তিৰুৱনন্তপুৰমঃ মালায়লম চলচ্চিত্ৰ উদ্যোগত এতিয়া নাৰী কোনোধৰণৰ নিৰ্যাতনৰ সন্মুখীন নহয়। ছবিজগতত মহিলাসকলে সন্মান লাভ কৰিছে।

অৱশ্যে দুঃশ্চৰিত্ৰৰ অভিনেত্ৰীসকলে পুৰুষৰ শয্যাসংগীনি হৈ আহিছে। চৰিত্ৰহীন মহিলাৰ এনে কাম ডাঙৰ কথা নহয়। এই বিশ্লেষণ সাংসদ ইন'চেণ্ট বেৰিড থেক্কাটালাৰ।

কেৰালাৰ এসময়ৰ জনপ্ৰিয় অভিনেতাগৰাকী এতিয়া লোকসভাৰ সাংসদ। তদুপৰি তেওঁ মালায়লম ছবি উদ্যোগৰ অভিনেতা সন্থাৰ অধ্যক্ষ। পিছে সংবাদ মাধ্যমৰ আগত নিসংকোচে নিজৰ মত ব্যক্ত কৰিলে ইনচেণ্টে।

তেওঁৰ মতে চৰিত্ৰহীন অভিনেত্ৰীসকলে সুযোগ লাভৰ বাবে পুৰষৰ শয্যাসংগী হোৱাটো কোনো ডাঙৰ কথা নহয়। এনে ঘটনা ঘটি আহিছে বুলিও তেওঁ ব্যাখ্যা কৰিলে। স্বাভাৱিকতে ইনচেণ্টৰ কথাক লৈ জাঙুৰ খাই উঠিছে কেৰালাৰ নাৰীকুল।