ডিজিটেল ডেস্কঃ তেতিয়া নিশা ১০ বাজিছিল। BBCৰ দিনটোৰ খবৰ লৈ সোমবাৰে নিশা ষ্টুডিঅ’ত হাজিৰ হৈছিল ছ’ফি ৰৱৰ্থ। ছ’ফিৰ বাতৰিৰ লগতে কেমেৰাত ধৰা পৰে আৰু এটি ভিডিঅ’। তাৰ পিছতে সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে BBCৰ 'নিউজ এট টেন’ৰ ভিডিঅ’। উক্ত ভিডিঅ’ অতি কমেও ৪০ লাখ লোকে প্ৰত্যক্ষ কৰে।

সেই সময়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়ৰ খবৰ দেখুওৱা হৈছিল। কিন্তু ছ’ফি ৰৱৰ্থৰ বাতৰিৰ উপৰিও BBCৰ পৰ্দাত দেখা গ’ল লাইভ পৰ্ণ’গ্ৰাফী। ছ’ফিৰ পিছফালে প্ৰডাকশ্যন কণ্ট্ৰ’ল ৰুমত বহি কোনো এজন কৰ্মীয়ে উপভোগ কৰিছিল নীলা ছবি। আৰু সেয়াই দৰ্শকসকলে টিভিৰ পৰ্দাত দেখিবলৈ পায়।

CLICK HERE: ১৫ আগষ্টৰ পূৰ্বে মহাত্মা গান্ধীক অপমান ৰাজ্য চৰকাৰৰ

কণ্ট্ৰ’ল ৰুমৰ এটা কম্পিউটাৰত চলি আছিল BBCৰ বাতৰি। কাষৰ আনটো কম্পিউটাৰত চলিছিল পৰ্ণ। পৰ্ণ অভিনেত্ৰীগৰাকীয়ে অন্তৰ্বাস খোলাৰ সময়তে BBCত লাইভ হৈ পৰে সমগ্ৰ দৃশ্য। লগে লগে হতবাক হৈ পৰে দৰ্শকসকল। বহু দৰ্শকে 'নিউজ এট টেন’ প্ৰত্যক্ষ কৰিয়েই টুইট কৰিবলৈ আৰম্ভ কৰে।

সমগ্ৰ ঘটনাটোত BBCৰ মুখত ছাই পৰে। এই সন্দৰ্ভত BBCৰ তৰফৰ পৰা কোনো কথা প্ৰকাশ কৰা নহ’লেও বিষয়টোক লৈ শীঘ্ৰেই উৰ্ধতম কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও BBCৰ লাইভ টেলিকাষ্টৰ সময়ত একাধিক অঘটন সংঘটিত হৈছিল।