লণ্ডনঃ 'মাৰ মৃত্যুৰ কেইঘণ্টামান পূৰ্বে মই তেওঁৰ সৈতে ভিডিঅ’ কলযোগে কথা পাতিছিলো, তেতিয়া তেওঁ আপোন লোকসকলৰ আৰু যিসকলৰ কথা মনলৈ আহিছিল সেইসকলৰ নাম লৈছিল। মই তেওঁৰ সৈতে কথা পাতি আছিলো আৰু লাহে লাহে তেওঁ চিৰদিনৰ বাবে শুই পৰিছিল। এতিয়া আৰু তেওঁ কেতিয়াও নুঠে।’

বিবিচিৰ সাংবাদিক এণ্ড্ৰিউ ৱেবে তেওঁৰ মাতৃৰ অন্তিম সময়ত শেষ বাৰৰ বাবে লগ পাবলৈ চিকিৎসালয়লৈ যাব নোৱাৰিলে। অৱশ্যে চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ত মাতৃৰ সৈতে সময় কটাবলৈ তেওঁ প্ৰযুক্তিৰ সহায় লৈছিল। 

সমগ্ৰ পৃথিৱীতে কৰ’না কালত এনে বাস্তৱৰ সন্মুখীন হৈছে অসংখ্যাজন লোক। কিয়নো কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত অব্যাহত থকা লকডাউনৰ বাবে জটিল ৰোগৰ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিলেও পৰিয়ালৰ লোকসকলে কাষলৈ যাব পৰা নাই, আনকি অন্তিম সংস্কাৰৰ সময়তো উপস্থিত থকাৰ পৰা নিজকে বিৰত ৰাখিবলগীয়া হৈছে।

এনে এক বাস্তৱৰ সন্মুখীন হৈছে এণ্ড্ৰিউ ৱেব আৰু তেওঁৰ মাতৃ কেথলিন ৱেব। ৱেবে নিজৰ বিষাদ গধুৰ অনুভৱৰ কথা সদৰী কৰি কেনেদৰে শাৰীৰিকভাৱে দূৰত থাকিলেও মাতৃৰ সৈতে অন্তিম সময়লৈকে সংযুক্ত হৈ আছিল সেয়া জনাইছে।

বিবাহ বাৰ্ষিকীৰ যো-জা চলাওতেই ৰোগত আক্ৰান্ত

ৱেবে কৈছে, 'আমি মা-দেউতাৰ ৫০ সংখ্যক বিবাহ বাৰ্ষিকী পালন কৰিবলৈ যো-জা চলাইছিলো, তেনেতে মা হৃদৰোগত আক্ৰান্ত হৈ পৰিল।’

'পৰিয়ালৰ সৈতে একেলগে মিলি এসাজ খোৱাৰ পৰিকল্পনা আমি আগতেই বাতিল কৰিছিল। মোৰ ভাইটি লৰেন্স আৰু মই কৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হ’ব পৰা বিপদ সম্পৰ্কে আলোচনা কৰিছিলো। আমি ব্ৰিটেইনত সামাজিক দূৰত্বক লৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰ দুসপ্তাহ পূৰ্বেই এই বিবাহ বাৰ্ষিকীৰ অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈ মা-দেউতাক ভাইৰাছৰ পৰা দূৰত ৰখাৰ ব্যৱস্থা কৰিছিলো।’-বেৱে কয়।

ৱেবে আৰু কয় যে দেউতাককো উপায়বিহীন হৈ চিকিৎসাধীন হৈ থকা মাকৰ খবৰ ল’বলৈ যাব নালাগে বুলি ক’বলৈ তেওঁলোক বাধ্য হৈ পৰিছিল। ২০১৯ চনতে হৃদৰোগত আক্ৰান্ত হৈ পৰা মাকৰ এইবাৰো গুৰুতৰ হোৱাত দেউতাকেই হাস্পতাললৈ লৈ গৈ ভৰ্তি কৰাইছিল। কিন্তু পিছত কৰ’নাৰ পৰা দেউতাকক ৰক্ষা কৰিবলৈ চিকিৎসাধীন মাকৰ কাষলৈ যোৱাতো বন্ধ কৰি দিছিল।

'দেউতাৰ লগতে আমাৰ পৰিয়ালৰ আনসকল সদস্যয়ো চিকিৎসালয়ত থকা মাৰ কাষলৈ নোযোৱাৰ সিদ্ধান্ত লৈছিল। কিয়নো মাৰ খবৰ ল’বলৈ যোৱাৰ অৰ্থই হৈছে আমাৰ পৰিয়ালৰ সদস্যসকলৰ লগতে ওচৰ-চুবুৰীয়াসকললৈ বিপদ মাতি অনা। তথাপি দেউতাই এবাৰ মাক চাই আহিছিল। মই মোৰ ৭৫ বছৰীয়া দেউতালৈ মাস্ক আৰু পিপিই কিট পঠিয়াই দিছিলো।’-ৱেবে কয়।

ফোনেৰেই চলিছিল যোগাযোগ

দেউতাক চিকিৎসালয়লৈ যোৱাৰ সময়ত হোৱাটছএপযোগে মাকৰ সৈতে কথা পাতিছিল বুলিও জনাইছে ৱেবে। কিন্তু লাহে লাহে মাকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰিছিল। চিকিৎসকসকলে চেষ্টা অব্যাহত ৰাখিছিল যদিও সুস্থ হৈ উঠাৰ সম্ভাৱনা কম দেখিছিল। শৰীৰ ইমানেই দুৰ্বল হৈ পৰিছিল যে ফোনো ৰিচিভ কৰিব নোৱৰা হৈ পৰিছিল।

ফোন ৰিচিভ কৰিব নোৱৰা হোৱাৰ সময়তে এদিন চিকিৎসালয় কৰ্তৃপক্ষই ৱেবৰ মাতৃক সন্দেহযুক্ত কৰ’না ৰোগী বুলি ধাৰণা কৰি আন এটা কোঠালৈ লৈ যায়। তেনে সময়ত কৰ্তব্যৰত নাৰ্ছৰ জৰিয়তেই মাতৃৰ সৈতে ফোনযোগে যোগাযোগ অব্যাহত ৰাখিছিল ৱেব আৰু তেওঁৰ পৰিয়ালৰ আনসকল সদস্যই।

সমস্যা জটিল হৈ পৰাৰ মাজতে এদিন অসাৱধানবশতঃ মাকৰ ফোনটো হাস্পতালৰ মজিয়াত পৰি ভাগি থাকে। তেতিয়া ৱেব আৰু তেওঁৰ ভাতৃয়ে নতুন ফোন এটা হাস্পতালৰ কৰ্মচাৰীৰ জৰিয়তে মাকক দিয়াৰ ব্যৱস্থা কৰে। ফোনটোত ৱেবৰ ভাতৃয়ে স্কাইপ আৰু এয়াৰড্ৰইড নামৰ এপ দুবিধ ইনষ্টল কৰি দিয়ে।

স্কাইপ এপত থকা অটো এনছাৰ ফাংচন আৰু এয়াৰ ড্ৰইড এপৰ সহায়ত আকৌ চিকিৎসাধীন মাকৰ সৈতে সংযুক্ত হ’বলৈ আৰম্ভ কৰে ৱেবে। ফোন কৰিলেই নাৰ্ছে ফোনটো ধৰি থাকিছিল আৰু মাকক দেখুৱাইছিল। মাকে অস্ফুট স্বৰেৰে কথা পাতিছিল পুত্ৰ ৱেবৰ সৈতে। নাৰ্ছৰ অসুবিধা নহ’বৰ বাবে ট্ৰাইপড এডালো অৰ্ডাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ যো-জা চলাইছিল ৱেবে। কিন্তু ট্ৰাইপডডাল যিদিনা আহি পাইছিল সেইদিনাখনেই সম্পন্ন হৈছিল ৱেবৰ মাতৃৰ শেষকৃত্য।

ভিডিঅ' কলত শেষ বিদায়

মাতৃক অনলাইনযোগে শেষ বিদায় জনোৱা সেই ক্ষণৰ অনুভৱ স্মৰণ কৰি ৱেবে কৈছে, 'স্কাইপৰ ভিডিঅ’ কলত মায়ে মোক, ভাইটি, মোৰ আমেৰিকাত থকা ৬ বছৰীয়া কণমানি ছোৱালীজনীক বিদায় জনাইছিল। এই কৰ’না কালত আধুনিক প্ৰযুক্তি অবিহনে মাৰ সৈতে অন্তিম ক্ষণত এনেদৰে সংযুক্ত হোৱাতো আমাৰ পক্ষে সম্ভৱ নহ’লহেতেন।’

'কৰ’না ভাইৰাছে আমাক এনেদৰেই নতুন নতুন উপায় বাছি ল’বলৈ বাধ্য কৰি তুলিছে। এনেকৈ এতিয়া আমি কঠিন সময়তো নিজৰ আপোনজন আৰু পৰিয়ালৰ সৈতে একেলগে থকাৰ অনুভৱ কৰিব পাৰিছো। মোৰ দেউতাই ফোনতে যোৱা ৫০ বছৰ ধৰি একেলগে থকা পত্নীক শেষ বিদায় জনাইছিল, কিন্তু মা থকা হাস্পতালৰ পৰা দেউতা আছিল মাত্ৰ ৩০ কিলোমিটাৰ দূৰত।’-ৱেবে কয়।

এনেকৈয়ে মাকৰ অন্তিম মুহূৰ্তলৈকে ভিডিঅ’ কলযোগে সংযুক্ত হৈ আছিল সাংবাদিক পুত্ৰ ৱেব। অৱশেষত ভিডিঅ’ কল চলি থাকোতেই চিৰদিনৰ বাবে চিকিৎসালয়ৰ বিছনাত শুই পৰিছিল ৱেবৰ মাতৃ। ইয়াৰ পিছত মাস্ক পিন্ধি দেউতাক আৰু ভাতৃয়ে ভাগ লৈছিল শেষকৃত্য অনুষ্ঠানত। মাত্ৰ ১০ মিনিটৰ শেষকৃত্য অনুষ্ঠান কৰ্তব্যস্থলীৰ পৰাই ভিডিঅ’ কলযোগে প্ৰত্যক্ষ কৰিছিল ৱেবে।

'ব্ৰিটেইনত অন্তিম সংস্কাৰত মাত্ৰ ১০ জন লোকক ভাগ ল’বলৈহে অনুমতি দিছে। সেয়ে পৰিয়ালৰ মাত্ৰ কেইজনমান সদস্যইহে ভাগ লৈছিল। যিসকলে এই অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলে তেওঁলোকে চাব পৰাকৈ মই শেষকৃত্যৰ ভিডিঅ’ কল ৰেকৰ্ড কৰিছিলো।’-ৱেবে কয়।

শেষকৃত্য সম্পন্ন হোৱাৰ পিছত ভিডিঅ’টো মাকৰ ভাল দিনৰ ফটোৰ সৈতে মিলাই এডিট কৰিছিল। তেনেতে তেওঁৰ উপলব্ধি কৰিছিল যে ইমান সময়ে যি অনুভৱ মনলৈ অহা নাছিল সেই অনুভৱে লাহে লাহে তেওঁৰ বুকুখনত খুন্দা মাৰি ধৰিছিল। 'মাৰ সৈতে অনলাইনযোগে কাষত থাকি সঁচাকৈয়ে কাষত থকা যেন লাগিছিল। এনে লাগিছিল যে মা এতিয়াও জীয়াই আছে আৰু মই ঘৰলৈ গ’লে মোৰ কপালত চুমা আকি দিব। কিন্তু ভিডিঅ’টো এডিট কৰি শেষ হোৱাৰ পিছত মোৰ চকুৰে চকুলো বৈছিল। মাক চিৰদিনৰ বাবে হেৰুওৱা দুখে মোক হেঁচা মাৰি ধৰিছিল।’-ৱেৱৰ মন্তব্য।

নিজৰ এই অনুভৱ ব্যক্ত কৰি তেওঁ আৰু কয়, 'যোৱা কেইদিনত মই নিজকে চম্ভালি ৰাখিছো। যদিহে মাক শেষৰ মুহূৰ্তত চাব নাপালোহেতেন তেন্তে মই সঁচাকৈয়ে ভাগি পৰিলোহেতেন। প্ৰযুক্তিৰ বাবে শেষ মুহূৰ্তলৈকে মাৰ সৈতে কটালো। আশা কৰিছো এনে কঠিন পৰিস্থিতিত মই যিদৰে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিলো তেনেদৰে প্ৰয়োজনত আন কোনো লোকেও সেয়া ব্যৱহাৰ কৰি আপোনজনৰ সৈতে কাষতে থকাৰ অনুভৱ ল’বলৈ সমৰ্থ হ’ব।’


♦ ফটোৰ উৎসঃ বিবিচি হিন্দী