মুম্বাইঃ ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতৰ ৫০শতাংশ এটিএম মেচিন বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে।ভাৰতৰ এটিএম সমুহৰ সংগঠন Confederation of ATM Industry (CATMi)এ আজি এই কথা জানিবলৈ দিয়ে।

বৰ্তমান ভাৰতৰ এটিএমৰ সংখ্যা ২,৩৮,০০০।সেইবোৰৰ ভিতৰত ১,১৩,০০০ এটিএম অহা মাৰ্চৰ ভিতৰত বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে।যদি এই কথা সত্য হয় তেতিয়াহ’লে দেশৰ জনসাধাৰন আকৌ এক ভয়ঙ্কৰ দুৰ্য্যোগৰ সন্মুখীন হ’বলগীয়া হ’ব৷প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত একাউন্ট থকা কোটি কোটি দুখীয়া জলতাই এটিএমৰ সহায়ত ধনৰ লেন-দেন কৰে এতিয়া সেইসকল লোকো বিস্তৰ ভাৱে ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে৷

বিমুদ্ৰাকৰণৰ সময়ত দেশৰ জনসাধাৰনে যিদৰে এটিএমৰ সন্মুখত শাৰীপাতিব লগীয়া হৈছিল,সেই দিনবোৰ পুনৰ উভতি অহাৰ সম্ভাৱনা আছে বুলি সংগঠনটোৰ মুখপাত্ৰ গৰাকীয়ে কয়৷

চৰকাৰৰ ফালৰ পৰা দেশৰ এটিএম সমুহৰ হাৰ্ডৱেৰ আৰু ছফটওৱেৰৰ ক্ষেত্ৰত বিপুল সাল-সলনি কৰাৰ বাবে অহা নিৰ্দেশ দেশৰ প্ৰায় ৫০ শতাংশ এটিএমত কাৰ্য্যকৰী কৰা সম্ভৱ নহ’ব আৰু তাৰ ফলতেই এই দুৰ্য্যোগ আহিব বুলি Confederation of ATM Industry (CATMi)ৰ মুখপাত্ৰগৰাকীয়ে জনায়৷

এই সিদ্ধান্তৰ ফলত দেশত নিবনুৱাৰ সংখ্যা আৰু বাঢ়ি যাব আৰু ইয়াৰ প্ৰভাৱ দেশৰ অৰ্থনীতিতো পৰিব বুলি অৰ্থনীতিবিদ সকলে মন্তৱ্য কৰিছে ৷