ডিজিটেল ডেস্কঃ বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰি ৫০০ কোটিৰ ঘাই চুব ওলোৱা বাহুবলী ২ ছবিখনক লৈ উৎসাহৰ শেষ নোহোৱাৰ মাজতে আহিছে এক বেয়া খবৰ। এতিয়া বাহুবলী যাবলগীয়া হ’ব পাৰে জেললৈ৷

হায়দাৰাবাদৰ এক সম্প্ৰদায়ে গোচৰ ৰুজু কৰিছে বাহুবলীৰ বিৰুদ্ধে৷ কটিকা নামৰ সম্প্ৰদায়টোৱে ৰুজু কৰিছে৷ চলচিত্ৰখনৰ কেইবাটাও দৃশ্যত সম্প্ৰদায়টোক অপমান কৰাৰ অভিযোগ তুলি বাহুবলীৰ সমগ্ৰ টিমৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে কটিকা সম্প্ৰদায়টোৱে৷

বাহুবলীৰ এক দৃশ্যত "কটিকা চৌকাতী" বুলি এক সংলাপ দিয়া হৈছে যাৰ অৰ্থ হৈছে কটিকা জাতি কলংক৷ উক্ত সংলাপৰ বাবেই এতিয়া ক্ষোভিত হৈ পৰিছে সম্প্ৰদায়টোৱে৷

তদুপৰি চলচিত্ৰখনত সম্প্ৰদায়টোক বৰ্বৰ আৰু অসামাজিক সম্প্ৰদায় হিচাবে উপস্থাপিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে সম্প্ৰদায়টোয়ে৷ চলচিত্ৰখনৰ পৰা উক্ত সংলাপ আঁতৰাবলৈও দাবী জনাইছে কটিকা সম্প্ৰদায়ে৷