ডিজিটেল ডেস্কঃ পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোটৰ দৰেকৈ হঠাৎ বন্ধ হৈ পৰিব দেশৰ অতি কমেও ২.০৯ লাখ কোম্পানী আৰু ফাৰ্মৰ বেংক একাউণ্ট। ইতিমধ্যে এই সন্দৰ্ভত বেংকসমূহক যাৱতীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে বিত্ত মন্ত্ৰণালয়ে। ইয়াৰ জৰিয়তে ক’লা ধন ৰোধ কৰিব পৰা যাব বুলিও আশা কৰিছে বিত্ত মন্ত্ৰণালয়ে।

আইন উলংঘা কৰি অহা কোম্পানীসমূহক এশিকনি দিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে বিত্ত মন্ত্ৰণালয়ৰ এটি সূত্ৰই। উল্লেখ্য যে যোৱা ১ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণৰ পিছত অচল ৫০০ আৰু ১০০০ টকীয়া নোট জনা কৰা ধৰণৰ ওপৰত ভিত্তি কৰি অতি কমেও ১ লাখ সন্দেহজনক কোম্পানী আৰু ফাৰ্মৰ পঞ্জীয়ন বাতিল কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰিছিল।  

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেনে ধৰণৰ ২লাখ ফাৰ্ম আৰু ৩৮ হাজাৰ কোম্পানীৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছিল। মঙলবাৰৰ বিত্ত মন্ত্ৰণালয়ৰ বিবৃতিটোত ১,০৯,০৩২ ফাৰ্মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে বুলিও প্ৰকাশ কৰা হৈছে। 

'বিত্ত মন্ত্ৰণালয়ে সৰ্বভাৰতীয় বেংক এছ’চিয়েশ্যনৰ জৰিয়তে সন্দেহজনক কোম্পানীসমূহৰ বেংক একাউণ্টত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ সকলো বেংককে নিৰ্দেশনা জাৰি কৰা হৈছে।’-এইদৰে উল্লেখ কৰা হৈছে বিবৃতিটোত। মন্ত্ৰণালয়ৰ ৱেবছাইটত সক্ৰিয় বুলি প্ৰদৰ্শিত হ’লেও যদিহে লেনদেন সম্পৰ্কীয় ফাইল সঠিক ধৰণে পোৱা নাযায় তেন্তে তেনে কোম্পানীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।