গুৱাহাটীঃ এক দুৰাৰোগ্য ৰোগত সাত বছৰ বয়সতে যোৱা মাৰ্চ মাহত অকালতে স্বৰ্গগামী হয় বৈদহী ডেকা নামৰ এক বিস্ময়কৰ প্ৰতিভা সম্পন্ন শিশুৰ । বিশিষ্ট লেখক শিক্ষাবিদ ড০ দীনেশ বৈশ্য আৰু বিশিষ্ট শিল্পী ডঃ ৰাণু বৈশ্যৰ জী-নাতিনি আৰু অধ্যাপক ডঃ দীপজ্যোতি ডেকা তথা শিল্পী মনোবিজ্ঞানী পাহি বৈশ্যৰ কন্যা বৈদেহী অতি কম বয়সৰ পৰাই সংগীত আৰু চিত্ৰকলাত পাৰ্গত আছিল। এইগৰাকী দেৱশিশুৰ স্মৃতিত বৈদেহী শিশু কল্যাণ নিধি নামৰ এক নিধি সৃষ্টি কৰা হৈছে। এই নিধিৰ তত্বাৱধানত শিশু শিক্ষা আৰু বিকাশৰ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। এখন শিশু বিদ্যালয়, চিত্ৰকলা আৰু সংগীত বিদ্যালয়ৰ লগতে শিশুৰ মানসিক বিকাশৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে।

যোৱা বহুবছৰ ধৰি গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সুকলমে অনুষ্ঠিত কৰা মৌমেল অনুষ্ঠান আৰম্ভ হব ক্ষেত্ৰীৰ বিজয়পুৰ গাৱঁৰ "বৈদহী ভৱন’’ৰ বাগিছা ত। এই অনুষ্ঠান প্ৰতি মাহৰ প্ৰথম দেওবাৰে আবেলি তিনি বজাৰ পৰা অনুষ্ঠিত হব। অনুষ্ঠানটি পৰিচালনা কৰিব বিশিষ্ট চিত্ৰশিল্পী মধুসূদন দাসে। সংগীতৰ শিক্ষা প্ৰদান কৰিব বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞা ড০ ৰাণু বৈশ্যই। 

ইয়াৰ উপৰিও বৈদহী সংগীত আৰু চিত্ৰশিল্পৰ নিয়মিত শ্ৰেণী সমূহ অনুষ্ঠিত হব এই মাহৰ পৰাই। চিত্ৰশিল্পী মধুসূদন দাস আৰু সংগীতজ্ঞা ড০ ৰাণু বৈশ্য ই চিত্ৰকলা আৰু সংগীতৰ শিক্ষা প্ৰদান কৰিব ভাতখাণ্ডে সংগীত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ আধাৰত। 

উল্লেখযোগ্য যে বিশিষ্ট শাস্ত্ৰীয় সংগীত গুৰু শ্ৰীযুত দামোদৰ বৰা ডাঙৰীয়াৰ সংগীত মহাবিদ্যালয় সুৰশ্ৰীৰ এটি শাখা অনুষ্ঠান স্থাপন কৰা হ’ব। অহা ৫ মে দেওবাৰে আবেলি ৩ বজাত সকলো শুভাকাঙ্ক্ষী আৰু ইচ্ছুক শিশু ছাত্ৰ-ছাত্ৰীক উপস্থিত হবলৈ অনুৰোধ জনোৱা হল।

উল্লেখযোগ্য যে এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ গুৰু তথা অসমৰ সংগীত বিদ্যালয় সমূহৰ অৱসৰ প্ৰাপ্ত পৰিদৰ্শক আৰু ভাটখাণ্ডে সংগীত বিশ্ববিদ্যালয়ৰ পৰীক্ষক শ্ৰী দামোদৰ বৰা দেবে। 

বৈদেহী শিশু কল্যাণ নিধিৰ বিষয়ে বিষদ ভাবে আলোচনা কৰিবলৈ আৰু দিহা পৰামৰ্শৰ লগতে এই নিধিৰ সৈতে জড়িত হবলৈ ইচ্ছুক ৰাইজক এই বাতৰিৰ জৰিয়তে আহ্বান জনোৱা হ’ল। এই ন্যাসৰ উদ্যোগতা সকলে ৰাইজৰ জ্ঞাতাৰ্থে  জনাইছে যে এই সংগঠনৰ দ্বাৰা এটি বিশ্ববিদ্যালয় স্বীকৃত চিত্ৰ কলা তথা সংগীত গৱেষণা কেন্দ্ৰ এটাৰো খছৰা প্ৰস্তুত কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড০ ৰমনী বৰ্মনে এই প্ৰকল্পৰ খছৰা প্ৰস্তুত কৰিছে।

বৈদেহী শিশু কল্যাণ নিধিৰ সৈতে যোগাযোগ কৰিবলৈ ইচ্ছুক সকলক ডঃ দীনেশ বৈশ্য, ডঃ ৰাণু বৈশ্য ডঃ দীপজ্যোতি ডেকা 
৯৮৬৪০২০১১২, ৯৮৬৪১৫৮৮৭৪ আৰু ৯৪৩৫১১৭৩৫৫ নম্বৰত যোগাযোগ কৰিলৈ আহ্বান কৰা হৈছে৷