো ভাষাৰ ৱিকিপেডিয়াত কেইজনমান প্ৰশাসক থাকে। এই প্ৰশাসকসকল তথা আন সকলেও লেখাসমূহ ৰিভিউ কৰে। ভুল তথ্য থাকিলে শুদ্ধ কৰে। পঢ়ুৱৈসকলেও ইচ্ছা কৰিলে ভুল তথ্য চকুত পৰিলে সেয়া তাত থকা এডিট অপশ্যনত গৈ শুদ্ধ কৰিব পাৰে। অৰ্থাৎ এয়া হৈছে এক সন্মিলিত প্ৰচেষ্টা। 

কোনে আৰম্ভ কৰিছিল অসমীয়া উইকিপিডিয়াৰ?

ৱিকিপিডিয়াত অসমীয়াসহ ৫ টা মান ভাৰতীয় ভাষাৰ ডমেইন লোৱা হৈছিল ২০০২ চন মানত। বহুদিনলৈ অসমীয়া ৱিকিপিডিয়াৰ ডমেইন নিষ্ক্ৰিয় হৈ আছিল যদিও ২০১০ চনত কাম আৰম্ভ হয়। সংগীতা নামৰ এগৰাকী প্ৰবাসী অসমীয়া মহিলাই এইক্ষেত্ৰত প্ৰাৰম্ভিক কিছু কাম কৰিছিল। NNOৰ আগত এইদৰে কয় অসমীয়া ৱিকিপিডিয়াৰ আৰম্ভণিৰ কেইদিনমান পিছতে ইয়াৰ সৈতে জড়িত হৈ পৰা এগৰাকী সক্ৰিয় সদস্য তথা বৰ্তমানৰ প্ৰশাসক গীতাৰ্থ বৰদলৈয়ে।

পেছাত চিকিৎসক বৰদলৈয়ে নিজৰ ব্যস্ততাৰ মাজতো অসমীয়া ভাষাক অনলাইনত সমৃদ্ধ কৰিবলৈ দিনে-নিশাই কাম অব্যাহত ৰাখিছে। নিজৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ কয়, 'মই জডিত হৈছিলো ২০১১ চন মানত। তেতিয়া ৱিকিউৎস নাছিল। তেতিয়া অসমীয়া উইকিপিডিয়াত ১৫০-২০০ মান আৰ্টিকল আছিল। ফেচবুকত গ্ৰুপ এটা আছে বুলি গম পাই সোমালো। দুই-এজনে শিকালে। লাহে লাহে কনট্ৰিবিউটৰ গোট খালে। বহুতেই আহি ব্যস্ততাৰ বাবে গুচি যায়। এনেকৈ ২০১২ চনত আমি কৰ্মশালা পাতিবলৈ আৰম্ভ কৰিলো। এনেকৈয়ে অলপ গতি ল’লে কামবোৰে, ৱিকিউৎসও আৰম্ভ হ’ল।’

তেওঁ কয় যে একেসময়তে খুব বেছি ২০-২৫ জন মান কন্ট্ৰিবিউটৰ সক্ৰিয় হৈ থাকে। নিজা ব্যস্ততাৰ বাবে বহুতেই আহি আতৰি যায়, কিছুমানে পইছা-পাতি নাপায় বুলি অৱগত হৈ কাম কৰিবলৈ আগ্ৰহ অনুভৱ নকৰে বুলিও দুখ মনেৰে কয় বৰদলৈয়ে। 'সংগীতা নামৰ প্ৰবাসী অসমীয়াগৰাকীৰ উপৰিও আৰম্ভণিতে সমুজ্জ্বল বুলি এগৰাকী প্ৰশাসক আছিল। গুৱাহাটী আইআইটিৰ লেংগুৱেজ ডিপাৰ্টমেণ্টত কৰ্মৰত প্ৰিয়াংকুশ শৰ্মাও এগৰাকী প্ৰশাসক আছিল। এন‌আইটি শিলচৰৰ প্ৰভাকৰ নেওগ নামৰ এজনো আছিল প্ৰথম অৱস্থাত।’-নাম আৰু টকা-পইছালৈ গুৰুত্ব নিদি একমাত্ৰ ভাষা জননীৰ বাবে আৰু সকলোৰে মাজত মুক্তভাৱে জ্ঞানৰ ভাগ-বতৰা কৰাৰ লক্ষ্যৰে স্বেচ্ছামূলকভাৱে কাম কৰিব বিচৰা লোকসকলৰ বাবেহে ৱিকিপিডিয়া আৰু ৱিকিউৎস বুলি উল্লেখ কৰি এইদৰে কয় অসমীয়া ৱিকিপিডিয়াক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ চেষ্টা অব্যাহত ৰখা গীতাৰ্থ বৰদলৈয়ে।

বৰ্তমানৰ সদস্যসকলে কিধৰণে কাম কৰিছে?

সম্পূৰ্ণ স্বেচ্ছামূলকভাৱে অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নীৰৱে কাম কৰি গৈছে অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত বৰ্তমানৰ সদস্যসকলে। কিন্তু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কষ্টৰো সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ ভাষা-সাহিত্যৰ সৈতে জড়িতসকলৰ সাহিত্যৰ ডিজিটেলাইজেশ্যনৰ প্ৰতি আগ্ৰহৰ অভাৱে বহু ক্ষেত্ৰতে তেওঁলোকক নিৰুৎসাহিত কৰি আহিছে।

'আৰম্ভণিতে আমি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছো। তথ্যৰ যথেষ্ট অভাৱ থাকে। কিতাপ-পত্ৰও সময়মতে লগত নাথাকে। অসমীয়া বহুত বস্তুৰ তথ্য-পাতি নাথাকে। আজিকালি অলপ-অচৰপ হৈছেই। আগতে একেবাৰে নাছিল। বাতৰি-কাকত আলোচনী ইণ্টাৰনেটত ইউনিকোডত নাছিল তেতিয়া। লগতে প্ৰধান অসুবিধা আছিল কন্ট্ৰিবিউটৰৰ। আমি যিমানেই ভাষা ৰক্ষাৰ কথা নকও কিয়, হাতে-কামে লাগিবৰ সময়ত পলায়ন কৰো। যি দুই-চাৰিজন আগবাঢ়ি আহিছিল সেইসকলৰ বাবে এতিয়াৰ ৰূপ ল’বলৈ সমৰ্থ হৈছে।’-এইদৰে কয় আৰম্ভণি অৱস্থাতে অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ অসমীয়া ভাষাক অনলাইনত সমৃদ্ধ কৰা সেনানীসকলৰ অন্যতম গীতাৰ্থ বৰদলৈয়ে। 

একেদৰে এই সন্দৰ্ভত ভাস্কৰে কয়, 'আমি যেতিয়া ছিনিয়ৰ সাহিত্যিকসকলৰ সৈতে যোগাযোগ কৰো তেতিয়া তেখেতসকলে আগ্ৰহেৰেই কথা পাতে। সহযোগো কৰে। কিয়নো ৱিকিপিডিয়াত নিজ বিষয়ে প্ৰৱন্ধ এটা ওলালে সকলোৱে ভালেই পাব নিশ্চয় আৰু তেখেতসকলৰ বিষয়ে প্ৰৱন্ধ আৰু বিভিন্ন তথ্য ৱিকিপিডিয়াত থকাতো দৰকাৰো। কিন্তু তথ্যৰ বাবে অনলাইন ৰেফাৰেন্স নথকা বাবে যথেষ্ট সমস্যাই দেখা দিয়ে।’

'ৱিকিপিডিয়াত তথ্য সন্নিবিষ্ট কৰিবৰ বাবে অনলাইন ৰেফাৰেন্স থাকিলে ভাল। অনলাইন ৰেফাৰেন্স থাকিলে সেই ৰেফাৰেন্সৰ লিংকত গৈ চাব পাৰি। কিয়নো ৱিকিপিডিয়াত সদায় তথ্যৰ সম্পৰ্ক সূত্ৰ বা ৰেফাৰেন্সৰ ওপৰত গুৰুত্ব দিয়া হয়। কিন্তু দুৰ্ভাগ্যজনক কথা যে অসমত ই আলোচনীৰ সংখ্যা কম। নিউজ পৰ্টেলসমূহতো বাতৰিসমূহ সবিস্তাৰে প্ৰকাশ নাপায়। এটা বা দুই-চাৰিটা শাৰীৰেই বাতৰি লিখি সামৰি থৈ দিয়ে। সেয়ে আমি কিতাপৰ পৰা ৰেফাৰেন্স দিবলগীয়া হয়। ৰেফাৰেন্স নাথাকিলে যাৰ যি মন যায় সেয়াই লিখি দিব বাবেই এই ব্যৱস্থা কৰিছে। গতিকে যিমানেই অসমীয়া ভাষাত ই-আলোচনী আৰু নিউজ পৰ্টেলসমূহত তথ্যসমৃদ্ধ লেখাসমূহ প্ৰকাশ কৰিব সিমানেই ৱিকিপিডিয়ায়ো সমৃদ্ধ হৈ পৰিব।’-সন্মুখীন হৈ অহা সমস্যাৰ কথা ক’বলৈ গৈ এইদৰে কয় আন এগৰাকী সক্ৰিয় সদস্যই। 

কৰ’নাৰ পৰৱৰ্তী কালৰ অসমীয়া ভাষা-সাহিত্য আৰু ৱিকিপিডিয়া

কৰ’নাই সমগ্ৰ বিশ্বখনকে এতিয়া অধিক অনলাইন আৰু ডিজিটেল হ’বলৈ বাধ্য কৰি তুলিছে। ইয়াৰ প্ৰভাৱ ব্যৱসায়-বাণিজ্যৰ লগতে ভাষা-সাহিত্যৰ চৰ্চাতো দেখা গৈছে। অসমীয়া ভাষা-সাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়। এইসন্দৰ্ভত ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য তথা প্ৰশাসক গীতাৰ্থ বৰদলৈয়ে কয় যে কৰ’নাৰ পৰৱৰ্তী কালত অসমীয়া ভাষা-সাহিত্যৰ সৈতে জড়িতসকলে ভাষাটোক অনলাইনত সমৃদ্ধ কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ বাধ্য হৈ পৰিব।

তেওঁ কয়, 'ইমানদিনে মূল সূঁতিৰ লেখক-সাহিত্যিক, বুদ্ধিজীৱি-সাংবাদিকসকলে অসমীয়া ভাষাটোক অনলাইনত সমৃদ্ধ কৰাৰ ক্ষেত্ৰত মুঠেই সচেতন নাছিল বুলিলেও ভুল কৰা নহ’ব। কিন্তু এতিয়া কৰ’নাই সকলোৰে মানসিকতাৰ পৰিৱৰ্তন ঘটাইছে। প্ৰান্তিকেও ইমানদিনে অনলাইনৰ কথা চিন্তা কৰা নাছিল। এতিয়া কালিৰে পৰা প্ৰান্তিকেও কথাটো হৃদয়ংগম কৰিবলৈ সমৰ্থ হৈছে। পঢ়া-শুনাৰ ক্ষেত্ৰতো অনলাইনৰ বাদে একো উপায় নোহোৱা হৈ পৰিছে। গতিকে সকলোৱে কথাটো এতিয়া বুজি উঠিছে।’

ৱিকিপিডিয়া টীমৰ আন এজন সদস্যই কয় যে আগুৱাই যোৱাৰ পিছত মানুহে কেতিয়াও পিছুৱাই অহাৰ ভুল নকৰে, সেয়ে অসমীয়া মানুহে এতিয়া অনলাইনত ভাষা চৰ্চা কৰিবলৈ বাধ্য। 'কলেজৰ মেজৰ লোৱা ছাত্ৰ--ছাত্ৰীসকলৰ কথাকেই কৈছো। অসমীয়াৰ বাহিৰে বেলেগ মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলে কিতাপ নিকিনাকৈয়ে পঢ়িব পাৰে। কাৰণ পাঠ্যক্ৰমৰ বিষয়সমূহ ইংৰাজীত হাজাৰ-বিজাৰ ৱেবছাইটত পোৱা যায়। কিন্তু অসমীয়া ভাষাত মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলে কিতাপ কিনাৰ লগতে লাইব্ৰেৰীত কিতাপ বিচাৰি পাগল হৈ যাবলগীয়া হয়।’-এগৰাকী সক্ৰিয় সদস্য ভাস্কৰে কয়।

তেওঁ আৰু কয়, 'অসমীয়া ভাষাত বিচাৰিলেই সকলো পাবলৈ হ’লে প্ৰথমে লিখিবলৈ মানুহ লাগিব। আমাৰ লেখক-লেখিকাসকলৰ বেছিভাগেই কেৱল নামক গুৰুত্ব দিয়ে। ৱিকিপিডিয়াত লিখিলে লেখকৰ নাম নোলায় বাবে লিখিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। নামটোৰ বাবেই ভাষা-সাহিত্যৰ প্ৰতি থকা দায়িত্ব কেৱল বাতৰি কাকত-আলোচনীত লিখিয়েই সামৰি থয়।’

'লিখা মানুহ নাথাকিলে বস্তুটো বিচাৰিলে পাবই বা কেনেকৈ? আৰু যেতিয়া এটা ভাষাত বস্তু বিচাৰি নাপাব আৰু আন ভাষাত বিচাৰি পাব তেতিয়াই নতুন প্ৰজন্মই বিচাৰি পোৱা ভাষাটোৰ প্ৰতি আকৃষ্ট হ’ব আৰু সেইটো ভাষালৈ ঢাপলি মেলিব। আজি যে ইংৰাজী আৰু হিন্দী ভাষাৰ ইমান প্ৰভাৱ তাৰ কাৰণো সেইটোৱেই। বিচাৰিলে যেতিয়া অসমীয়াত একো নাপাব, কিন্তু ইংৰাজী আৰু হিন্দীত পাব তেতিয়া সেই ভাষাতেই অধ্যায়ন কৰাতো স্বাভাৱিক কথা।’- সদস্যজনৰ মন্তব্য।

তেওঁ আৰু কয় যে কৰ’নাৰ পৰৱৰ্তী কালত যদি বিচাৰিলেই কিবা এটা পোৱাকৈ অসমীয়া ভাষাত ইণ্টাৰনেটত বিষয়সমূহ উপলব্ধ কৰাব পৰা নাযায় তেন্তে এনেয়ে আমি 'চিৰ চেনেহী ভাষা জননী’, 'অসমীয়া ভাষা ৰক্ষা কৰো আহক’ বুলি তালফাল লগাই একো লাভ নহ’ব। 'নিজৰ মোবাইলটোত নিজৰ ভাষাত যিকোনো বিষয় এটা উপলব্ধ হোৱা কৰিব পাৰিলে নতুন প্ৰজন্মই অসমীয়া ভাষাক স্বয়ংক্ৰিয়ভাৱে আকোৱালি ল’ব। এয়া নিশ্চিত।’-অসমীয়া ভাষা-সাহিত্যৰ ডিজিটেলাইজেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰি সদস্যজনে মন্তব্য কৰে।

গীতাৰ্থ বৰদলৈয়েও কয় যে অনলাইনত অসমীয়া ভাষাক সমৃদ্ধ কৰিবলৈ হ’লে স্কুল-কলেজ-ইউনিভাৰ্ছিটিসমূহে নিজৰ বাৰ্ষিক মুখপত্ৰসমূহ অনলাইন কৰাৰ লগতে গৱেষণা পত্ৰকে আদি কৰি তেওঁলোকৰ হাতত থকা বিভিন্ন সমলসমূহ অনলাইনত সকলোৰে বাবে উপলব্ধ অৰ্থাৎ অপেন ছ’ৰ্চৰ ব্যৱস্থা কৰিব লাগিব। 'কটন কলেজত ডিজিটেল লাইব্ৰেৰী আছে, তেজপুৰ বিশ্ববিদ্যালয়ৰো আছে ডিজিটেল লাইব্ৰেৰী। সেইখিনিও যদি সকলোৰে কাৰণে মুকলি কৰি দিয়ে তেতিয়াহ’লেও বহুত সহায় হয়। এইক্ষেত্ৰত অসম চৰকাৰেও আগভাগ ল’ব লাগিব।’-বৰদলৈয়ে কয়। 

'ভাষাটো গ্লবেলাইজেশ্যনৰ সৈতে খাপ খুৱাই তুলিবলৈ হ’লে আমাক ইণ্টাৰনেট লাগিবই। অকল ভাষা বুলিয়েই নহয়, আমাৰ সংস্কৃতিক গ্লবোলাইজড কৰিবলৈকো ইণ্টাৰনেটৰ সহায় ল’বই লাগিব। আজি অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত পৰিচিত কৰাবলৈ অসমৰ চৰকাৰৰ সাংস্কৃতিক বিভাগে যদি এটা ভাল ইউটিউব চেনেল মুকলি কৰিলেহেতেন, বিশ্ববিদ্যালয়কেইখনৰ যদি নিজৰ নিজৰ ইউটিউব চেনেল থাকে, সেইবোৰত যদি প্ৰশাসনিক কাম-কাজৰ লগতে গৱেষণা তথা শৈক্ষিক বিষয়সমূহ আপলোড কৰে তেন্তে আমাৰ ভাষাটো আজি যথেষ্ট সমৃদ্ধ হ’লহেতেন।’-আন এগৰাকী নাম প্ৰকাশত অনিচ্ছুক সদস্যৰ মন্তব্য।

অৱশেষত আগুৱাই আহিছে সাহিত্য সভা

গীতাৰ্থ বৰদলৈ আৰু ভাস্কৰে NNOক জনোৱা মতে, অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কুল শইকীয়াই ইণ্টাৰনেটত অসমীয়া ভাষাক সমৃদ্ধ কৰাৰ বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। নতুন সভাপতিগৰাকীয়ে সাহিত্য সভাৰ হাতত স্বত্ব থকা কিতাপসমূহৰ ডিজিটেলাইজেশ্যন কৰা সম্পৰ্কে অসমীয়া ৱিকিপিডিয়া টীমৰ সৈতে যোগাযোগ কৰা বুলিও জনাইছে গীতাৰ্থ বৰদলৈ আৰু ভাস্কৰে।

লকডাউন শেষ হোৱাৰ পিছতে অসমৰ কলেজ-বিশ্ববিদ্যালয়সমূহৰ সৈতে আলোচনা কৰি নতুন চাম ল’ৰা-ছোৱালীক উইকিপিডিয়াৰ প্ৰশিক্ষণ দিবলৈকো আগ্ৰহ প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। যদিহে সাহিত্য সভাই কোৱা ধৰণে এয়া সঁচাকৈয়ে কৰে তেন্তে ভাষাক প্ৰাণভৰি ভালপোৱা অসমৰ হাজাৰ হাজাৰ ল’ৰা-ছোৱালীয়ে ৱিকিপিডিয়াৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যক ইণ্টাৰনেটত সমৃদ্ধ কৰিবলৈ আগুৱাই আহিব বুলি গীতাৰ্থ বৰদলৈ আৰু ভাস্কৰে আশা প্ৰকাশ কৰে। 

সাহিত্য সভাই দেখুওৱা আগ্ৰহৰ কথা উল্লেখ কৰি গীতাৰ্থ বৰদলৈয়ে কয়, 'সাহিত্য সভাই ৱিকিপিডিয়াত আগ্ৰহ দেখুৱাইছে। সভাপতি কুল শইকীয়া ছাৰে জিলাই জিলাই ৱিকিপিডিয়াৰ কৰ্মশালা অনুষ্ঠিত কৰাত সাহিত্য সভাই সহযোগ আগবঢ়াব বুলি কৈছে। ৱিকিউৎসতো সাহিত্য সভাৰ কপিৰাইট থকা কিতাপসমূহ আগবঢ়াব পৰা যায় নেকি সেই বিষয়েও আলোচনা কৰি থকা বুলি আমাক জনাইছে।’

লকডাউনৰ সময়ত সভাপতি কুল শইকীয়াই বিষয়টোক যথেষ্ট গুৰুত্বসহকাৰে লোৱা বুলি সদৰী কৰি ভাস্কৰে কয়, 'লকডাউনৰ সময়তে অসমীয়া ৱিকিপিডিয়াৰ কেবাজনো সদস্যৰ সৈতে কুলধৰ শইকীয়া ছাৰে ভিডিঅ’ কনফাৰেন্সিংযোগে এই বিষয়ে আলোচনা কৰিছে। আলোচনা যথেষ্ট ইতিবাচক আছিল। আমি এইকাৰণেই সুখী হৈছো যে সাহিত্য সভাই এই প্ৰস্তাৱ নিজেই আগবঢ়াইছে। পলমকৈ হ’লেও সাহিত্য সভাই যে কথাবোৰ বুজি পাইছে সেয়া আমাৰ বাবে অতি আনন্দৰ কথা।’

কিদৰে ৱিকিপিডিয়াৰ সৈতে জড়িত হৈছে নৱপ্ৰজন্ম?

ৱিকিপিডিয়াৰ সৈতে বৰ্তমান যিসকল জড়িত হৈ আছে সেইসকলৰ অধিকাংশই নিজৰ কৰ্ম ব্যস্ততাৰ সুৰুঙাৰ মাজতে অৱদান আগবঢ়াই গৈছে। ২০১০ চনৰে পৰা ভিন্নজনে এনেদৰে নীৰৱে অসমীয়া ভাষাক সমৃদ্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কোনোজন যদি আমেৰিকাত আছে, কোনোজনে আকৌ ইংলেণ্ড থাকিয়েই কামবোৰ কৰিছে। ছুইজাৰলেণ্ড, নেদাৰলেণ্ড, কানাডা আদি দেশত থকা প্ৰবাসী অসমীয়াসকলেও অসমীয়া ৱিকিপিডিয়াৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে।

এনেকৈয়ে আজিৰ পৰা ২-৩ বছৰ পূৰ্বে অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ পৰিছিল ভাস্কৰ ভূঞা। পঢ়ি থকা সময়ত যেতিয়া অসমীয়াত কিবা এটা ইণ্টাৰনেটত বিচাৰি হায়ৰাণ হ’বলগীয়া হৈছিল তেতিয়াই ভাষাটোক উইকিপিডিয়াত সমৃদ্ধ কৰাৰ কথা মনলৈ আহিছিল ভাস্কৰৰ। তেওঁ কয়, 'গৱেষণাৰ কাম কৰি থাকোতে আমি মোবাইলত যেতিয়া ছাৰ্চ কৰো তেতিয়া একো নাপাও। ছাৰ্চ কৰি দিলো প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনিখনৰ বিষয়ে। দুটা বাক্যও নাথাকে। যেতিয়া এনেকৈ বিচাৰি নাপাও তেতিয়া মনটো নিৰাশাৰে ভৰি পৰে। তেতিয়াই ৱিকিপিডিয়াৰ এখন কৰ্মশালা হ’ব বুলি খবৰ পালো আৰু মই লগে লগে তালৈ যোৱাৰ সিদ্ধান্ত ল’লো। কৰ্মশালাত গৈ শিকি আহি আৰম্ভ কৰি দিছো।’

ৱিকিউৎসৰ আন এগৰাকী সক্ৰিয় সদস্য হৈছে অনামিকা বৰা। তেওঁ কয়, 'কৰি থাকিলেহে শিকা যায়। গীতাৰ্থ বৰদলৈৰ সৈতে পৰিচয় হৈ মই জড়িত হৈ পৰিছিলো। কৰ্মশালাতো ভাগ লৈছিলো। ভাষাটোৰ প্ৰতি কিবা এটা কৰাৰ হেপাহ আছিল সেয়ে পঢ়া-শুনাৰ মাজতো জড়িত হৈ আছো। এতিয়া মই বিএড কৰি আছো। তাৰ মাজতে লকডাউনৰ সময়ত ৱিকিউৎসৰ কিতাপবোৰৰ প্ৰুফ ৰিডিং কৰিছো। যোৱা ১ মে’ত সৰ্বভাৰতীয় প্ৰতিযোগিতা এখনো অনুষ্ঠিত হৈছিল ৱিকিউৎসৰ প্ৰুফৰিডিঙৰ। তাতো ভাগ লৈছো। লকডাউনৰ সময়ত এনেদৰে ভাষাটোৰ হকে কিঞ্চিৎ কৰিবলৈ পাই সুখী হৈছো।’

লকডাউনত ৱিকিপিডিয়া আৰু ৱিকিউৎসত কি কি কাম হ’ল?

লকডাউনৰ সময়ছোৱাৰ সদব্যৱহাৰ কৰিবলৈ চেষ্টাৰ কোনো ক্ৰুটি কৰা নাছিল অসমীয়া ৱিকিপিডিয়াৰ সক্ৰিয় সদস্যসকলে। এই সময়ছোৱাত সদস্যসকলে ৱিকিপিডিয়াত সৃষ্টি কৰিছে ভিন্ন বিষয়ৰ অতিকমেও ২০০ৰো অধিক প্ৰৱন্ধ। আনহাতে ৱিকিউৎসও যথেষ্ট আগবাঢ়ি গৈছে। 

উপলব্ধ তথ্য অনুযায়ী ৱিকিউৎসত মুঠ ২৭ খন অসমীয়া কপিৰাইটমুক্ত কিতাপ প্ৰতিযোগিতাৰ বাবে ৰখা হৈছিল। এই কিতাপসমূহৰ অন্যতম হৈছে সীতা হৰণ কাব্য, কথা গীতা, ঊষা হৰণ, কৰ্ণ পৰ্ব, গীতগোবিন্দ, তাৰকাসুৰৰ যুদ্ধ, ধন্বন্ত্বৰী বধ, শিশু লীলা, মোৰ জীৱন সোঁৱৰণ, মদ্ভাগৱত গীতা বা কৃষ্ণগীতা, অসমীয়া অদ্ভুত ৰামায়ণ, গুৰুচৰিত, জ্ঞান-মালিনী, অসমীয়া সাহিত্যৰ চানেকি, নগা কোঁৱৰ, অসমীয়া ল’ৰাৰ প্ৰাকৃত ভুগোল, ৰত্নমণি, অসমীয়া বুৰঞ্জী, গদা পৰ্ব, বৰাহ চৰিত্ৰ আদি।

আপলোড হোৱা কিতাপসমূহৰ বৰ্ণাশুদ্ধিৰ বাবে ৱিকিছ’ৰ্চৰ তৰফৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰা হৈছিল প্ৰুফৰিডাথন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত হিন্দী, বাংলাকে আদি কৰি একাধিক ভাৰতীয় ভাষাক পিছপেলাই তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হৈছে অসমীয়া ভাষাই। প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে ক্ৰমে মাৰাঠী আৰু তামিল ভাষাই। অৱশ্যে প্ৰতিযোগিতাৰ চূড়ান্ত ফলাফল আনুষ্ঠানিকভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই।

লাভবিহীন সংস্থা ৱিকিপিডিয়াক সহায় কৰক

ৱিকিপিডিয়া হৈছে সম্পূৰ্ণৰূপে লাভবিহীন। দান-বৰঙণিৰ পৰা পোৱা ধনেৰেই আৰু স্বেচ্ছামূলকভাৱে লেখা-মেলা কৰা লোকেৰেই সমৃদ্ধ হয় ৱিকিপিডিয়া। অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িতসকলে যাতে অধিক সেৱা আগবঢ়াব পাৰে তাৰ বাবে আগ্ৰহী আৰু সক্ষমসকলে সাধ্যনুযায়ী ৱিকিপিডিয়াৰ ৱেবছাইটত দান-বৰঙণি আগবঢ়াব পাৰে। এনে দান-বৰঙণি লাভ কৰিলে কৰ্মশালা আদি অনুষ্ঠিত কৰাত যথেষ্ট সহায়ক হ’ব বুলি মন্তব্য কৰে কেবাজনো সদস্যই। 

দান-বৰঙণিৰ লগতে যিসকল লেখা-মেলাৰ সৈতে জড়িত সেইসকলে একাউণ্ট ক্ৰিয়েট কৰি নিজৰ পচন্দৰ বিষয়সমূহ লিখি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰিব পাৰে। একেদৰে যিসকল লোকৰ ঘৰত কপিৰাইট নথকা কিতাপ আছে সেইসমূহ ৱিকিছ’ৰ্চত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আপলোড কৰিব পাৰে। আনহাতে কোনো লোকে যদি নিজৰ কিতাপ ৱিকিউৎসত প্ৰকাশ কৰিব বিচাৰে তেন্তে তেওঁলোকে ৱিকিউৎসৰ এপ্লিকেশ্যন ফৰ্ম পূৰণ কৰি আপলোড কৰিব পাৰে।

অসমীয়া ভাষাক সবল কৰো আহক

'ৱিকিপিডিয়া হৈছে প্ৰথম ছাৰ্চেৱল ইঞ্জিন যিয়ে নেকি তথ্য এটা প্ৰথম ছাৰ্চ কৰি দেখুৱায়। গতিকে আমি যদি অসমীয়া ভাষাতো ৱিকিপিডিয়াত অন্তৰ্ভুক্ত কৰি সবল ৰূপত প্ৰতিষ্ঠা কৰিব পাৰো তেতিয়া আমি টেকনিকেলি ইউনিকোত অসমীয়া ভাষাৰ পৃথক ডমেইন পাম। দ্বিতীয় কথা, আমাৰ ভাষাতো অনলাইনত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সবল হ’ব।’-চিৰ চেনেহী ভাষা জননীক ভালপোৱা প্ৰতিজন অসমীয়াক ৱিকিপিডিয়াত যোগদান কৰি প্ৰৱন্ধ আদি সৃষ্টি কৰিবলৈ আহ্বান জনায় এইদৰে কয় এগৰাকী সক্ৰিয় সদস্যই।

আহক অসমীয়া ভাষা-সাহিত্যৰ সৈতে জড়িত আমি সকলোৱে দিনটোৰ কৰ্মব্যস্ততাৰ মাজতে প্ৰতিদিনে এঘণ্টাকৈ সময় উইকিপিডিয়াত ব্যয় কৰো। এনেদৰে যদিহে প্ৰতিদিনে অসমৰ ১০০০ লোকে ৱিকিপিডিয়া আৰু ৱিকিউৎসলৈ অৱদান আগবঢ়াবলৈ আগুৱাই আহে তেন্তে অতি কম সময়ৰ ভিতৰতে নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালীয়ে মোবাইলত অসমীয়াতে  যি বিষয়েই ছাৰ্চ নকৰক কিয় সেয়াই পঢ়িবলৈ পাব আৰু এনেকৈয়ে সমৃদ্ধ হৈ পৰিব আমাৰ অসমীয়া ভাষা। যুগৰ সৈতে মিলি এনেদৰে আগবাঢ়িলেহে সাৰ্থক হ'ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানিতে দেখা সেই সপোন, 'কামৰূপা মোৰ/ সুৱদিসুৰীয়া/অসমীয়া ভাষা/ জগত-সভালৈ যাব/উজ্জ্বল/ সুজ্জ্বল/ কহিনুৰ পিন্ধি/ হাঁহি জ্যোতিৰূপা হ'ব।'