ডিজিটেল ৰিপ'ৰ্টঃ এবিএমছুৰ সভাপতি তথা বিটিএডিৰ অন্যতম প্ৰতিবাদী কণ্ঠ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ হৈ পৰাৰ সময়তে এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ টুইটে সমগ্ৰ ঘটনাটোক অধিক ৰহস্যঘন কৰি তুলিছে।

টুইটেৰে সমগ্ৰ ঘটনাটোক ৰহস্যঘন কৰি তোলা ৰাজ্যৰ এইগৰাকী জ্যেষ্ঠ সাংবাদিক হৈছে অতনু ভূঞা। বৰ্তমান 'আছাম টকছ’ নামৰ এটা ব্যক্তিগতখণ্ডৰ টিভি চেনেলৰ মুখ্য সম্পাদকৰ দায়িত্বত থকা জ্যেষ্ঠ সাংবাদিকগৰাকীলৈ আজি দিনৰ ১১.৩০ বজাত লাফিকুলে ফোন কৰা বুলি টুইটটোত উল্লেখ কৰিছে।

ফোনযোগে লাফিকুলে এটা বিশেষ অডিঅ’ টেপ আনিবলৈ যোৱা বুলি জনাইছিল সাংবাদিক অতনু ভূঞাক। এই অডিঅ’ টেপতো এজন শীৰ্ষ আৰক্ষী বিষয়া আৰু চোৰাং গৰু ব্যৱসায়ী এজনৰ বুলিও সাংবাদিক ভূঞাক জানিবলৈ দিয়ে ছাত্ৰ নেতাজনে।

'আজি পুৱা ১১.৩০ বজাত লাফিকুলে মোলৈ ফোন কৰিছিল। এজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এটা চোৰাং গৰু সৰবৰাহকাৰী চক্ৰক পৰিচালনা কৰা লোক এজনৰ কথোপকথনৰ ৰেকৰ্ডিং এটা আনিবলৈ গৈ থকা বুলি তেওঁ মোক জনাইছিল।’-টুইটটোত এইদৰে উল্লেখ কৰিছে সাংবাদিক ভূঞাই।

সাংবাদিক ভূঞাই আন এক টুইটত এই সন্দৰ্ভত বিৰোধীয়ে চৰকাৰৰ বিফলতা দাঙি ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও আক্ষেপ প্ৰকাশ কৰে।

"বিৰোধী দলৰ মতিভ্ৰম হৈছে। দিন-দুপৰতে এজন সংখ্যালঘু নেতাক ৰাজপথতে গুলীয়াই থৈ গ'ল। অথচ তেওঁলোক মৌন, নাই কোনো শক্তিশালী প্ৰতিবাদ।"- ভূঞাৰ টুইট।

উল্লেখ্য যে সাংবাদিক ভূঞালৈ ফোন কৰাৰ কেইঘণ্টামান পিছতে বিটিচি সচিবালয়ৰ নিচেই সমীপতে মটৰচাইকেলত অহা দুষ্কৃতিকাৰীয়ে শূন্য দূৰত্বৰ পৰা চলোৱা গুলীত এখন টাইলছৰ দোকানত টাইলছ কিনি থকা অৱস্থাত ঠাইতে ঢলি পৰে লাফিকুল। 

যদিহে সাংবাদিক ভূঞালৈ ফোন কৰি কোৱাৰ দৰে  ছাত্ৰ নেতাজনে উক্ত অডিঅ’ টেপতো আনিবলৈ গৈ আছিল তেন্তে উক্ত কাৰণতে তেঁওক চোৰাং গৰু ৱ্যৱসায়ী চক্ৰ অথবা শীৰ্ষ আৰক্ষী বিষয়াজনে নিয়োজিত কৰা দুৰ্বৃত্তই গুলী চলোৱা বুলি অনুমান কৰিব পাৰি।

অতনু ভূঞাৰ টুইটৰ পিছতে ঘটনাটোৰ সৈতে আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত থকাৰো অনুমান কৰিছে একাংশ লোকে। আৰক্ষী বিষয়াৰ সহযোগ থকা বাবেই বিটিচি সচিবালয়ৰ নিচেই সমীপতে গুলী চলাই নিৰ্বিঘ্নে দুৰ্বৃত্তৰ দলটো পলাই যাবলৈ সমৰ্থ হৈছে বুলিও মত ব্যক্ত কৰিছে বহুতে। 

অৱশ্যে সঠিক তদন্তৰ অন্ততহে ঘটনাৰ আঁৰৰ কাহিনী জানিব পৰা যাব। সেয়া হ’লেও জ্যেষ্ঠ সাংবাদিকজনে কৰা টুইটটোৱে লাফিকুলৰ হত্যাকাণ্ডত যে ৰহস্য আছে সেয়া স্পষ্ট কৰি তুলিছে।

♦ অধিক বা-বাতৰিৰ বাবে প্ৰতি মুহূৰ্ততে ভিজিট কৰক www.newsnextone.com