সাংস্কৃতিক প্ৰতিবেদনঃ বাণ ৰজাৰ জীয়ৰী উষাৰ নামেৰে বিখ্যাত সৌন্দৰ্য্যৰ চহৰ তেজপুৰ। উষা নগৰী তেজপুৰত নাট, সাহিত্য, সংগীতৰ চৰ্চাৰ এক বৰ্ণিল ইতিহাস আছে৷ অসমীয়া নাট-সাহিত্য-সংস্কৃতিৰ বহুপুৰোধা লোকৰ জন্মস্থান তেজপুৰ৷ ১৯০৭ চনত ৰাজ্যৰ সৰ্ব প্ৰথম বাদ্যযন্ত্ৰীৰ দলটো তেজপুৰতে গঠন হৈছিল। আনহাতে ১৯০৬ চনত ৰংগমঞ্চ সাজি আধুনিক ৰংগমঞ্চৰ ইতিহাসৰো আৰম্ভণি হৈছিল এই তেজপুৰতেই।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্ৰথম অসমীয়া চলচিত্ৰ ‘জয়মতী’ৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰিছিল৷ ১৯৪০ চনত ৰাজ্যৰ প্ৰথমখন সংগীত বিদ্যালয় জ্যোতিকলা কেন্দ্ৰ জাতীয় সংগীত বিদ্যালয় তেজপুৰত স্থাপন হোৱাৰ লগতে অসমীয়াৰ আৱেগ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পোন প্ৰথমে সুৰাৰোপিত কৰা হৈছিল।

চন্দ্ৰ কুমাৰ আগৰৱালা, ফণী শৰ্মা, দন্দিৰাম কলিতা, কমলাকান্ত ভট্টাচাৰ্য্য, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, লম্বোদৰ বৰা, পদ্মনাথ গোহাঞি বৰুৱা, চন্দ্ৰনাথ শৰ্মা, দণ্ডিনাথ কলিতা, হীৰাৱতী গোহাঞি বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি প্ৰতিথযশা নাট্যকাৰ, সাহিত্যিকৰ সৃষ্টিৰাজিৰ সৈতে তেজপুৰৰ আছে এক অভিন্ন সম্পৰ্ক৷ একাধিক বিশিষ্ট লোকৰ জন্মস্থান তেজপুৰত তাহানিৰ পৰাই নাটকৰ চৰ্চা আৰম্ভ হৈছিল৷ আন আন নাটৰ লগতে অপেছাদাৰী নাট্যক্ষেত্ৰখনত তেজপুৰৰ ৰাইজৰ অংশগ্ৰহণো উল্লেখনীয়।

তেজপুৰৰ পৰা আৰম্ভ হোৱা তাহানিৰ সেই নাট আন্দোলন আজিও অসমৰ গাঁৱে-ভূঞে জীয়াই আছে৷ আধুনিকতাৰ পৰশল পৰিলেও তেজপুৰত বৰ্তমানো তাহানিৰ দৰেই অব্যাহত আছে নাট চৰ্চা৷ ইয়াৰ মাজতে বিশাল ভাৰতীয় সংস্কৃতিৰ আদৰ্শ পুৰুষ শ্ৰীকৃষ্ণৰ মানৱী পৰিক্ৰমাৰ অন্যতম অধ্যায় তথা মহাপুৰুষ শংকৰদেৱ বিৰচিত শ্ৰীমদ্ভাগতৰ দ্বাদশ অধ্যায়ত বৰ্ণিত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সমগ্ৰ ৰস মিশ্ৰিত কাহিনীক আধুনিক নাট্যৰূপত সজাই-পৰাই তেজপুৰৰ সমীপৰ বিহগুৰিৰ নাট্যকাৰ গণেশ দাসে ‘মহাপ্ৰস্থান’ নামেৰে এখন নাট মঞ্চস্থ কৰি দৰ্শকক আপ্লুত কৰিছে৷

নাট্যকাৰ গণেশ দাসে শ্ৰেষ্ঠ নাটকৰ বঁটা লাভ কৰাৰ লগতে সাম্প্ৰতিক সময়ৰ আধুনিক নাটকৰ ধাৰাটোক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই পৌৰাণিক, তাত্বিক তথা আধ্যাত্মিক জ্ঞান সমৃদ্ধ কাহিনীৰ প্ৰাসংগিকতাক প্ৰতিপন্ন কৰাত সাৰ্থক হৈছে বুলি ক'ব পাৰি৷ উদীয়মান নাট্যকাৰ, পৰিচালক গণেশ দাসে শেহতীয়াকৈ তেজপুৰ অঞ্চলত সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰসাৰৰ বাবে গঠন হোৱা "বৰ্ণম" নামৰ সাংস্কৃতিক অনুষ্ঠানটোৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাট মঞ্চস্থ কৰি সুনাম কঢ়িয়াই আনিছে৷

স্থানীয় বিহগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত "বৰ্ণমে" প্ৰদৰ্শন কৰে নাটখন৷ নাট খনৰ প্ৰদৰ্শন চাবলৈ জিলাখনৰ বিভিন্ন স্থানৰ নাট্যপ্ৰেমী দৰ্শকেৰে প্ৰেক্ষাগৃহ ভৰি পৰে৷ প্ৰথমখন নাট "মহাপ্ৰস্থান" আৰু দ্বিতীয়খন যশস্বী নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ "বকুলৰ গধূলি" চাবলৈ দৰ্শকৰ হেতা-ওপৰা লাগে৷ 

বিহগুৰিৰ জনপ্ৰিয় কণ্ঠশিল্পী ভাস্কৰ মৌনসে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক তথা "বৰ্ণম"ৰ পৃষ্ঠপোষক বিপুল কুমাৰ নাথ, অঞ্চলটোৰ এগৰাকী সাংস্কৃতিক কৰ্মী পৱিত্ৰ বড়া, দিলীপ বৰা উপস্থিত থাকে৷ আনহাতে দ্বিতীয় নিশাত মহেন্দ্ৰ বৰঠাকুৰৰ ৰচিত 'বকুলৰ গধূলি' নাটখনি পৰিচালনা কৰে কৃষ্ণমণি নাথে।

পশ্চিম তেজপুৰ অঞ্চলৰ এচাম উদীয়মান নাট্যশিল্পীৰ অভিনয়ে প্ৰাণbন্ত কৰা দুয়োটি নিশাৰ নাটকত অভিনয় কৰে দীপাঙ্কৰ নাথ, বিতোপন বৰা, মানসজ্যোতি বৰা, ঋতুপন সুত, পাৰ্থপ্ৰতীম বড়া, পাৰ্থ নাথ, ননী দেৱী, দৰ্শনা বাইলুং, দীপশিখা দেৱী, শিখামিণ সুত, ভাস্কৰ নাথ, হিৰেন সুত, হিৰণ্য কুমাৰ নাথে। সুমধুৰ সংগীতেৰে নাট দুখনি শ্ৰুতিমধুৰ কৰি তোলে ধৰ্মেন্দ্ৰ নাথ, ভূপেন নাথ, ৰাতুল শইকীয়া, ত্ৰিনয়ন নাথ, ৰাজেন নাথ, ইলা নাথে। অঞ্চলটোৰ এগৰাকী উদীয়মান যুৱক উপেন নাথৰ(জিতু)সামগ্ৰিক ব্যৱস্থাপনাই নাটখন অধিক উপভোগ্য কৰি তোলে। স্থানীয় অভিনেতা-অভিনেত্ৰী, সংগীত শিল্পী তথা কলা-কুশলীসকলৰ কৰ্মদক্ষতাও আছিল লেখত ল’বলগীয়া৷

এই অনুষ্ঠানতে, বিহগুৰি অঞ্চলৰ অভিনয় জগতত সুকীয়া আসন দখল কৰা তিনিগৰাকীকৈ বিশিষ্ট শিল্পী ধৰ্মেন্দ্ৰ নাথ, কৃষ্ণমনি নাথ আৰু ননী দেৱীক 'বৰ্ণমে' সম্বৰ্ধনা জনোৱাৰ লগতে স্থানীয় কেইবাগৰাকীও জ্যেষ্ঠ সাংস্কৃতিক কৰ্মীক সম্বৰ্ধনা জনায়৷

তাহানিৰ প্ৰথিতযশা লোকসকলে দেখুৱাই যোৱা বাট অনুসৰণ কৰি তেজপুৰত এনেদৰে আজিও অব্যাহত আছে নাটকৰ চৰ্চা ৷ এইক্ষেত্ৰত অঞ্চলটোৰ নৱপ্ৰজন্মই বিশেষ আগ্ৰহ প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে৷ আনহাতে "বৰ্ণমে" অঞ্চলটোত সৃষ্টি কৰা সাংস্কৃতিক সজাগতাকো অঞ্চলটোৰ বিদ্বৎ মহলে শলাগ লৈছে।