দিল্লীঃ ৰেলযাত্ৰীসকলৰ বাবে ভাল খবৰ লৈ আহিছে ভাৰতীয় ৰেল বিভাগে৷ ৰেলৱে টিকটৰ বাবে দীঘলীয়া শাৰী নাপাতিলেও হ’ব যাত্ৰীসকলে৷ অতি সোনকালে এটিএমত উপলব্ধ হ’ব ৰেলৰ টিকেট৷ ভাৰতীয় ৰেল বিভাগে ২০১৬ চনত ষ্টেট বেংক অব ইণ্ডিয়াৰ সৈতে এই সন্দৰ্ভত এক পৰীক্ষামূলক প্ৰকল্প আৰম্ভ কৰিছিল৷

জানিব পৰা মতে "চেন্টাৰ ফৰ ৰেলৱে ইনফৰ্মেছন চিষ্টম"এই ক্ষেত্ৰত এক চফটৱেৰো নিৰ্মাণ কৰিছে৷ অটোমেটিক টিকট ৱেন্দিঙৰ সহায়ত এটিএমসমূহত উপলব্ধ হ’ব টিকটসমুহ৷

ঝাৰখণ্ডৰ টাটানগৰ ৰেল’ৱে এটিএম ত ইতিমধ্যে এই মেচিন লগোৱা  হৈছে৷ দেশৰ  মূখ্য ঠাইসমুহৰ এটিএমত অতি সোনকালে এই ব্যৱস্থা উপলব্ধ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে৷ তদুপৰি ডেবিট কাৰ্ড নাথাকিলে মুদ্ৰা তথা নোট ভৰালেও পোৱা যাব টিকেট৷