বোকাজানঃ বোকাজান বিলাতী মাটি কাৰখানা, নামেই যাৰ পৰিচয়। কাৰখানাটো পাৰ্বত্য জিলা কাৰ্বি আংলংৰ সম্পদ আৰু গৌৰৱ৷ থলুৱা আৰু স্থানীয় শ্ৰমিকৰ শ্ৰমদানেৰে উৎপাদন কাৰ্য চলাই অহা কাৰখানাটোৱে ভাৰতীয় চিমেণ্ট নিগম ৰুগ্ন হৈ পৰাৰ সময়তো এককভাৱে উৎপাদন কৰি লাভৰ মুখ দেখি আহিছে৷ 

কিন্তু এই লাভজনক উদ্যোগটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনীহা তথা ভাৰতীয় চিমেণ্ট নিগমৰ উদাসীনতাত সম্প্ৰতি মৃত্যুৰ দুৱাৰদলিত৷ ইয়াৰ আন এটা মূল কাৰণ হ'ল কাৰখানাটোৰ আওপুৰণি হৈ পৰা যন্ত্ৰপাতিসমূহ।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক মাত্ৰ ৰাজহুৱা খণ্ডৰ চিমেণ্ট উদ্যোগ বোকাজান বিলাতী মাটি কৰাখানাৰ আধুনিকীকৰণ আৰু বন্ধ হৈ থকা সম্প্ৰসাৰণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোত কাৰখানাটোৱে সৃষ্টি কৰা ব্যাপক প্ৰদূষণৰ সমস্যা সমূহ সমাধানাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই আজি কাৰখানাটোৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 

সামাজিক দূৰত্ব বৰ্তাই ছাত্ৰ সন্থাৰ সদস্যই হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষ মুৰ্দাবাদ, ধূলি প্ৰদুষণ নিয়ন্ত্ৰণ কৰক, অতি শীঘ্ৰে কাৰখানাৰ বন্ধ হৈ থকা সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ কৰক, ১০০ শতাংশ থলুৱা যুৱক-যুৱতী নিযুক্তিৰ ব্যৱস্থা কৰক, অঞ্চলটোত সামাজিক উন্নয়ণমূলক কামৰ ব্যৱস্থা কৰক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ 

কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি বৰা আৰু সহকাৰী সম্পাদক অৰ্ণৱজ্যোতি কাকতি উপস্থিত থকা আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই সভাপতি পিতাম্বৰ চেতিয়া আৰু সম্পাদক অৰিন্দম মহন্তৰ স্বাক্ষৰিত বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। 

আনহাতে, আজিৰ কাৰ্যসূচীত উপস্থিত আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই কয় যে নিগমে প্ৰ'মেক নামৰ এটা ব্যক্তিগত নিৰ্মাণ প্ৰতিস্থানৰ দ্বাৰা ২০১০ চনত কাৰখানাটোৰ ১২০০ মেট্ৰিক টনৰ দ্বিতীয়টো সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল যদিও আজিকোপতি ৫০ শতাংশ কামো সম্পূৰ্ণ হৈ নুঠিল। 

"একমাত্ৰ ভাৰতীয় চিমেণ্ট নিগম, কাৰখানা কৰ্তৃপক্ষ আৰু নিৰ্মাণ প্ৰতিষ্ঠানৰ অৱহেলা তথা কু-চক্ৰান্তৰ বাবেই কাৰখানাটো আজি এনেদৰে মৃতপ্ৰায় হৈ পৰিছে। আমি এনে ষড়যন্ত্ৰ ওফৰাব লাগিব।"-ছাত্ৰনেতাজনে কয়।

আজিৰ প্ৰতিবাদৰ জৰিয়তে বোকাজান বিলাতী মাটি কাৰখানাৰ পুনৰ্জীৱত তথা ইয়াৰ সম্প্ৰসাৰণৰ কাম শীঘ্ৰেই আৰম্ভ কৰি বৃহত্তৰ অঞ্চলটোত কাৰখানাটোৱে সৃষ্টি কৰা ব্যাপক প্ৰদূষণৰ সমস্যাসমূহ সমাধান কৰি এশ শতাংশ থলুৱা যুৱক-যুৱতীৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে সামাজিক উন্নয়নমূলক কাম সমূহৰো ব্যৱস্থা কৰাৰ দাবী জনাই ছাত্ৰ সংগঠনঠোৱে।