দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতি প্ৰাপ্ত ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত সোমবাৰে আবেলি ৪ বজাত এটি ফুটবল কোচ্চিং চেণ্টাৰ মুকলি কৰা হয়৷ 

জিলাখনৰ ঘগ্ৰাপাৰ হাইস্কুলৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত এই কোচ্চিং চেণ্টাৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে নলবাৰী জিলা ক্ৰীড়া সন্থাৰ ভলীবল সম্পাদক দীপক কুমাৰ দাসে৷ উদ্বোধনী অনুষ্ঠানটোত ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ সভাপতি ৰবীন্দ্ৰ নাথ কলিতা, ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল ডেকা, সমাজকৰ্মী ভবেন বড়ো আৰু বিষ্ণু জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নুৰ ইছলামৰ লগতে কেইবাগৰাকী লোক উপস্থিত থাকে৷ 

প্ৰায় শতাধীক ফুটবল প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা উক্ত চেণ্টাৰটোত প্ৰশিক্ষণ আগবঢ়াব ফুটবল খেলুৱৈ ৰূপা বড়োয়ে৷ ইয়াৰোপৰি প্ৰতি মাহত দুদিন আলহী বিশেষ প্ৰশিক্ষকৰ দ্বাৰাও প্ৰশিক্ষণ আগবঢ়োৱা হ’ব৷ ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তফিকুৰ ৰহমান আৰু সম্পাদক হেমন্ত বড়োই চেণ্টাৰটো চলাই নিয়াত ৰাইজৰ সহযোগ কামনা কৰিছে৷