Printer-friendly version

 

ये फ़ासले तेरी गलियों के हमसे तय न हुए
हज़ार बार चले हम, हज़ार बार रुके

 

এই গজলটোৱে এটা সময়ত সকলোৰে হৃদয়ত বিশেষ আসন দখল কৰিছিল৷ গজলটো ব্যৱহাৰ কৰা হৈছিল শ্যাম বেনেগালৰ ছবি মম্ম’ত৷ লিখিছিল গুলজাৰে আৰু কণ্ঠ নিগৰাইছিল জগজিৎ সিঙে আৰু সংগীত কৰিছিল বনৰাজ ভাটিয়াই৷ বলীউডত এসময়ত দপদপাই থকা বনৰাজ ভাটিয়া এতিয়া নিস্বঃ, অসহায়, আৰ্থিক ভাৱে দুৰ্বল এজন বৃদ্ধ ব্যক্তি৷ বৰ্তমান তেওঁৰ বয়স ৯২ বছৰ৷ জীয়াই থকাৰ বাবে প্ৰসিদ্ধ সংগীতকাৰগৰাকীয়ে বিক্ৰী কৰিবলগীয়া হৈছে ঘৰৰ বাচন-বৰ্তনো৷ বনৰাজ ভাটিয়াৰ কেৰিয়াত মাইলষ্টন আছিল গোবিন্দ নিহলানীৰ পৰিচালিত ছবি ‘তমস’৷ তমসৰ সংগীতে বনৰাজক দিছিল সুকীয়া পৰিচয়, যাৰ বাবে তেওঁ লাভ কৰিছিল ১৯৮৮ চনত ৰাষ্ট্ৰীয় সংগীত নিৰ্দেশনাৰ বঁটা৷ ১৯৮৯ চনত সংগীত নাটক অকাডেমীৰ সন্মানৰ লগতে ২০১২ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল বনৰাজ ভাটিয়া৷ অন্যান্য বঁটা আৰু সন্মানতো আছেই...... কিন্তু এইগৰাকী মহান শিল্পী এতিয়া এক অৰ্থত মৰি মৰি জীয়াই আছে... জীৱন সংগ্ৰামে বৰ বেয়াকৈ বিধ্বস্ত কৰিছে একালত সংগীতৰ যাদুৰে লাখ লাখ মানুহক মোহাচ্ছন্ন কৰা বনৰাজক৷

 

‘ভাৰত এক খৌজ’ মনত আছেনে?

 

হয়তো এই মূহুৰ্তত আপোনাৰো মনত নপৰিব পাৰে কোন বনৰাজ ভাটিয়া? যদি আপুনি দূৰদৰ্শনৰ পৰ্দাত ‘ভাৰত এক খৌজ’ চাইছিল তেন্তে নিশ্চয় সেই গানটোও মনত আছে- 

 


सृष्टि से पहले सत्य नहीं था 
असत्य भी नहीं अंतरिक्ष भी नहीं
आकाश भी नहीं था
छिपा था क्या कहां, किसने देखा था

 


এই সংগীত আছিল বনৰাজ ভাটিয়াৰে৷ জানে ভি দ’ য়াৰ’, ৩৬ ছৌৰংগী লেন, ভূমিকা, মন্থন, মণ্ডী, হাল্লা ব’ল, মম্ম’, জুনুন, তৰংগ, ত্ৰিকাল, যাত্ৰা আদি অনেক বলীউডৰ জনপ্ৰিয় ছবিত সংগীত পৰিচালনা কৰা বনৰাজ ভাটিয়াই সৃষ্টি কৰিছে বহুত জিংগলো৷ সেইজন বনৰাজকে এতিয়া পাহৰি পেলাইছে মানুহে৷ তেওঁ আছে এতিয়া একেবাৰে নিঃসহায় অৱস্থাত৷ মুম্বাইৰ এটা  পুৰণি এপাৰ্টমেণ্টত তেওঁ অকলেই জীৱন কটাইছে৷ শৰীৰ আক্ৰান্ত এতিয়া নানা ৰোগত৷ আঁঠুৰ বিষ ইমানেই তীব্ৰ যে তেওঁ বিচনাৰ পৰা লৰচৰেই কৰিব নোৱাৰে৷ লাহে লাহে কাণেৰেও কম শুনা হৈ আহিছে৷ স্মৃতিশক্তিও লোপ পাইছে৷ না আছে উপাৰ্জনৰ কোনো পথ না আছে জীৱন জীয়াবলৈ টকা-পইচা৷ 

 

ঘৰ-পৰিয়াল

 

বনৰাজ ভাটিয়াৰ সহায়কাৰী হিচাপে আছে সুজিত কুমাৰ নামৰ এজন লোক৷ বিগত কিছু বছৰ ধৰি সুজিত কুমাৰে সংগীত পৰিচালকগৰাকীৰ চোৱাচিতা কৰি আছে৷ বনৰাজ ভাটিয়া অবিবাহিত৷ তেওঁৰ এগৰাকী ভগ্নী কানাডাৰ নিৱাসী৷ আত্মীয় কিছু লোক মুম্বাইত আছে আৰু তেওঁলোকে সাধ্যানুসৰি ভাটিয়াক সহায় নকৰা নহয়৷ উল্লেখ্য যে বনৰাজে উপাৰ্জনৰ টকা শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিছিল কিন্তু ২০০০ চনত শ্বেয়াৰ মাৰ্কেটত তেওঁৰ সকলোবোৰ টকা ডুবি যায়৷ 

 

নিদাৰুণ সময়


‘মুম্বাই মিৰৰ্চ’ৰ সংবাদকৰ্মী গৈছিল বনৰাজ ভাটিয়াৰ খবৰ কৰিবলৈ৷ সংবাদকৰ্মীৰ দলটোক দেখি তেওঁ প্ৰশ্ন কৰিছিল- ‘‘কোন তোমালোক? আজিকালি কোনো মানুহ মোৰ ওচৰলৈ নাহে৷ কোনো মানুহেই মোৰ খবৰ নলয়৷ তোমালোকে কি বিচাৰি মোৰ ওচৰলৈ আহিছা?’’ ইয়াৰ পৰাই বুজিব পাৰি কিমান অকলশৰীয়া জীৱন কটাইছে... কিমান একাকীত্বত ভূগিছে তেওঁ৷ 
প্ৰকৃততে বনৰাজ ভাটিয়াক কি ৰোগে আক্ৰমণ কৰিছে সেয়া তেওঁ নিজেই নাজানে, কাৰণ চিকিৎসকৰ ওচৰলৈ গৈ শৰীৰ পৰীক্ষা কৰোৱা বা সময়ে সময়ে ঔষধ পাতি ক্ৰয় কৰিব পৰাকৈ ভাটিয়াৰ আৰ্থিক স্থিতি একেবাৰেই শূন্য৷ 

 

টোপনিত মাতে নিজৰ মেকুৰীজনীক


বনৰাজ ভাটিয়াৰ সংগী বুলিবলৈ আছিল পপছৌ নামৰ এজনী মেকুৰী৷ ছমাহৰ পূৰ্বে পপছৌ এটি পথ দুৰ্ঘটনাত নিহত হয়৷ তেতিয়াৰে পৰা বনৰাজ বেছিকৈ ভাবুক আৰু মৌন হ’বলৈ ল’লে৷ মেকুৰীজনীলৈ মনত পেলাই এতিয়াও তেওঁৰ অন্তৰাত্মাই কান্দি উঠে৷ সহায়কাৰী সুজিতে প্ৰায়ে শুনিবলৈ পায়, বনৰাজে টোপনিত পপছৌ পপছৌ বুলি চিঞৰি উঠা৷ 

 

নিষ্ঠুৰ নেকি বলীউড?


বলীউড নিষ্ঠুৰ আৰু নিৰ্মম নেকি? বছৰ বছৰ ধৰি একেলগে কাম কৰা ছবি পৰিচালক, নিৰ্মাতা, প্ৰযোজক কোনেও বছৰ বছৰ ধৰি কোনো ধৰণৰ খবৰ ৰখা নাই বনৰাজ ভাটিয়াৰ৷ 
সুদীৰ্ঘ দিন ধৰি এগৰাকী সংগীত পৰিচালকৰ কোনো খবৰ নোহোৱা হ’ল কিন্তু কোনো এজনৰো মনত নপৰেনে তেওঁ জীয়াই আছেনো কি দৰে বুলি এবাৰ খবৰ ল’বলৈ৷ বলীউড ইণ্ডাষ্ট্ৰীত ইমান বছৰ কাম কৰাৰ পাছতো তেওঁৰ এজনো বন্ধু বা সুহৃদ নোহোৱাকৈ থাকিলনে! নে কামৰ সময়তহে কেৱল স্বাৰ্থত ব্যৱহাৰ হৈছিল বনৰাজ ভাটিয়া? তেওঁক বৃদ্ধাৱস্থা বা আৰ্থিক দুৰ্বলতাতকৈও বেছি দুৰ্বল কৰিছে অকলশৰীয়া সময়ে৷ সংগীতৰ লহৰ তুলি মানুহৰ অন্তৰত শান্তিৰ নিজৰা বোওৱা বনৰাজ ভাটিয়াৰ নিজৰ অন্তৰত এতিয়া মাথো দুখৰ লহৰ..... বলীউড ইণ্ডাছট্ৰীত বনৰাজ ভাটিয়াৰ অলেখ অৱদান, কিন্তু সকলো এতিয়া পাহৰণিৰ গৰ্ভত বিলীন৷ এনেকুৱা বনৰাজ ভাটিয়া আৰু হয়তো অনেকজন ওলাব... যিয়ে এসময়ত পোহৰ বিলাই এতিয়া যুঁজিছে মাথোঁ এন্ধাৰৰ সৈতে....