জিতুমণি দাস, আজাৰা

আজাৰাঃ ৰাজ্যত সঘনাই বৃদ্ধি পাই আহিছে ড্ৰাগছ, গাঞ্জা আদিকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা। এই ৰমৰমীয়া অবৈধ বেহাৰ চাৰিজন দুধৰ্ষ সৰবৰাহকাৰী জালত পৰিল ৰাণী আৰক্ষীৰ। 

অসম-মেঘালয় সীমান্তৱৰ্তী পশ্চিম গুৱাহাটীৰ সমষ্টিৰ ৰাণী শুকুৰবেৰীয়াত এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম বসুমতাৰীৰ নেতৃত্বত আৰু ৪৭ বিএচএফ বেটেলিয়ান ৰাণীস্থিত কেম্পৰ সহযোগত বুধবাৰে পুৱতি নিশা প্ৰায় ৫ মান বজাত জব্দ কৰিবলৈ সক্ষম হয় অবৈধ গাঞ্জাখিনি। 

ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীয়ে জানিব দিয়া মতে এ.এছ.২৫.এচি ৫৬৯৫ নম্বৰৰ মেক্সিমো আৰু এম.এল. ০৬- ৯০৮০ নম্বৰৰ এলটো বাহনেৰে মেঘালয়ৰ মায়েৰেঙৰপৰা অসম অভিমুখী আহি থকাৰ অৱস্থাত জব্দ কৰে প্ৰায় পাচ লাখ মুল্যৰ ৩৭ কেজি গাঞ্জা। 

অবৈধ গাঞ্জাসহ মেঘালয়ৰ নংষ্টেনৰ পোষ্টাৰ মাৰৱেং (৩০), মায়ৰেংৰ জোৰ্দান লেংদোহ (২৮), আৰু অসমৰ পলাশবাৰী থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ থৰকাজুলিৰ ৰ্দুগা মুণ্ডা (২৬) , আৰু মুদুকীৰ ৰাজুৰাম ৰাভা (২৯) নামৰ মুঠ লোক কেইজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, প্ৰায়েই সীমান্তৱৰ্তী অঞ্চল সমুহত এনেদৰে সৰবৰাহকাৰীয়ে গোপনে আৰক্ষী চকুত ধুলি দি প্ৰায়ে চলাই আহিছিল এই অবৈধ গাঞ্জা ব্যৱসায়।