বৰনৰ্দ্দীঃ বাপোটি সাহোন ৰঙালী বিহুৰ উৎসাহ আৰু মাদকতা ওৰ পৰা নাই নলবাৰী জিলাৰ বিভিন্ন ঠাইত। একতা আৰু সংহতিৰে
পশ্চিম নলবাৰীৰ, অঞ্চলৰ বলোৱা প্ৰগতি সংঘৰ উদ্যোগত আৰু বলোৱা ক্ৰিকেট ক্লাবৰ সৌজন্যত অহা ১১ মে'ৰ দিনা এদিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। 

তদুপলক্ষে মনোৰঞ্জণ শৰ্মাক সভাপতি, মানসজ্যোতি শৰ্মাক কাৰ্যকৰী সভাপতি, নৱজিৎ শৰ্মা(দুলু), বিকাশ ডেকাক সম্পাদক, মনোজ ডেকা(জান)ক সাংস্কৃতিক সম্পাদক হিচাপে লৈ বিহু উদযাপন সমিতিখন গঠন কৰা হৈছে। 

কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ প্ৰস্তুতকৰণ, সংঘৰ পতাকা উত্তোলন, ক্ৰিকেট ক্লাবৰ পতাকা উত্তোলন, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন, বৃক্ষৰোপন, খেল-ধেমালি, চিত্ৰাংকন, ভেশচন প্ৰতিযোগিতা, সন্ধিয়া স্মৃতি তৰ্পন, দাতা সম্বৰ্দ্ধনা আৰু বঁটা বিতৰনী অনুষ্ঠান, মুকলি বিহুকে ধৰি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷